ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়

আৰোগ্য সেতুঃ এখন বহুমুখী সেতু

Posted On: 02 APR 2020 4:21PM by PIB Guwahati

ভিড-১৯ৰ বিৰুদ্ধে এক দৃঢ়বদ্ধ যুঁজৰ বাবে দেশৰ নাগৰিকক ঐক্যবদ্ধ কৰিবলৈ ভাৰত চৰকাৰে আজি চৰকাৰী আৰু ব্যক্তিগত অংশীদাৰিত্বত এটা মোবাইল এপ মুকলি কৰে৷ আৰোগ্য সেতুনামৰ এপটোৱে ডিজিটেল ইণ্ডিয়া অভিযানৰ মাধ্যমেৰে প্ৰতিগৰাকী ভাৰতীয়ৰ সুস্বাস্থ্য আৰু কল্যাণৰ হেতু কাম কৰিব৷ ইয়ে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা আতৰি থকাৰ ক্ষেত্ৰত জনসাধাৰণক সহায় কৰিব৷ এপছটোৱে আন ব্যক্তিৰ সৈতে জনসাধাৰণৰ মতবিনিময়ৰ ওপৰত ভিত্তি কৰি ব্লুটুথ প্ৰযুক্তি, গাণিতিক পৰিভাষা আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰেৰে সংক্ৰমণৰ আশংকা নিৰূপণ কৰিব৷ 
এক সহজ আৰু ব্যৱহাৰ-অনুকুল প্ৰক্ৰিয়াৰে স্মাৰ্ট ফোনত এবাৰ ইয়াক ইনষ্টল কৰাৰ পিছত, এপটোৱে আৰোগ্যসেতু ইনষ্টল হৈ থকা নিকটৱৰ্তী ডিভাইচ চিনাক্ত কৰিব৷ তেতিয়া এপটোৱে এক বিশেষ পেৰামিটাৰৰ ওপৰত ভিত্তি কৰি সংক্ৰমণৰ আশংকা গণনা কৰিব, যদিহে এই ডিভাইচ ব্যৱহাৰকাৰীৰ কোনোবা পজিটিভ ৰোগী আছে৷
সময়মতে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ ক্ষেত্ৰত এপটোৱে চৰকাৰক সহায় কৰিব আৰু প্ৰয়োজনীয় আইছলেচনৰ বিষয়ে সদৰি কৰিব৷

এপটোৰ ডিজাইনে ব্যক্তিগত গোপনীয়তা নিশ্চিত কৰিছে৷ এপটোৱে সংগ্ৰহ কৰা ব্যক্তিগত তথ্যসমূহ অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত নিৰাপদ আৰু সম্পূৰ্ণ গোপনে ৰখা হব৷

১১টা ভাষাত এপটো উপলব্ধ হৈছে৷ এপটো হল দেশৰ যুৱ প্ৰতিভাসমূহ ঐকব্যদ্ধভাৱে আগুৱাই অহাৰ এক অনন্য উদাহৰণ৷ ই ৰাজহুৱা আৰু ব্যক্তিগত খণ্ড, ডিজিটেল প্ৰযুক্তি আৰু স্বাস্থ্য সেৱা খণ্ড, উদীয়মান ভাৰতৰ সম্ভাৱনীয়তাক একেখন মঞ্চত সাঙুৰি লৈছে৷

মই সুৰক্ষিত৷ আমি সুৰক্ষিত৷ ভাৰত সুৰক্ষিত৷

********

RJ/RP/MS



(Release ID: 1610450) Visitor Counter : 301