কৃষি মন্ত্ৰালয়

ক’ভিড-১৯ লকডাউনৰ বাবে চৰকাৰে কৃষি ঋণ পৰিশোধত সকাহ দিছে কৃষকক

Posted On: 30 MAR 2020 4:51PM by PIB Guwahati

ভিড-১৯ মহামাৰীৰ বাবে দেশত চলি থকা লকডাউনৰ মাজত কেন্দ্ৰীয় চৰকাৰে দেশৰ কৃষকসকলক কিছু সকাহ প্ৰদান কৰিছে৷ এই অনুসৰি, অহা ৩১ মে’,২০২০লৈ ৩লাখ পৰ্যন্ত কৃষি ঋণৰ বাবে চৰকাৰে বেংকলৈ ২% সূতৰ অৰ্থসাহায্য(আইএছ) আৰু সকলো কৃষকলৈ ৩% তাৎক্ষণিক পৰিশোধ ইনচেণ্টিভ(পিআৰআই)ৰ সুবিধা আগবঢ়াইছে, যিবোৰ ঋণৰ পৰিশোধৰ সময় ইতিমধ্যে পাৰ হৈছে অথবা ১মাৰ্চৰ পৰা ৩১ মে’,২০২০ৰ ভিতৰত দিবলগীয়া আছে৷

জনসাধাৰণৰ চলন-ফুৰণত আৰোপ কৰা নিষেধাজ্ঞাৰ বাবে বহুতো কৃষকে তেওঁলোকৰ হ্ৰস্বকালীন কৃষি ঋণৰ কিস্তি পৰিশোধ কৰিবলৈ বেংকৰ শাখালৈ যাব পৰা নাই৷ তদুপৰি, জনসাধাৰণৰ চলন-ফুৰণত আৰোপিত নিষেধাজ্ঞা, উৎপাদিত সা-সামগ্ৰী সময়মতে বিক্ৰী কৰাত জটিলতা আৰু বিক্ৰী কৰা সামগ্ৰীৰ ধন লাভত বিলম্বৰ বাবে কৃষকসকলে এই সময়ছোৱাত হয়তো ঋণৰ কিস্তি পৰিশোধত অসুবিধাৰ সন্মুখীন হৈছে৷

কৃষকৰ এই সমস্যা দূৰ কৰিবলৈ চৰকাৰে আইএছ আৰু পিআৰআই সুবিধা মুকলি কৰিছে৷ ইয়াৰ ফলত কৃষকে কোনো জৰিমণাৰ সন্মুখীন নোহোৱাকৈ বৰ্ধিত সময়ছোৱালৈ এনে ঋণৰ কিস্তি পৰিশোধ কৰিব পাৰিব৷

*****

APS/PK/MS



(Release ID: 1609581) Visitor Counter : 170