ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

ৰাজহুৱা অভিযোগ আৰু পৰামৰ্শৰে ক’ভিড-১৯ সংক্ৰান্তীয় কৰ্ম-ব্যৱস্থা তত্কালীনভাবে ৰূপায়ণৰ বাবে দুৰ্যোগ প্ৰবন্ধন আইন ২০০৫ৰ অধীনত ১০বিষয়াৰে গঠিত উচ্চ ক্ষমতাসম্পন্ন গোটৰ সিদ্ধান্ত

Posted On: 31 MAR 2020 3:57PM by PIB Guwahati

ৰাজহুৱা অভিযোগ আৰু পৰামৰ্শৰে কভিড-১৯ সংক্ৰান্তীয় কৰ্ম-ব্যৱস্থাৰ তত্কালীনভাবে ৰূপায়ণ নিশ্চিত কৰাৰ বাবে দুৰ্যোগ প্ৰবন্ধন আইন ২০০৫ৰ অধীনত ১০বিষয়াৰে গঠিত উচ্চ ক্ষমতাসম্পন্ন গোটটোৱে আজি ৩১ মাৰ্চ, ২০২০ তাৰিখে এক বৈঠকত মিলিত হয় আৰু তেওঁলোকে সমস্যাজৰ্জৰতা চিনাক্ত কৰাৰ লগতে এই সংক্ৰান্তত যথোচিত হব পৰা নীতি নিৰ্দ্ধাৰণ, পৰিকল্পনা প্ৰস্তুত, অভিযানৰ বাবে ৰণ-কৌশল যুগুত কৰা আৰু নিৰ্দ্ধাৰিত সময়-কালৰ ভিতৰত ইয়াৰ ৰূপায়ণ নিশ্চিত কৰাৰ লক্ষ্যৰে তলত উল্লেখ কৰা সিদ্ধান্তসমূহ গ্ৰহণ কৰে। বৈঠকত উপস্থিত আছিল মানৱ সম্পদ উন্নয়ন বিভাগৰ সচিব শ্ৰী অমিত খাৰে, ‘ডিএআৰপিজি’-ৰ সচিব ড০ ক্ষত্ৰপতি শিৱাজী, গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব শ্ৰী আশুতোষ অগ্নিহোত্ৰী, কেবিনেট সচিবালয়ৰ সঞ্চালক শ্ৰীমতী মীৰা মাহন্তী আৰু প্ৰধান মন্ত্ৰী কাৰ্যালয়ৰ জ্যেষ্ঠ বিষয়াসকল।

ৰাজহুৱা আপত্তি

‘চিপিজিআৰএমএছ’ পৰ্টেলৰ জৰিয়তে লাভ কৰা ৰাজহুৱা পৰামৰ্শ-অভিযোগ আৰু অভিযোগ-আপত্তিসমূহৰ মীমাংসা সংক্ৰান্তীয় শেহতীয়া স্থিতি সন্দৰ্ভত এক সংক্ষিপ্ত তথ্যৰ লগতে বিস্তৃত তালিকা সম্বলিত কৰি এক প্ৰতিবেদন দৈনিক প্ৰকাশিত কৰাৰ বাবে ‘প্ৰশাসনীয় সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগে’ ৫গৰাকী বিষয়াৰে এটা কাৰিকৰী গোট গঠন কৰিব।

’ভিড-১৯ সম্পৰ্কীয় অভিযোগ আদিৰ নিষ্পত্তি সংক্ৰান্তত নিৰীক্ষণ ব্যৱস্থা উন্নত কৰাৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহৰ মন্ত্ৰালয়/বিভাগসমূহৰ বাবে এক বিধি-নিৰ্দেশনা জাৰি কৰিব ‘প্ৰশাসনীয় সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগে’। ক’ভিড-১৯ সম্পৰ্কীয় গোচৰ লোৱাৰ বাবে প্ৰতিটো মন্ত্ৰালয়/বিভাগে ন’ডেল বিষয়া নিয়োজিত কৰিব। ন’ডেল বিষয়া হিচাপে নিয়োজিতসকলৰ নাম, ফোন নম্বৰ তথা ই-মেইল আইডিসমূহ মন্ত্ৰালয়/বিভাগসমূহৰ ৱে’ব-ছাইটত প্ৰকাশ কৰিব। ক’ভিড-১৯ সংক্ৰান্তীয় গোচৰসমূহে বিশেষ গুৰুত্ব পাব পৰাকৈ ‘চিপিজিআৰএএমএছ’-ত প্ৰতিটো মন্ত্ৰালয়-বিভাগৰ বাবে আচুতীয়া ঠাই সংৰক্ষণৰ ব্যৱস্থা কৰিব। প্ৰতিটো মন্ত্ৰালয়-বিভাগে ক’ভিড-১৯ সম্পৰ্কীয় ৰাজহুৱা গোচৰসমূহৰ লগতে ইয়াৰ মীমাংসা সংক্ৰান্তীয় তথ্যৰ বাবে আচুতীয়াকৈ ‘ডেছবৰ্ড’ প্ৰদৰ্শনৰ দিহা কৰিব। ‘চিপিজিআৰএএমএছ-৭.০ ভাৰ্ছন’ বলবত্ কৰা মন্ত্ৰালয়-বিভাগসমূহত অন্তিমগৰাকী বিষয়াই অভিযোগসমূহৰ সমীক্ষা কৰিব। ক’ভিড-১৯ সম্পৰ্কীয় ৰাজহুৱা গোচৰসমূহৰ মীমাংসাৰ তাত্ক্ষণিকতা আৰু গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো মন্ত্ৰালয়/বিভাগে গোচৰসমূহৰ মীমাংসাৰ প্ৰসংগটোত সৰ্বাধিক প্ৰাথমিকতা প্ৰদান কৰিব। পৰাপক্ষত গোচৰ ৰুজুৰ তিনিদিন বা তাতোকৈয়ো আগতেই মীমাংসা কৰাৰ দিহা কৰিব।

প্ৰশাসনীয় সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগে’ একেধৰণৰ বিধি-নিৰ্দেশনা ৰাজ্যচৰকাৰসমূহৰ পালনৰ বাবেও জাৰি কৰিব।

‘প্ৰশাসনীয় সংস্কাৰ আৰু ৰাজহুৱা অভিযোগ বিভাগে’ ক’ভিড-১৯ সম্পৰ্কীয় ‘ৰাষ্ট্ৰীয় প্ৰস্তুতি সম্পৰ্কীয় জৰীপ ২০২০’ৰ দ্ৰুত চূড়ান্তকৰণত মনোনিৱেশ কৰিব। দেশৰ সৰ্বাধিক আক্ৰান্ত জিলাসমূহ চিনাক্ত কৰাৰ লগতে এনেবোৰ জিলাৰ কৰ্ম-প্ৰস্তুতি অধিক উন্নত কৰাৰ বাবে দিহা বিচাৰি আগবঢ়োৱা ২৩টা প্ৰশ্ন সম্বলিত তালিকাৰ প্ৰতি সহাৰি জনাইছে ভাৰত চৰকাৰৰ সহকাৰী সচিব হিচাপে ৫বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰা ২৬৬গৰাকী বিষয়াই।

ভিড-১৯ সন্দৰ্ভত পৰামৰ্শ:

’ভিড-১৯ সন্দৰ্ভত পৰামৰ্শ MyGov.inৰ জৰিয়তে সংগ্ৰহ কৰা হব। ইতিমধ্যে MyGovয়ে ৪৬০০০ৰো অধিক পৰামৰ্শ লাভ কৰিছে আৰু সেইসমূহ পৰামৰ্শৰ ৰূপায়ণ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

 

****

VG/SNC/KB



(Release ID: 1609724) Visitor Counter : 172