ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
ড০ জিতেন্দ্ৰ সিঙৰদ্বাৰা দেশৰ ৪১০ খন জিলাত সম্পাদিত হোৱা ৰাষ্ট্ৰীয় কৰ’না সমীক্ষাৰ প্ৰতিবেদন উন্মোচন
Posted On:
02 APR 2020 3:17PM by PIB Guwahati
কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেন্সন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে “ক’ভিড-১৯ ৰ ওপৰত ৰাষ্ট্ৰীয় প্ৰস্তুতি সমীক্ষা - জিলাধিপতি আৰু ভাৰতীয় প্ৰশাসনিক বিষয়া (২০১৪-২০১৮)ৰ সঁহাৰি” শীৰ্ষক প্ৰতিবেদনখন উন্মোচন কৰে। এই প্ৰতিবেদন https://darpg.gov.in ত উপলব্ধ কৰা হৈছে।
স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতে সন্মুখীৱ হোৱা স্বাস্থ্য বিষয়ক জটিল পৰিস্থিতি ক’ভিড-১৯ ৰে মোকাবিলা কৰিবলৈ প্ৰশাসন কেনেকৈ সাজু হৈছে তাৰে ৰাষ্ট্ৰীয় প্ৰস্তুতিৰ বৃহঙ্গম দৃষ্টিৰে কৰা সমীক্ষা তিনিটা কৰ্মদিনৰ ভিতৰত দেশৰ ৪১০ খন জিলাত সম্পাদিত হৈছিল।
এই ৰাষ্ট্ৰীয় প্ৰস্তুতি সমীক্ষাৰ লক্ষ্যঃ
- ৰাজ্যসমূহৰ মাজত ক’ভিড-১৯ ৰে মোকাবিলা কৰিবলৈ প্ৰশাসন কেনেকৈ সাজু হৈছে তাৰ তুলনামূলক বিশ্লেষণ;
- ক’ভিড-১৯ ৰে মোকাবিলা কৰিবলৈ প্ৰশাসন সাজু হোৱাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিবলগীয়া ক্ষেত্ৰসমূহ বিচাৰি উলিওৱা;
- প্ৰতিষ্ঠান, চিকিৎসালয়, সামগ্ৰীৰ যোগান আদি সাজু কৰি তোলা;
- ভাৰতৰ জিলাসমূহত ক’ভিড-১৯ ৰে মোকাবিলা কৰিবলৈ প্ৰয়োজনীয় ব্যৱস্থা আৰু প্ৰক্ৰিয়াসমূহত থকা অসুবিধাসমূহ বিচাৰি উলিওৱা
ক’ভিড-১৯ ৰ ওপৰত ৰাষ্ট্ৰীয় প্ৰস্তুতি সমীক্ষা দেশৰ প্ৰতিখন জিলাতে কৰা হৈছিল আৰু ৪১০ জন প্ৰশাসনিক বিষয়াৰ ক্ষেত্ৰভিত্তিক নেতৃত্ব সম্পৰ্কত সঁহাৰি পোৱা গ’ল। ভাৰত চৰকাৰক সহকাৰী সচিৱৰূপে সেৱা আগবঢ়াই থকা জিলাধিপতি আৰু ভাৰতীয় প্ৰশাসনিক বিষয়া (২০১৪-২০১৮বৰ্ষৰ) সকলে এই সমীক্ষাত অংশ গ্ৰহণ কৰিলে। ২৫ মাৰ্চ ২০২০ত আৰম্ভ কৰা এই সমীক্ষা তিনিটা কৰ্মদিনত সম্পাদিত কৰা হ’ল।
অনুষ্ঠানত ভাষণ দি ড০ জিতেন্দ্ৰ সিঙে কয় যে প্ৰধানমন্ত্ৰীয়ে ১৯ মাৰ্চ ২০২০ আৰু ২৪ মাৰ্চ ২০২০ তাৰিখে দেশৰ জনতাক এই ভাইৰাছৰ বিৰুদ্ধে সমস্ত শক্তিৰে যুঁজিবলৈ আহ্বান জনাইছিল। সমগ্ৰ দেশৰ প্ৰশাসনিক বিষয়া, আৰক্ষী, চিকিৎসক, নাৰ্চ, স্বাস্থ্যকৰ্মীকে ধৰি সকলো জনতাই ২২ মাৰ্চ ২০২০ তাৰিখৰ পৰা আজিলৈকে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই আছে।
ড০ জিতেন্দ্ৰ সিঙে কয় যে ভাৰতে ক’ভিড-১৯ ৰে মোকাবিলা কৰিবলৈ সাজু হোৱাৰ প্ৰক্ৰিয়া অতি যুক্তিসঙ্গত, লক্ষ্যৰ প্ৰতি স্থিৰ আৰু দৃঢ়। ৰাষ্ট্ৰ, ৰাজ্য আৰু জিলা পৰ্যায়ৰ পাৰস্পৰিক সহযোগিতাই আমাক এই মহামাৰী প্ৰতিহত কৰাত সহায় কৰিব। তেওঁ লগতে কয় যে এই সমীক্ষাই উনুকিয়াই দিয়া জনতা সান্ধ্যআইন, ৰাষ্ট্ৰীয় লকডাউন, ১.৭ বিলিয়নৰ অৰ্থসাহাৰ্য, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ঘোষণা আদিয়ে আশাতীত সঁহাৰি লাভ কৰিছে।
ৰাষ্ট্ৰীয় লকডাউন সফল কৰি তোলাৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ প্ৰশাসনিক বিষয়া, আৰক্ষী, চিকিৎসক, নাৰ্চ, স্বাস্থ্য বিশেষজ্ঞ আৰু কৰ্মীসকলৰ ভূমিকাৰ কথা তেঁও কৃতজ্ঞতাৰে উল্লেখ কৰে। তেওঁ কয় যে ভাৰতৰ জনতা দায়িত্বশীল আৰু সফলতাৰে ক’ভিড-১৯ ৰে মোকাবিলা কৰিব।
ড০ জিতেন্দ্ৰ সিঙে কয় যে এই সমীক্ষাই পিছলৈও দেশত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত নীতি নিৰ্দ্ধাৰণৰ দিশত বেঞ্চমাৰ্ক হিচাপে কাম কৰিব। ড০ জিতেন্দ্ৰ সিঙে এনে জটিল সময়ত প্ৰধানমন্ত্ৰীক তেওঁৰ দায়িত্বশীল নেতৃত্বৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
ডি এ আৰ পি জিৰ সচিৱ ড০ ক্ষত্ৰপতি শিৱাজী, অতিৰিক্ত সচিৱ ভি শ্ৰীনিৱাস, যুটীয়া সচিৱ শ্ৰীমতী জয়া ডুবে আৰু এন বি এচ ৰাজপুতৰ লগতে বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে ভিডিঅ’ কনফাৰেন্সযোগে অনুষ্ঠিত এই প্ৰতিবেদন উন্মোচনৰ সভাত অংশ গ্ৰহণ কৰে।
<><><><><>
VG/SNC/PRK
(Release ID: 1610374)