গৃহ মন্ত্ৰালয়
ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ বলবৎ কৰা লকডাউনৰ নিষেধাজ্ঞা কৃষিজাত সামগ্ৰীৰ উৎপাদন, বিপণন, অংগনৱাড়ী কৰ্মী আৰু আয়ুষ সম্পৰ্কীয় বিশেষ সেৱাৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে
प्रविष्टि तिथि:
02 APR 2020 9:40PM by PIB Guwahati
ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে বলবৎ কৰা লকডাউনৰ কঠোৰ নিৰ্দেশনাৰ আওতাৰ পৰা কেতবোৰ বিশেষ সেৱাৰ ক্ষেত্ৰত ৰেহাই দিয়াৰ বাবে জনোৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় গৃহ সচিবে ৰাজ্যসমূহলৈ পত্ৰ প্ৰেৰণ কৰিছে৷ লকডাউনৰ নিষেধাজ্ঞাৰ পৰা গৃহ মন্ত্ৰালয়ে ৰেহাই দিয়া সেৱাসমূহ হৈছে-
● কৃষিজাত সামগ্ৰীৰ প্ৰত্যক্ষ বিপণন,
● অংগনৱাড়ী কৰ্মীৰ দ্বাৰা শিশু, মহিলা, প্ৰসূতি মাতৃক খাদ্য আৰু পুষ্টি যোগান,
● আয়ুষৰ অধীনত চিকিৎসা সেৱা আৰু ঔষধ প্ৰস্তুত কৰা ইত্যাদি৷
ৰাজ্যসমুহৰ ক্ষেত্ৰত ৰেহাই দিয়া বিশেষ সেৱাসমুহৰ বিষয়ে সবিশেষ জানিবলৈ এই লিংকত ক্লিক কৰক।
*****
VG/SNC/VM/DB
(रिलीज़ आईडी: 1610560)
आगंतुक पटल : 108