ভাৰতীয় নিৰ্বাচন আয়োগ

নিৰ্বাচনী ব্যৱস্থাপনাৰ বিভিন্ন দিশক লৈ ভাৰতৰ নিৰ্বাচন আয়োগে গঠন কৰা কৰ্মী গোটৰ মুল পৰামৰ্শৱলীৰ সন্দৰ্ভত মন্তব্য/পৰামৰ্শৱলী প্ৰদানৰ সময়সীমা বৃদ্ধি

পোষ্ট কৰা হৈছে: 02 APR 2020 1:39PM by PIB Guwahati

ভাৰতৰ নিৰ্বাচন আয়োগে ৭ মাৰ্চ, ২০২০ত নিৰ্বাচনী ব্যৱস্থাপনাৰ বিভিন্ন দিশক লৈ গঠন কৰা কৰ্মী গোটৰ মুল পৰামৰ্শৱলীৰ সন্দৰ্ভত নাগৰিক আৰু অংশীদাৰসকলৰ পৰা ৩১ মাৰ্চৰ ভিতৰত মন্তব্য/পৰামৰ্শৱলী প্ৰদানৰ আহ্বান জনাইছিল৷

দেশত ক’ভিড-১৯ৰ সংক্ৰমণ ৰুধিবলৈ বলব কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে একাংশ লোকে এই সময়সীমা বৃদ্ধিৰ আহ্বান জনাই আহিছে৷ আয়োগে বিষয়টো বিবেচনা কৰি অহা ৩০ এপ্ৰিল, ২০২০লৈ মন্তব্য প্ৰদানৰ সময়সীমা বৃদ্ধি কৰিছে৷

Click here to see the link

****

SBS/DB


(ৰিলিজ আই ডি : 1610271) অতিথি কক্ষ : 89