তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ভীতিগ্ৰস্ত পৰিবেশ সৃষ্টি কৰিব পৰা অপ্ৰমাণীকৃত সংবাদ প্ৰচাৰ নকৰিবঃ সংবাদ মাধ্যমলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

प्रविष्टि तिथि: 01 APR 2020 3:34PM by PIB Guwahati

ভাৰতৰ উচ্চতম ন্যায়ালয় ছপা, বৈদ্যুতিন আৰু ছ’চিয়েল মিডিয়াকে ধৰি সংবাদ মাধ্যমসমূহক ভীতিগ্ৰস্ত পৰিবেশ সৃষ্টি কৰিব পৰা কোনো ধৰণৰ অপ্ৰমাণীকৃত সংবাদ পৰিৱেশন নকৰিবলৈ নিৰ্দেশ দিছে৷

উচ্চতম ন্যায়ালয়ে কয় যে নগৰসমূহত কাম কৰি থকা বৃহৎ সংখ্যাৰ প্ৰব্ৰজিত কৰ্মীসকলে লক্-ডাউনৰ সীমা তিনি মাহকৈও অধিক সময়লৈ সম্প্ৰসাৰিত হ’ব পাৰে ভুৱা বাতৰিৰ দ্বাৰা আতংকিত হৈছে৷ ন্যায়ালয়ে কয় যে বৈদ্যুতিন, ছপা অথবা ছ’চিয়েল মিডিয়াৰ দ্বাৰা প্ৰচাৰিত ভুৱা খবৰৰ ক্ষতিশংকাসমূহ আওকান কৰিব নোৱাৰি কিয়নো আতংকগ্ৰস্ত খবৰসমূহ সেইসকলৰ লোকৰ বাবে অকঠিত পীড়াৰ কাৰক হৈ পৰিছে, বহু লোকে প্ৰাণো হেৰুৱাবলগীয়া হৈছে৷

ন্যায়ালয়ে কয় যে এই নিৰ্দেশৰ উদ্দেশ্য মহামাৰীৰ বিষয়ে হোৱা মুক্ত আলোচনাত হস্তক্ষেপ কৰাটো নহয় কিন্তু এক সময়তে সংবাদ মাধ্যমে আলোচনাসমূহৰ চৰকাৰী সংস্কৰণহে প্ৰকাশ কৰাটো আৱশ্যক৷

নিৰ্দেশটোৰ সম্পূৰ্ণ বিৱৰণ এই ইউআৰএলটোত উপলব্ধঃ

https://mib.gov.in/sites/default/files/OM%20dt.1.4.2020%20along%20with%20Supreme%20Court%20Judgement%20copy.pdf

******

SS/MANN


(रिलीज़ आईडी: 1609938) आगंतुक पटल : 218
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , हिन्दी , Marathi , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam