প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জাৰ্মানীৰ চেঞ্চেলৰ আৰু প্ৰধানমন্ত্ৰীৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 02 APR 2020 8:03PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাৰ্মানীৰ চেঞ্চেলৰ ড এঞ্জেলা মাৰ্কেলৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷

দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে আৰু স্বাস্থ্য সংকটৰ পৰা উদ্ধাৰ পাবলৈ আন্তৰ্জাতিক সহযোগিতা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে৷

তেওঁলোকে মহামাৰীবিধৰ বাবে প্ৰয়োজনীয় চিকিৎসা সঁজুলি আৰু পৰ্যাপ্ত পৰিমাণৰ ঔষধৰ উপলব্ধতা সন্দৰ্ভত মত বিনিময় কৰে আৰু এই ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণৰ বাবে সহমত হয়৷

প্ৰধানমন্ত্ৰীয়ে চেঞ্চেলৰগৰাকীক ভাৰতীয় সৰল যোগাভ্যাস আৰু বিশ্বৰ জনসাধাৰণৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধিৰ বাবে আয়ুৰ্বেদিক ঔষধৰ বিষয়ে উল্লেখ কৰে৷ চেঞ্চেলৰগৰাকীয়ে এনেধৰণৰ উপায়ৰ জৰিয়তে লক্-ডাউনৰ সময়ছোৱাত জনসাধাৰণৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্য বৰ্তাই ৰখাত সহায়ক হ’ব বুলি মন্তব্য প্ৰদান কৰে৷

***

VRRK/KP/MANN



(Release ID: 1610545) Visitor Counter : 160