পৰ্যটন মন্ত্ৰালয়

পৰ্যটন মন্ত্ৰালয়ে বিগত দুদিনত ‘ভাৰতত আৱদ্ধ’ শীৰ্ষক পৰ্টেলযোগে বিদেশী পৰ্যটকক সহায় সম্পৰ্কীয় পাঁচ শতাধিক প্ৰশ্ন/অনুৰোধ লাভ কৰিছে

Posted On: 02 APR 2020 4:24PM by PIB Guwahati

ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে ৩১ মাৰ্চ, ২০২০ত আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলৰ বাবে ‘ভাৰতত আৱদ্ধ’ শীৰ্ষক এটা প’ৰ্টেল শুভাৰম্ভ কৰিছে৷ প্ৰথম দুদিনতে এই পৰ্টেলত সহায়ৰ বাবে পাঁচ শতাধিক প্ৰশ্নাৱলী তথা অনুৰোধ লাভ কৰিছে মন্ত্ৰালয়ে৷ এই প্ৰশ্নাৱলীৰ ভিত্তিত পৰ্যটকসকলক সহায়ৰ বাবে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী আৰু ৰাজ্যিক বিষয়াবৰ্গৰ সৈতে যোগসুত্ৰ স্থাপনেৰে যুটীয়া প্ৰচেষ্টা গ্ৰহণ কৰিছে৷ মন্ত্ৰালয়ে অতিথিসকলে সন্মুখীন হোৱা সমস্যাৱলীৰ সন্দৰ্ভত সংশ্লিষ্ট ৰাষ্ট্ৰদুতৰ কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰিছে৷

 

বিদেশী পৰ্যটকসকলৰ পৰা পোৱা অধিকাংশ অনুৰোধৰ ভিতৰত তেওঁলোকৰ স্বদেশলৈ ঘুৰি চাবলৈ বিচৰা তথ্যৰ লগতে তেওঁলোকে ঘুৰি যাব নোৱাৰি যিহেতু ভাৰততে থাকিবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত ভিছাৰ ম্যাদ বৃদ্ধি কৰিব বিচৰা পৰিলক্ষিত হৈছে৷

পৰ্যটকসকলে ভাৰতৰ ভিতৰতে ভ্ৰমণ কৰিব নোৱাৰা অৱস্থাৰ বাবে দেশত লকডাউন শিথিল হ’লেই বিমান চলাচল কৰিবলগীয়া দিল্লী আৰু মুম্বাইৰ দৰে মেট্ৰ’ চহৰলৈ যোৱাটো সমস্যাৰ সন্মুখীন হৈছে৷

পৰ্যটন মন্ত্ৰালয়ে এই সমস্যা সমাধানৰ বাবে ৰাজ্যিক বিষয়াবৰ্গৰ সৈতে সক্ৰিয়ভাৱে কাম কৰি আছে৷ জ্যেষ্ঠ বিদেশী পৰ্যটকসকলক জৰুৰীভাৱে খাদ্য, ঔষধ আৰু অন্যান্য সা-সুবিধা প্ৰদান কৰি থকা হৈছে৷

মন্ত্ৰালয়ৰ হোটেল আৰু ৰেষ্টুৰেণ্ট শাখাই অতিথিসকল থকা একাধিক হোটেলৰ সৈতে ধাৰাবাহিকভাৱে যোগাযোগ কৰি আছে৷ তদুপৰি, এই সময়ছোৱাত কোনো অতিথিয়ে সমস্যাৰ সন্মুখীন হ’লে, তেতিয়া সংশ্লিষ্ট দেশৰ ৰাষ্ট্ৰদূতৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰা হৈছে৷ হোটেলসমূহক প্ৰ’টকল মানি চলাৰ লগতে সেই অতিথিসকল ঘুৰি যোৱালৈকে সংশ্লিষ্ট দেশৰ ৰাষ্ট্ৰদূতৰ কাৰ্যালয়ে কৰা ব্যৱস্থাৰ প্ৰতি সমৰ্থন জনাবলৈ কোৱা হৈছে৷

এই সমস্যাৱলী নিৰ্দিষ্ট সময়ত সমাধান কৰাৰ বাবে পৰ্যটন মন্ত্ৰালয়ে কেন্দ্ৰীয়, আঞ্চলিক পৰ্যায়ৰ লগতে ৰাজ্যিক পৰ্যটন বিভাগৰ বিষয়া-কৰ্মচাৰীক প্ৰতিনিধি হিচাপে লৈ এক টাস্ক ফৰ্চ গঠন কৰিছে৷ এই গোটটোৱে হোৱাটছএপ, ই-মেইল আৰু টেলিফোনযোগে সুকলমে তথ্য লাভ কৰাটো সুনিশ্চিত কৰাৰ লগতে দ্ৰুতগতিত সমস্যা সমাধানৰ দিশত কাম কৰি আছে৷ মন্ত্ৰালয়ৰ ২৪ ঘণ্টীয়া ১৩৬৩ শীৰ্ষক হেল্পলাইন নম্বৰৰ জৰিয়তে পৰ্যটকক শুদ্ধ আৰু শেহতীয়া তথ্য প্ৰদান কৰা হৈছে৷

সবিশেষ জানিবলৈ strandedinindia.com অথবা incredibleindia.org চাব পাৰিব৷

 

*******

NB/AKJ/OA/DB



(Release ID: 1610386) Visitor Counter : 109