স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

শেহতীয়া স্থিতি - ক’ভিড-১৯

Posted On: 31 MAR 2020 6:29PM by PIB Guwahati

দেশত ক’ভিড-১৯ ৰ প্ৰতিৰোধ আৰু ব্যৱস্থাপনাৰ দিশবোৰ শীৰ্ষপৰ্যায়ত নিৰীক্ষণ কৰি থকা হৈছে আৰু ৰাজ্যসমূহৰ সহযোগত ভালেমান পদক্ষেপ গ্ৰহণ কৰা হৈছে। সন্মানীয় প্ৰধানমন্ত্ৰীয়ে নিজেই নিয়মিতভাৱে পৰ্যবেক্ষণ কৰি থকাৰ লগতে সংশ্লিষ্ট মন্ত্ৰালয়/বিভাগ আৰু ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ শীৰ্ষ বিষয়াসকলৰ সৈতে পুনৰীক্ষণ কৰি আছে।

সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক দূৰত্ব সন্দৰ্ভত সজাগতা প্ৰচাৰ কৰা আৰু ইয়াৰ গুৰুত্ব সন্দৰ্ভত জনসাধাৰণক অৱগত কৰাৰ ক্ষেত্ৰত সমাজ কল্যাণ সংগঠনবোৰে গ্ৰহণ কৰা আগ্ৰাসী ভুমিকাৰ উচ্চ প্ৰশংসা কৰে। লগতে দৰিদ্ৰ জনসাধাৰণক অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰাৰ লগতে ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজাৰ বাবে প্ৰদৰ্শন কৰা মানসিকতাৰো প্ৰশংসা কৰে। তেওঁ লগতে সমগ্ৰ বিশ্বতে থকা আটাইকেইটা ভাৰতীয় দূতাবাস আৰু ভাৰতীয় উচ্চায়ুক্তৰ সৈতে এই বিশ্বত্ৰাস ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ সন্দৰ্ভত ভিডিঅ’ কনফাৰেন্সযোগে আলোচনাও কৰে।

আজি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড. হৰ্ষবৰ্ধনৰ অধ্যক্ষতাত মন্ত্ৰী পৰিষদৰ দশমখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অসামৰিক বিমান পৰিবহন মন্ত্ৰী শ্ৰী হৰদীপ এছ পুৰী, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড. এছ জয়শংকৰ, গৃহ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰাই, নৌবাহৰ, ৰসায়ন, আৰু সাৰ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) শ্ৰী মনসুখ মাণ্ডব্য, আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী শ্ৰী অশ্বিনী কুমাৰ চোবে’ও উপস্থিত থাকে। লকডাউন কাৰ্কৰী কৰাৰ ক্ষেত্ৰত থকা বিভিন্ন বিষয় এই বৈঠকত আলোচনা কৰা হয়, প্ৰব্ৰজনকাৰী শ্ৰমিকসকল, ৰোগবিধ ক্ৰমাৎ বৃদ্ধি পোৱা ঠাইবোৰত গ্ৰহণ কৰিবলগীয়া পদক্ষেপ, পিপিই, মাস্ক, ভেণ্টিলেটৰ আদিৰ দৰে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰ্যাপ্ততা সুনিশ্চিতকৰণ আদিৰ দৰে বিষয় এই বৈঠকত বিতংকৈ আলোচনা কৰা হয়।

ক’ভিড-১৯ ৰ তাৎক্ষণিক সঁহাৰিৰ বাবে এখন বিজ্ঞান আৰু প্ৰযুক্তিৰ উচ্চ ক্ষমতাসম্পন্ন কমিটি গঠন কৰা হৈছে। কমিটিত অধ্যক্ষ হিচাপে ৰখা হৈছে নিটি আয়োগৰ সদস্য অধ্যাপক বিনোদ পাল আৰু ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক পৰামৰ্শদাতা অধ্যাপক কে বিজয় ৰাঘৱন, যিয়ে বিভিন্ন বিজ্ঞান এজেন্সি, বৈজ্ঞানিক, উদ্যোগ আৰু নিয়মক নিকায়সমূহৰ সৈতে সমন্বয় ৰক্ষা কৰিব। এই কমিটিখনে বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ, জৈৱপ্ৰযুক্তি বিভাগ, বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা সংসদ, প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা চমুকৈ ডিআৰডিঅ’ৰ সৈতে কাম কৰিব, যাতে ক’ভিড-১৯ ৰোগ বিধৰ বাবে পৰীক্ষা সুবিধা বৃদ্ধি কৰাৰ ক্ষেত্ৰত জৰুৰী প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি গৱেষণা আৰু উন্নয়নৰ দিশবোৰত ক্ষীপ্ৰতাৰে সিদ্ধান্ত গ্ৰহণ কৰিব পৰা যায়।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰেচম মন্ত্ৰালয় আৰু ফাৰ্মাচিউটিকেলছ মন্ত্ৰালয় আৰু ৰাজ্যসমূহৰ সহযোগত ব্যক্তিগত সুৰক্ষা সঁজুলি চমুকৈ পিপিই, মাস্ক আৰু ভেণ্টিলেটৰ, কাৰখানাত উৎপাদিত অত্যাৱশ্যকীয় সামগ্ৰীৰ প্ৰয়োজনীয়তাবোৰৰ তদাৰক কৰি আছে, ইয়াৰ উপৰি দেশৰ সকলো ৰাজ্যৰ সৈতে ধাৰাবাহিকভাৱে যোগাযোগ অব্যাহত ৰাখিছে, যাতে কেন্দ্ৰৰ ৰোগ প্ৰতিৰোধ কৌশল অনুসৰি এটাও ঘটনা বাদ পৰি নোযোৱাটো সুনিশ্চিত কৰিব পৰা যায়।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ক’ভিড-১৯ৰ সঠিক ব্যৱস্থাপনাৰ বাবে ক্ষেত্ৰ তদাৰকী, নিৰীক্ষণ, লেব টেষ্টিং, ক্লিনিকেল মেনেজমেণ্ট, আইছ’লেশ্যন ফেচিলিটি মেনেজমেণ্ট, ইণ্টেন্সিভ কেয়াৰ, সংক্ৰমণ নিয়ন্ত্ৰণ ব্যৱস্থাপনা আৰু কোৰেণ্টাইন সুবিধা ব্যৱস্থাপনাৰ সঠিক বোধৰ বাবে এএনএম, আশা কৰ্মী, অংগনৱাড়ী কৰ্মী, আয়ুষ চিকিৎসক, অন্যান্য চিকিৎসক, নাৰ্ছ আৰু অন্যান্য স্বাস্থ্যকৰ্মীসকলৰ বাবে ৱেবছাইটত প্ৰশিক্ষণ উৎসসমূহ আপলোড কৰিছে। ইতিমধ্যেই স্বাস্থ্য মন্ত্ৰালয়ে ৩০ মাৰ্চত দুখনকৈ ৱেবিনাৰ বা ৱেব কৰ্মশালাৰ আয়োজন কৰিছে, য’ত ১৫০০ নাৰ্ছক প্ৰশিক্ষণ প্ৰদান কৰা হৈছে।

এই পৰ্যন্ত দেশত ১২৫১ জন লোক আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে আৰু ৩২ জন লোক মৃত্যু হৈছে। বিগত ২৪ ঘণ্টাত, ২২৭ গৰাকী লোক নতুনকৈ আক্ৰান্ত হোৱাটো নিশ্চিত হৈছে আৰু ইয়াৰে ৩ গৰাকী লোকৰ মৃত্যু হৈছে।

 

***

 



(Release ID: 1609665) Visitor Counter : 169