স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড-১৯ ৰ আপডেট – পিপিই কিটছ, এন৯৫ মাস্ক আৰু ভেণ্টিলেটৰৰ উপলব্ধতা

Posted On: 30 MAR 2020 3:45PM by PIB Guwahati

দেশত ক’ভিড-১৯ ৰ প্ৰতিৰোধ, নিৰাময় আৰু সঠিক ব্যৱস্থাপনাৰ সামগ্ৰিক দিশবোৰৰ ওপৰত দেশৰ উৰ্ধ্বতন কৰ্তৃপক্ষই চোকা নজৰ ৰাখিছে আৰু ইতিমধ্যেই ৰাজ্য চৰকাৰসমূহৰ সহযোগত বিভিন্ন কাৰ্য আৰম্ভ কৰাও হৈছে। পিপিই, মাস্ক আৰু ভেণ্টিলেটৰৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ, আৱশ্যকীয় সামগ্ৰী উৎপাদন কৰা কাৰখানাবোৰে দিনে নিশাই কাম কৰি আছে আৰু বাৰুদ নিৰ্মাণ কাৰখানাসমূহে চিকিৎসা কৰ্মীসকলৰ বাবে ব্যক্তিগত সুৰক্ষা সঁজুলি প্ৰস্তুত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। ইফালে, ভাৰত ইলেক্ট্ৰ’নিক্স লিমিটেডে অচিৰেই ভেণ্টিলেটৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিব, আটাইবোৰ ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানেই চৰকাৰক আশ্বাস দিছে যে এনে এক সংকটকালত ঔষধৰ কোনোধৰণৰ নাটনি নহয় আৰু আনকি অটো নিৰ্মাতাসকলেও ভেণ্টিলেটৰ নিৰ্মাণ কৰাৰ বাবে অহৰ্নিশে কাম কৰি আছে। চিকিৎসাকৰ্মীসকলক প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে আৰু যিকোনো জৰুৰীকালীন পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু কৰি ৰখা হৈছে।

ব্যক্তিগত সুৰক্ষা সঁজুলি (পিপিই) কিটসমূহ চিকিৎসা কৰ্মীসকলৰ দ্বাৰা ‘আইছ’লেশ্যন এলেকা’ আৰু ইণ্টেনছিভ কেয়াৰ ইউনিট’ত থাকি কাম কৰি থকা অৱস্থাত ব্যৱহাৰ কৰে, যাতে তেওঁলোকৰ দেহলৈ কোনোধৰণৰ ৰোগ সংক্ৰমণ নহয়। পূৰ্বে এই কিটসমূহ আমাৰ দেশত উৎপাদন হোৱা নাছিল। পিছে অদূৰ ভৱিষ্যতে বৃহৎ পৰিমাণৰ পিপিই কিটৰ প্ৰয়োজনৰ সম্ভাৱনীয়তা বৃদ্ধিৰ লগে লগে ভাৰত চৰকাৰে এইসমূহ কিট ভাৰততে উৎপাদন কৰাৰ দিশটোক গুৰুত্ব প্ৰদান কৰিছে।

বস্ত্ৰ মন্ত্ৰালয় আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এনে প্ৰয়াসেৰেই একত্ৰিত হৈ কাম কৰি আছে। থলুৱা উৎপাদনকাৰীসকলো এই সুযোগতে ক্ষীপ্ৰতাৰে আগুৱাই আহিছে আৰু এই পৰ্যন্ত ১১ টা উৎপাদনকাৰীয়ে এই ক্ষেত্ৰত গুণাগুণ পৰীক্ষণৰ মঞ্জুৰি লাভ কৰিছে। ইতিমধ্যেই এই ১১ টা প্ৰতিষ্ঠানক ২১ লাখ পিপিই কভাৰঅল প্ৰস্তুত কৰাৰ অৰ্ডাৰ দিয়া হৈছে (কভাৰঅল হৈছে সংকটপূৰ্ণ বা কোনো জটিল কাম কৰিবৰ বাবে ওপৰৰ পৰা তললৈ পিন্ধা সুৰক্ষাত্মক পোচাক)। সম্প্ৰতি এই প্ৰতিষ্ঠানসমূহে প্ৰতিদিনে ৬ ৰ পৰা ৭ হেজাৰ কভাৰঅল যোগান ধৰি আহিছে আৰু আশা কৰা হৈছে যে অহা সপ্তাহৰ পৰা প্ৰতিদিনে ১৫০০০ কভাৰঅল যোগান ধৰিবলৈ সক্ষম হ’ব। আৰু আটা উৎপাদনকাৰীয়ে আজি অনুমতি লাভ কৰিছে আৰু সেই প্ৰতিষ্ঠানকো ৫ লাখ কভাৰঅল প্ৰস্তুত কৰাৰ অৰ্ডাৰ দিয়া হৈছে।

এই পৰ্যন্ত, সমগ্ৰ দেশৰ বিভিন্ন হস্পিতালত ৩.৩৪ লাখ পিপিই আছে। ইফালে ভাৰত চৰকাৰৰ তৰফৰ পৰাও প্ৰায় ৬০,০০০ পিপিই কিট যোগান ধৰা হৈছে। ভাৰতীয় ৰেডক্ৰছ ছ’চাইটিয়েও চীনৰ পৰা ১০,০০০ পিপিই আমদানি কৰিছে আৰু সেয়া ইতিমধ্যে আহি পাইছে আৰু বিতৰণ প্ৰক্ৰিয়া চলি আছে। দান হিচাপে আগবঢ়োৱা আন ৩ লাখ পিপিই কভাৰঅলো অহা ৪ এপ্ৰিলৰ ভিতৰত আহি পাবহি। ইফালে ৩ লাখ পিপিই প্ৰস্তুত কৰিবলৈ বাৰুদ নিৰ্মাণ কাৰখানাকো অৰ্ডাৰ দিয়া হৈছে।

সমগ্ৰ বিশ্বতে পিপিই কিটৰ বিদেশী আমদানিৰ ক্ষেত্ৰত ব্যাপক বৃদ্ধি দেখা গৈছে। বৈদেশিক মন্ত্ৰালয়ৰ মাধ্যমেৰে বিদেশী ৰাষ্ট্ৰৰ সৈতে সম্পৰ্ক স্থাপন কৰা হৈছে। ছিংগাপুৰস্থিত অনলাইন প্লেটফৰ্ম চিনাক্ত কৰা হৈছে, যিয়ে ১০ লাখ পিপিই কিট যোগান ধৰিব পাৰে আৰু সেইখিনি পিপিই ক্ৰয় কৰাৰ বাবে বৈদেশিক মন্ত্ৰালয়ক মাধ্যমেৰে এক নিৰ্দেশো দিয়া হৈছে। কোৰিয়াস্থিত আন এক যোগানধাৰী চিনাক্ত কৰা হৈছে, দৈনিক ১ লাখৰো অধিক কিট প্ৰস্তুত কৰাৰ ক্ষমতা সম্পন্ন এই প্ৰতিষ্ঠানটোৱে ভিয়েটনাম আৰু তুৰ্কীৰ উৎপাদন কোম্পানীৰ সৈতে বুজাবুজি চুক্তি সম্পাদন কৰিছে। বৈদেশিক মন্ত্ৰালয়ৰ জৰিয়তে এই কোম্পানীটোক ২০ লাখ পিপিই কিট যোগান ধৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে।

এন৯৫ মাস্ক থলুৱাভাৱে দুটা প্ৰতিষ্ঠানে উৎপাদন কৰি আছে। দুয়োটা প্ৰতিষ্ঠানৰে সম্প্ৰতি প্ৰতিদিনে ৫০,০০০ মাস্ক যোগান ধৰাৰ সামৰ্থ্য আছে, কিন্তু অহা সপ্তাহত দুয়োটা প্ৰতিষ্ঠানেই নিজ নিজ ক্ষমতা বৃদ্ধি কৰি প্ৰতিদিনে ১ লাখ মাস্ক প্ৰস্তুত কৰিব। ইফালে ডিআৰডিঅ’-ই স্থানীয় নিৰ্মাতাসকলৰ সৈতে লগ লাগি প্ৰতিদিনে প্ৰায় ২০,০০০ এন-৯৯ মাস্ক উৎপাদন কৰি আছে। এই যোগান এসপ্তাহৰ ভিতৰতে উপলব্ধ হোৱাৰ সম্ভাৱনা আছে।

সমগ্ৰ দেশৰ বিভিন্ন চিকিৎসালয়ত এই পৰ্যন্ত ১১.৯৫ লাখ এন-৯৫ মাস্ক আছে। বিগত দুটা দিনত অতিৰিক্ত ৫ লাখ মাস্ক বিতৰণ কৰি দিয়া হৈছে আৰু ১.৪০ লাখ মাস্ক আজি বিতৰণ কৰি থকা হৈছে। ছিঙ্গাপুৰৰ পৰাও আহিবলগীয়া ১০ লাখ মাস্ক পিপিই কিটৰ অংশ হিচাপে পোৱা যাব।

ক’ভিড-১৯ ৰোগীসকলৰ বাবে ভেণ্টিলেটৰৰ প্ৰয়োজন যথেষ্ট, কিয়নো ৰোগীসকলে শ্বাস-প্ৰশ্বাসত যথেষ্ট কষ্টৰ সমূখীন হয় আৰু Acute Respiratory Disease Syndrome (ARDS)  তেওঁলোকৰ দেহত দেখা যায়। সম্প্ৰতি ক’ভিড-১৯ ত আক্ৰান্ত ২০ গৰাকীতকৈও কম ৰোগীয়ে এই ভেণ্টিলেটৰৰ সহায় লৈছে। ইয়াৰ বিপৰীতে, ক’ভিড-১৯ ৰোগীসকলৰ চিকিৎসা কৰিব পৰাকৈ সমগ্ৰ দেশৰ বিভিন্ন চিকিৎসালয়ত ১৪০০০ তকৈও অধিক ভেণ্টিলেটৰ আছে।

নয়দাৰ এক থলুৱা উৎপাদনকাৰী প্ৰতিষ্ঠান এগৱা হেল্থকেয়াৰে উপযুক্ত ভেণ্টিলেটৰ প্ৰস্তুত কৰিবলৈ সক্ষম আৰু এই প্ৰতিষ্ঠানটোক ১০,০০০ ভেণ্টিলেটৰ প্ৰস্তুত কৰাৰ অৰ্ডাৰ প্ৰদান কৰা হৈছে। এপ্ৰিলৰ দ্বিতীয়টো সপ্তাহত এই ভেণ্টিলেটৰবোৰ যোগান আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও ভাৰত ইলেক্ট্ৰ’নিক্স লিমিটেডক ৩০,০০০ ভেণ্টিলেটৰ প্ৰস্তুত কৰি উলিয়াবলৈ অৰ্ডাৰ দিয়া হৈছে, যিয়ে এইক্ষেত্ৰত থলুৱা উৎপাদনকাৰীৰ সৈতে সহযোগ কৰিবলৈ ওলাইছে। ভাৰতীয় অটো নিৰ্মাতাসকলেও ভেণ্টিলেটৰ প্ৰস্তুত কৰাৰ বাবে যাৱতীয় প্ৰস্তুতি চলাইছে।

ইয়াৰ মাজতে, হেমিল্টন, মিণ্ড্ৰে আৰু ড্ৰেজাৰৰ দৰে কিছু আন্তঃৰাষ্ট্ৰীয় কোম্পানীকো ভেণ্টিলেটৰ প্ৰেৰণৰ বাব অৰ্ডাৰ দিয়া হৈছে। বিদেশ মন্ত্ৰালয়েও চীনৰ সৈতে এই সন্দৰ্ভত কথা বতৰা পাতি আছে, যাতে চীনৰ পৰা ১০,০০০ ভেণ্টিলেটৰ আমদানি কৰিব পৰা যায়।

*****

MV/RD



(Release ID: 1609445) Visitor Counter : 242