তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
পিআইবিৰ ক’ভিড-১৯ ফেক্ট চেক ইউনিট গঠন
নিতৌ সন্ধিয়া ৮ বজাত প্ৰচাৰিত হ’ব ব্যুৰ’ৰ ক’ভিড বুলেটিন
Posted On:
01 APR 2020 10:12PM by PIB Guwahati
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত প্ৰেছ ইনফ’ৰ্মেছন ব্যুৰ’ই ‘ক’ভিড-১৯ ফেক্ট চেক’ শীৰ্ষক এক প’ৰ্টেল মুকলি কৰিছে য’ত ইমেইল যোগে বাৰ্তা লাভ হ’ব আৰু ইয়াৰ উত্তৰ তাৎক্ষণিকভাৱে প্ৰদান কৰা হ’ব৷ প্ৰেছ ইনফ’ৰ্মেছন ব্যুৰ’ই প্ৰতিদিনে সন্ধিয়া ৮ বজাত এখন বুলেটিন প্ৰস্তুত কৰিব য’ত ক’ভিড-১৯ সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে উল্লেখ থাকিব৷ প্ৰথম বুলেটিনখন আজি সন্ধিয়া ৬.৩০ বজাত মুকলি কৰা হয়৷
স্বাস্থ্য মন্ত্ৰালয়ে এইমছ আদিকে ধৰি বিভিন্ন প্ৰতিষ্ঠানৰ পেছাদাৰী লোকসকলৰ সৈতে এটা কাৰিকৰী দল গঠন কৰিছে যিয়ে ক’ভিড-১৯ সন্দৰ্ভত সাধাৰণ লোকৰ মনত উদয় হোৱা যিকোনো কাৰিকৰী জিজ্ঞাসাৰ সমাধান দিব৷ প্ৰব্ৰজনকাৰীসকলৰ মানসিক অৱস্থাৰ সৈতে মোকাবিলা কৰিবলৈ স্বাস্থ্য বিভাগে এক বিশদ নিৰ্দেশাৱলীও প্ৰস্তুত কৰিছে৷
কেবিনেট সচিবে আজি সকলো ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা এক পত্ৰত ক’ভিড-১৯ৰ ব্যৱস্থাপনাৰ বিভিন্ন দিশ সামৰি দুৰ্যোগ প্ৰশমন আইনৰ অধীনত ১১টা ‘এম্পাৱাৰ্ড গ্ৰুপ’ গঠন কৰা বুলি অৱগত কৰিছে আৰু ৰাজ্যিক পৰ্যায়তো সদৃশ ব্যৱস্থাপনা গঠন কৰিবলৈ অনুৰোধ জনাইছে৷ ৰাজ্য চৰকাৰসমূহক এই প্ৰব্ৰজিত লোকসকলৰ বাবে গ্ৰহণ কৰা কল্যাণমূলক কাৰ্যাৱলী নিৰীক্ষণ কৰিবলৈ স্বেচ্ছাসেৱীক জড়িত কৰোৱাবলৈ অনুৰোধ জনোৱা হৈছে৷
****
SS/MANN
(Release ID: 1610128)
Visitor Counter : 99