গৃহ মন্ত্ৰালয়

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰণয়ন কৰা লক্-ডাউন উলংঘা কৰাৰ শাস্তিমূলক ব্যৱস্থা ৰাজহুৱাভাৱে প্ৰচাৰ কৰিবলৈ ৰাজ্যসমূহলৈ আহ্বান গৃহ মন্ত্ৰালয়ৰ

লক্-ডাউন উলংঘা কৰাসকলৰ বিৰুদ্ধে প্ৰাধিকৰণে গ্ৰহণ কৰিব কঠোৰ ব্যৱস্থাঃ ৰাজ্যসমূহলৈ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ

Posted On: 02 APR 2020 4:29PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে দেশত ক’ভিড-১৯ৰ সংবহন শৃংখলা ভংগ কৰিবলৈ ভাৰত চৰকাৰৰ মন্ত্ৰালয়/বিভাগ আৰু ৰাজ্য চৰকাৰ/কেন্দ্ৰশাসিত অঞ্চল/প্ৰশাসনৰ দ্বাৰা গ্ৰহণ কৰা লক্-ডাউনৰ নিৰ্দেশনা জাৰি কৰিছিল৷

গৃহ মন্ত্ৰালয়ে প্ৰত্যেকখন ৰাজ্যলৈ পূৰ্বে এই লক্-ডাউন কঠোৰভাৱে বলৱৎ কৰিবলৈ তথা দুৰ্যোগ প্ৰশমন আইন, ২০০৫ৰ অধীনত ক্ষমতা ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাই পত্ৰ লিখিছিল৷

সেই বাৰ্তা পুনৰ দোহাৰি কেন্দ্ৰীয় গৃহ সচিব শ্ৰী অজয় কুমাৰ ভাল্লাই সকলো ৰাজ্যলৈ লক্-ডাউন উলংঘা কৰাৰ পৰিপ্ৰেক্ষিতত ডিএম আইন আৰু আইপিচিৰ অধীনত থকা শাস্তিমূলক ব্যৱস্থাসমূহ প্ৰাধিকৰণ আৰু জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ আহ্বান জনাইছে৷ পত্ৰখনত লক্-ডাউন উলংঘা কৰা সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ গুৰুত্ব প্ৰদান কৰা হৈছে৷

ৰাজ্যসমূহৰ সৈতে হোৱা যোগাযোসমূহ চাবলৈ ইয়াত ক্লিক কৰক

শাস্তিমূলক ব্যৱস্থাসমূহৰ বিষয়ে জানিবলৈ ইয়াত ক্লিক কৰক

 

 

*****

VG/SNC/VM/MANN



(Release ID: 1610339) Visitor Counter : 101