প্ৰতিৰক্ষা মন্ত্ৰালয়
ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ জড়িত কৰিব প্ৰাক্তন কৰ্মচাৰীসকলক
‘নিজতকৈ সেৱা আগত’ শীৰ্ষক মুলমন্ত্ৰৰে উঠিপৰি লাগিব প্ৰাক্তন কৰ্মী
प्रविष्टि तिथि:
02 APR 2020 10:25AM by PIB Guwahati
ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে দেশে ধাৰাবাহিকভাৱে যুঁজ দি অহাৰ সমান্তৰালভাৱে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰাক্তন কৰ্মচাৰী কল্যান বিভাগে প্ৰাক্তন কৰ্মচাৰীসকলক প্ৰয়োজন অনুসৰি ৰাজ্য আৰু জিলা প্ৰশাসনৰ অমুল্য মানৱ সম্পদৰ সংবৰ্ধনৰ কামত জড়িত কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিছে৷
ৰাজ্যিক সৈনিক বোৰ্ড, জিলা সৈনিক বোৰ্ডে ৰাজ্য আৰু জিলা প্ৰশাসনক সহায় কৰা লক্ষ্যৰে পাব্লিক আউটৰীচ্চ কাম-কাম, যেনে-চিনাক্তকৰণ, সামূহিক নিৰীক্ষণ, কোৱাৰেণ্টাইনৰ সুবিধা ইত্যাদি কামৰ ক্ষেত্ৰত অধিক পৰিমানে প্ৰাক্তন কৰ্মচাৰী নিয়োগ কৰি এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷
উল্লেখ্য যে সমগ্ৰ দেশৰ প্ৰাক্তন কৰ্মচাৰীসকলে ‘নিজতকৈ সেৱা আগত’ শীৰ্ষক মুলমন্ত্ৰৰে দেশৰ আহ্বানক্ৰমে এই ব্যতিক্ৰমী প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজিবলৈ উঠিপৰি লাগিছে৷
প্ৰাক্তন কৰ্মচাৰীসকলে এই দুৰ্যোগপূৰ্ণ পৰিৱশত কাম কৰাৰ বাবে নিয়মানুৱৰ্তী, প্ৰেৰণাদায়ক আৰু সুপ্ৰশিক্ষিত হোৱাৰ লগতে তেওঁলোকে সমগ্ৰ দেশৰ সকলো জিলা আৰু গাঁৱতে উপলব্ধ হ’ব পাৰে৷
সেই হিচাপে পাঞ্জাৱত ৪,২০০ প্ৰাক্তন কৰ্মচাৰীৰে গঠিত ‘চৰকাৰৰ অভিভাৱক’ শীৰ্ষক এটা সংস্থাই সকলো গাঁৱত তথ্য সংগ্ৰহত সহায় কৰিছে৷ চত্তীশগড় চৰকাৰে আৰক্ষীক সহায় কৰাৰ বাবে প্ৰাক্তন কৰ্মচাৰীক নিয়োগ কৰিছে৷ একেদৰে অন্ধ্ৰপ্ৰদেশৰ সকলো উপাযুক্তই প্ৰাক্তন কৰ্মচাৰীসকলক স্বেচ্ছামুলক কামৰ বাবে আহ্বান জনাইছে৷ উত্তৰপ্ৰদেশত সকলো জিলা সৈনিক কল্যান অধিকাৰীয়ে জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ ৰক্ষা কৰি থকাৰ লগতে অৱসৰপ্ৰাপ্ত সেনা চিকিৎসকসকলক সাজু কৰি ৰখা হৈছে৷ তদুপৰি, উত্তৰাখণ্ডত সৈনিক জিৰণি গৃহসমূহ আছুতীয়া তথা কোৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে সাজু কৰা হৈছে৷ গোৱাত নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে আৰু প্ৰাক্তন কৰ্মচাৰীসকলক স্থানীয় প্ৰশাসনৰ প্ৰয়োজনমতে যিকোনো সহায় কৰিবলৈ আহ্বান জনোৱা হৈছে৷
***
ABB/SS/Nampi/KA/DK/Savvy/ADA/DB
(रिलीज़ आईडी: 1610216)
आगंतुक पटल : 149