পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

ম্যাদ উকলা চালক অনুজ্ঞাপত্ৰ আৰু বাহন পঞ্জীয়নৰ বৈধতা ৩০জুনলৈ বৃদ্ধি

Posted On: 31 MAR 2020 10:35AM by PIB Guwahati

কেন্দ্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ে যোৱা ১ ফেব্ৰুৱাৰীৰ পৰা ম্যাদ উকলি যোৱা চালক অনুজ্ঞা পত্ৰ, পাৰ্মিট আৰু ৰেজিষ্ট্ৰেচনৰ দৰে নথি-পত্ৰসমূহৰ বৈধতা বৃদ্ধি কৰিছে৷ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ প্ৰেৰণ কৰা এক নিৰ্দেশত মন্ত্ৰালয়ে এই নথি-পত্ৰসমূহক অহা ৩০জুন পৰ্যন্ত বৈধ বুলি গণ্য কৰিবলৈ আহ্বান জনাইছে৷

দেশত চলি থকা লকডাউন আৰু চৰকাৰী পৰিবহন কাৰ্যালয়সমূহ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণে বিভিন্ন মটৰ বাহনৰ তথ্য-পাতি নবীকৰণত অসুবিধাৰ সন্মুখীন হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷

এই তথ্য-পাতিৰ ভিতৰত আছে ফিনটেছ, পাৰ্মিট(সকলো প্ৰকাৰৰ), ড্ৰাইভিং লাইচেন্স, ৰেজিষ্ট্ৰেচন অথবা মটৰ বাহন আইনৰ অধীনষ্ঠ অন্যান্য সংশ্লিষ্ট তথ্য-পাতি৷

মন্ত্ৰালয়ে সকলো ৰাজ্যক এই নিৰ্দেশনা পালন কৰিবলৈ আহ্বান জনাইছে, যাতে জৰুৰী সেৱাত ব্যস্ত কোনো ব্যক্তি আৰু পৰিবহনকাৰী তথা সংস্থাই হাৰাশাস্তি আৰু জটিলতাৰ সন্মুখীন হ’ব নালাগে৷

***

RCJ/MS/MS



(Release ID: 1609667) Visitor Counter : 136