প্ৰতিৰক্ষা মন্ত্ৰালয়
সাগৰত আৱদ্ধ মাছমৰীয়াসকলক ভাৰতীয় নৌ যুঁজাৰুবাহিনীৰ সাহায্য প্ৰদান
পোষ্ট কৰা হৈছে:
02 APR 2020 6:32PM by PIB Guwahati
কোচিৰ ছাউথাৰ্ণ নেভেল কমাণ্ডৰ অধীনত আইএনএছ নিৰীক্ষক শীৰ্ষক এক ডাইভিং সাহায্য জাহাজে তামিলনাডু মূলৰ ১০জন মাছমৰীয়াক উদ্ধাৰ কৰে যিয়ে মাছ ধৰা নাৱৰ সৈতে ছেণ্ট নিকোলাছলৈ আহিছিল আৰু কোটিৰ তটত ১ এপ্ৰিল ২০২০ তাৰিখৰ পৰা আৱদ্ধ হৈ আছিল৷
১০জনীয়া এই নাওখনত তামিলনাডুৰ ঘৰুৱা বন্দৰ কোলাচেললৈ উভতি অহাৰ বাবে পৰ্যাপ্ত ইন্ধন, পানী আৰু খাদ্য-সামগ্ৰী মজুত নাছিল৷ আইএনএছ নিৰীক্ষকে নাওখনক উভতাই অনাৰ বাবে ৩০০ লিটাৰ ইন্ধন, পানী আৰু আৱশ্যকীয় খাদ্য সামগ্ৰী যোগান ধৰে৷ ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত নাওখনৰ আৰোহীসকলৰ পৰা সামাজিক ব্যৱধানো বৰ্তাই ৰখা হয়৷ জাহাজখনৰ ক্ৰেনৰে ইন্ধন আৰু পানী তথা খাদ্য-সামগ্ৰী স্থানান্তৰিত কৰা হয়৷
ক’ভিড-১৯ৰ সংকটৰ সময়ত নৌসেনাৰ জাহাজ অভিযানত ব্যস্ত আছে আৱণ্টনসমূহ কোনো বন্দৰ স্পৰ্শ নকৰাকৈ পৰিকল্পনা কৰা হৈছে অথবা সাগৰৰ পৰা বন্দৰ পাবলৈ অতি কমেও ১৪ দিনৰ সময় লোৱা হৈছে৷
___________________________________________________________________
SW/VM/MS/MANN
(ৰিলিজ আই ডি : 1610632)
অতিথি কক্ষ : 91