প্ৰতিৰক্ষা মন্ত্ৰালয়

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰচেষ্টাৱলীৰ পৰ্যালোচনা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

অসামৰিক অনুষ্ঠান-প্ৰতিষ্ঠানক সহায়ৰ ক্ষেত্ৰত দুগুন প্ৰচেষ্টা ল’বলৈ সকলো সংস্থাক নিৰ্দেশ

प्रविष्टि तिथि: 01 APR 2020 3:25PM by PIB Guwahati

ক’ভিড-১৯ৰ বিৰু্দ্ধে যুঁজত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিভিন্ন সংস্থাই আগবঢ়োৱা সহায়ৰ সন্দৰ্ভত ভিডিঅ’ কনফাৰেন্সযোগে আজি এক পৰ্যালোচনা বৈঠকত মিলিত হয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে৷ প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নাইক, চীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট, নৌসেনা মুৰব্বী এডমাইৰেল কৰমবীৰ সিং, বায়ু সেনাৰ মুৰব্বী এয়াৰ মাৰ্শ্বাল আৰ কে এছ ভাদৌৰিয়া, স্থল সেনাৰ মুৰব্বী জেনেৰেল এম এম নাৰাভানে, প্ৰতিৰক্ষা সচিব ড০ অজয় কুমাৰ, সচিব(প্ৰতিৰক্ষা সামগ্ৰী উপাদন) ৰাজ কুমাৰ, সচিব (প্ৰাক্তন কৰ্মচাৰী কল্যান) শ্ৰীমতী সঞ্জীৱনী কুট্টি, সচিব (প্ৰতিৰক্ষা বিত্ত) শ্ৰীমতী গাৰ্গী ক’ল, প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন বিভাগৰ সচিব তথা ডিআৰডিঅ’ অধ্যক্ষ ড০ জি সতীশ ৰেড্ডি, সেনা বাহিনীৰ চিকিসা সেৱা সঞ্চালক প্ৰধান(এএফএমএছ) লেফটেনেণ্ট জেনেৰেল অনুপ বেনাৰ্জী, ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ সঞ্চালক প্ৰধান কে নটৰাজন, প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান(ডিপিএছইউ)ৰ মুৰব্বীসকলৰ লগতে অসামৰিক আৰু সামৰিক খণ্ডৰ একাংশ জ্যেষ্ঠ বিষয়াবৰ্গই ভিডিঅ’ কনফাৰেন্সযোগে প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে বৈঠকত অংশগ্ৰহণ কৰে৷

প্ৰতিৰক্ষা মন্ত্ৰীয়ে বিভিন্ন সেৱা, সংস্থা তথা ডিপিএছইউয়ে উদ্ধাৰ, কোৱাৰেণ্টাইন স্বাস্থ্য সেৱাৰ ব্যৱস্থা, গৱেষণা আৰু চিকিসা সামগ্ৰী যেনে-চেনিটাইজাৰ, মাস্ক আৰু ব্যক্তিগত সুৰক্ষা সঁজুলি(পিপিই) উপাদনৰ ক্ষেত্ৰত গ্ৰহণ কৰা প্ৰচেষ্টাৱলীৰ প্ৰশংসা কৰে৷ তেওঁ এই গুৰুত্বপূৰ্ণ সময়ত কেন্দ্ৰীয় চৰকাৰৰ অন্যান্য মন্ত্ৰালয় আৰু সংস্থাৰ সৈতে নিবিড়ভাৱে যোগসুত্ৰ স্থাপন কৰাৰ লগতে আৰু দুগুন প্ৰচেষ্টাৰে কাম কৰি যাবলৈ প্ৰতিৰক্ষা বিভাগৰ সংস্থাসমূহক নিৰ্দেশ দিয়ে৷

 

এই উপলক্ষে চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটে মন্ত্ৰী ৰাজনাথ সিঙক জনায় যে ক’ভিড-১৯ৰ মোকাবিলা কৰিবলৈ ৯,০০০খন বিচনাৰ পৃথক হাস্পতালৰ ব্যৱস্থা কৰাৰ লগতে জয়ছালমেৰ, যোধপুৰ, চেন্নাই, মানেশ্বৰ, হিন্দন আৰু মুম্বাইত ১,০০০ উদ্ধাৰ কৰি অনা লোকক কোৱাৰেণ্টাইন কৰা হৈছে৷ ৭ এপ্ৰিলত তেওঁলোকৰ কোৱাৰেণ্টাইন শেষ হ’ব৷

 

যিকোনো সহায়ৰ বাবে নৌ সেনা সাজু থকা বুলি সদৰি কৰি নৌ সেনাৰ মুৰব্বী এডমাইৰেল কৰমবীৰ সিঙে কয় যে বাহিনীটোৱে স্থানীয় অসামৰিক প্ৰশাসনক ইতিমধ্যে সহায় কৰিছে৷

 

বায়ু সেনাৰ মুৰব্বী এয়াৰ চীফ মাৰ্শ্বাল আৰ কে এছ ভাদৌৰিয়াই জনায় যে বিগত পাঁচ দিনত সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰি দেশৰ ভিতৰতে বায়ু সেনাৰ বিমানৰ সহায়ত প্ৰায় ২৫ টন চিকিসা সামগ্ৰীৰ পৰিবহণ কৰা হৈছে৷

স্থল সেনাৰ মুৰব্বী জেনেৰেল এম এম নাৰাভানে প্ৰতিৰক্ষা মন্ত্ৰীক অসামৰিক প্ৰশাসনক সহায়ৰ বাবে ৮,৫০০তকৈ অধিক চিকিসক আৰু সহায়ক কৰ্মী আছে বুলি জনায়৷ প্ৰতিৰক্ষা মন্ত্ৰীৰ নিৰ্দেশমৰ্মে চুবুৰীয়া দেশ নেপালকো চিকিসা সামগ্ৰী যোগান ধৰা হ’ব বুলি অৱগত কৰে সেনা প্ৰধানজনে৷

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন বিভাগৰ সচিব তথা ডিআৰডিঅ’ৰ অধ্যক্ষ ড০ জি সতীশ ৰেড্ডিয়ে সদৰি কৰা মতে বৰ্তমানলৈকে ডিআৰডিঅ’ই ৫০,০০০ লিটাৰ চেনিটাইজাৰ প্ৰস্তুত কৰি দিল্লী আৰক্ষীকে ধৰি বিভিন্ন নিৰাপত্তা সংস্থাক আৰু আন ১ লাখ সমগ্ৰ ভাৰতত বিতৰণ কৰিছে৷ তেওঁ লগতে বিভাগটোৱে পাঁচ তৰপীয়া নেন’ প্ৰযুক্তিৰ এন৯৯ মাস্ক তৈয়াৰ কৰা বুলি জনায়৷ ইতিমধ্যে ১০,০০০ মাস্ক প্ৰস্তুত কৰা হৈছে আৰু শীঘ্ৰে প্ৰতিদিনে ২০,০০০কৈ মাস্ক প্ৰস্তুত কৰাৰ প্ৰচেষ্টা অব্যাহত আছে৷ ডিআৰডিঅ’ই ইতিমধ্যে দিল্লী আৰক্ষীক ৪০,০০০ মাস্ক বিতৰণ কৰিছে৷ ডিআৰডিঅ’ৰ সচিবে স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ সৈতে চিকিসা সঁজুলি বিষয়টো অতি গুৰুত্ব সহকাৰে নিৰীক্ষণ কৰিছে৷ ডিআৰডিঅ’ৰ আন এটা গৱেষণাগাৰত ২০,০০০ পিপিই প্ৰতিদিনে প্ৰস্তুত কৰা হৈছে৷ ডিআৰডিঅ’ই এটা ভেণ্টিলেটৰৰ জৰিয়তে যাতে একে সময়তে চাৰিগৰাকী ৰোগীক সহায় কৰিব পাৰে, তাৰ এক ক্ষুদ্ৰ সংস্কাৰৰ কাম কৰি আছে৷

 

এএফএমএছৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট জেনেৰেল অনুপ বেনাৰ্জীয়ে প্ৰতিৰক্ষা মন্ত্ৰীক বিভিন্ন হাস্পতাললৈ প্ৰয়োজনীয়া সা-সঁজুলি প্ৰেৰণ কৰি থকা বুলি জনায়৷ প্ৰাক্তন স্বাস্থ্যকৰ্মীসকলকো স্বেচ্ছামুলক সেৱা আগবঢ়াবলৈ সাজু কৰি ৰখা বুলি কয়৷ স্থানীয় সহায়ৰ বাবে প্ৰায় ২৫,০০০ এনচিচি কেডেটক কাম লগোৱা হ’ব বুলি কয়৷

 

উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ নাগৰিক সহায়ক আৰু জৰুৰীকালীন সাহায্য পুঁজিলৈ বিভিন্ন প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে তেওঁলোকৰ কৰ্প’ৰেট সামাজিক দায়বদ্ধতা(চিএছআৰ) পুঁজিৰ অধীনত ৪০ কোটি টকা আগবঢাইছে৷ তদুপৰি, প্ৰতিষ্ঠানসমূহৰ সকলো কৰ্মচাৰীয়ে এদিনৰ দৰমহাও পিএম-কেয়াৰছ পুঁজিলৈ বৰঙণি হিচাপে আগবঢ়াইছে৷

অস্ত্ৰ-শস্ত্ৰ কাৰখনা পৰিষদে(অ’এফবি)ও চেনিটাইজাৰ, মাস্ক আৰু পিপিই প্ৰস্ততৰ কামত নিয়োজিত হৈছে৷

***

ABB/SS/Nampi/KA/DK/Savvy/ADA/DB


(रिलीज़ आईडी: 1610123) आगंतुक पटल : 231
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Marathi , हिन्दी , Bengali , Gujarati , Tamil , Telugu , Kannada , Malayalam