ৰেল মন্ত্ৰালয়

আৱশ্যক অনুযায়ী পৃথকীকৰণৰ প্ৰয়োজনীয়তাৰ বাবে ২০০০০ দবাক ৩.২ লাখ বিচনালৈ ৰূপান্তৰিত কৰাৰ বাবে প্ৰস্তুত ভাৰতীয় ৰে’লৱে

ক’ভিড-১৯ ৰোগীৰ বাবে প্ৰস্তুত কৰিবলগীয়া পৃথকীকৃত দবাসমূহত সুসজ্বিত হ’ব প্ৰয়োজনীয় সকলো সুবিধা

প্ৰাৰম্ভিক পৰ্যায়ত ৮০০০০ বিচনাৰ বাবে প্ৰস্তুত কৰা হ’ব ৫০০০টা দবা

বিভিন্ন মণ্ডলত প্ৰস্তুত কৰা হ’ব দবাসমূহ

Posted On: 31 MAR 2020 2:59PM by PIB Guwahati

ক’ভিড-১৯ৰ প্ৰত্যাহ্বানৰ প্ৰস্তুতি হিচাপে ভাৰতীয় ৰে’লৱেয়ে ২০০০০টা দবাক কোৱাৰেণ্টাইন/পৃথকীকৃত দবালৈ পৰিৱৰ্তিত কৰাৰ প্ৰস্তুতি চলাইছে৷ এই সংক্ৰান্তত সশস্ত্ৰ বাহিনীৰ চিকিৎসা সেৱা, বিভিন্ন মাণ্ডলিক ৰে’লৱে আৰু আয়ুষ্মান ভাৰতৰ চিকিৎসা বিভাগ, ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰা হৈছে৷ কোৱাৰেণ্টাইন/পৃথকীকৃত দবা নিৰ্মাণৰ বাবে পাঁচটা মাণ্ডলিক ৰে’লৱেয়ে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে৷

পৰিৱৰ্তিত কৰিবলগীয়া এই ২০০০০টা দবাত ৩.২ লাখ বিচনাৰ সুবিধা থাকিব৷ প্ৰাৰম্ভিক পৰ্যায়ত ৫০০০টা দবাৰ ৰূপান্তৰণৰ কাম ইতিমধ্যেই আৰম্ভ হৈছে৷ এই ৫০০০টা দবাত ৮০০০০খন বিচনাৰ সুবিধা থাকিব৷ এটা দবাত ১৬খনকৈ বিচনা থাকিব৷

কোৱাৰেণ্টাইন/পৃথকীকৃত দবাৰ বাবে কেৱল নন-এচি আইচিএফ শ্লীপাৰ দবাসমূহ ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰা হৈছে৷ এটা ভাৰতীয় শৈলীৰ শৌচাগাৰ স্নানগৃহলৈ পৰিৱৰ্তিত কৰা হ’ব৷ ইয়াত বাল্টি, মগ আৰু চাবোন ডিছপেনছাৰো থাকিব৷ ৱাশ্ববেচিনত লিফ্ট টাইপ হেণ্ডেল থাকিব৷ বাল্টিসমূহ উপযুক্তভাৱে পানীৰে পূৰ্ণ কৰিবলৈ একে ধৰণৰ টেপৰ ব্যৱস্থা থাকিব৷

স্নানগৃহৰ কাষৰ প্ৰথমটো কেবিনত দুখন চিকিৎসালয়/প্লাষ্টিক পৰ্দাৰে প্ৰৱেশ আৰু গমন পথটো ঢাকি ৰাখিবলৈ ব্যৱহাৰ কৰা হ’ব৷ এই কেবিনটো ষ্ট’ৰ/পেৰামেডিক ক্ষেত্ৰ হিচাপে ব্যৱহাৰ কৰা হ’ব৷ এই কেবিনৰ ছাইড বাৰ্থত চিকিৎসা বিভাগৰ দ্বাৰা দুটাকৈ অক্সিজেন চিলিণ্ডাৰো প্ৰদান কৰা হ’ব৷

প্ৰতিটো কেবিনৰ পৰা মাজৰ বাৰ্থটো আঁতৰাই দিয়া হৈছে৷ প্ৰতিটো কেবিনত চিকিৎসা সামগ্ৰী ৰখাৰ বাবে অতিৰিক্ত বটল হ’ল্ডাৰ প্ৰদান কৰা হ’ব৷ অতিৰিক্ত কোট হুক, খিৰিকীসমূহত মহৰ নেট আৰু উপযুক্ত ভেণ্টিলেচনৰ সুবিধাও প্ৰদান কৰা হ’ব৷ প্ৰতিটো কেবিনতে ৰঙা, নীলা আৰু হালধীয়া ৰঙৰ ৩টাকৈ ডাষ্টবিন থাকিব৷

দবাসমূহ ইনছুলেচনৰ বাবে চাল আৰু খিৰিকীৰ ওপৰ আৰু তল দুয়োফালে বাঁহ/কুশৰ মেট লগোৱা হ’ব যাতে বাহিৰৰ গৰম সোমাব নোৱাৰে৷ লেপটপ আৰু ম’বাইলৰ চাৰ্জিঙৰ ব্যৱস্থাও কৰা হ’ব৷

প্ৰাৰম্ভিক অৱস্থাত ৫০০০টা দবা পৰিৱৰ্তনৰ বাবে মাণ্ডলিক পৰ্যায়ত এই দবাসমূহ আৱণ্টন কৰা হৈছেঃ

ক্ৰমিক নং

মণ্ডল

পৰিৱৰ্তন কৰিবলগীয়া দবাৰ সংখ্যা

 

ক্ৰমিক নং

মণ্ডল

পৰিৱৰ্তন কৰিবলগীয়া দবাৰ সংখ্যা

 

চিআৰ

৪৮২

এনডব্লিউআৰ

২৬৬

.

ইআৰ

৩৩৮

১০

এছআৰ

৪৭৩

ইচিআৰ

২০৮

১১

এছচিআৰ

৪৮৬

ইচিঅ’আৰ

২৬১

১২

এছইআৰ

৩২৯

এনআৰ

৩৭০

১৩

এছইচিআৰ

১১১

এনচিআৰ

২৯০

১৪.

এছডব্লিউআৰ

৩১২

এনইআৰ

২১৬

১৫

ডব্লিউআৰ

৪১০

এনএফআৰ

৩১৫

১৬

ডব্লিউচিআৰ

১৩৩

 

এই কোৱাৰেণ্টাইন/পৃথকীকৃত দবাসমূহৰ ব্যৱহাৰ আৰু কাৰ্যকৰীকৰণৰ বাবে ৰে’লৱে স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধানে এখন বিশদ এছঅ’পি মুকলি কৰিব৷ মাণ্ডলিক ৰে’লৱেসমূহক তৎকালীনভাৱে উপৰোক্ত পৰিৱৰ্তনৰ পৰিকল্পনাৰ বাবে তথা প্ৰস্তুত হোৱা তাৰিখ ৰে’লৱে ব’ৰ্ডক জনাবলৈ নিৰ্দেশ দিয়া হৈছে

****

SG/MKV/MANN



(Release ID: 1609651) Visitor Counter : 187