প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ভাৰতীয় দূতাৱাসসমূহৰ শীৰ্ষ বিষয়া আৰু উচ্চায়ুক্তসকলৰ সৈতে ভিচি যোগে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

Posted On: 30 MAR 2020 7:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সন্ধিয়া ৫ বজাত ভাৰতীয় দূতাৱাসসমূহৰ শীৰ্ষ বিষয়া আৰু উচ্চায়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ যোগেদি এক বৈঠকত মিলিত হয়৷ প্ৰথমবাৰলৈ অনুষ্ঠিত কৰা এইধৰণৰ ভাৰতীয় দূতাৱাসৰ বৈঠকৰ জৰিয়তে সমগ্ৰ বিশ্বতে দেখা দিয়া ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে ভাৰতৰ বিশ্বজনীন পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হয়৷

প্ৰধানমন্ত্ৰীয়ে কয় যে অসাধাৰণ সমাধানৰ বাবে অসাধাৰণ সময়ৰ আৱশ্যক আৰু ইয়াৰ ফলশ্ৰুতিতেই বিশ্বৰ অধিকাংশই নিজকে কোৱাৰেণ্টাইন কৰিছে৷ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ এই পদক্ষেপ গ্ৰহণ কৰাটো অপৰিহাৰ্য আছিল কিন্তু ইয়াৰ এক ব্যাপক প্ৰভাৱো আছে৷ সমগ্ৰ বিশ্বজনীন ব্যৱস্থাসমূহ স্তব্ধ হৈ যোৱাৰ বাবে আন্তৰ্জাতিক পৰিবহণ ব্যৱস্থা, বিত্তীয় বজাৰ আৰু বিশ্বৰ অৰ্থনীতিত ই বাৰুকৈয়ে প্ৰভাৱ পেলাইছে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ মাজৰ সময়ছোৱাৰ পৰাই এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল যাতে সংক্ৰমণ প্ৰতিৰোধ কৰি ব্যাপক প্ৰাদুৰ্ভাৱ ৰোধ কৰিব পাৰি৷ এই পদক্ষেপসমূহৰ ভিতৰত ভাৰতে বিশ্বৰ সবাতোকৈ বৃহৎ কোৱাৰেণ্টাইন আৰু লক্-ডাউনৰ কাৰ্যসূচী প্ৰণয়ন কৰিছে৷

বিদেশৰ পৰা ভাৰতীয়সকলক এই সংকটৰ মুহূৰ্তত উদ্ধাৰ কৰাৰ বাবে দূতাৱাসৰ মুৰব্বীসকলক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে৷ লগতে তেওঁ পাঁচটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিবলৈও আহ্বান জনায়ঃ

১. নিজৰ লগতে দল আৰু পৰিয়ালৰ স্বাস্থ্য আৰু সুৰক্ষাৰ নিশ্চিতি;

২. আন্তৰ্জাতিক ভ্ৰমণ নিষেধ কৰাৰ ফলত বিদেশৰ বিভিন্ন স্থানত আৱদ্ধ হৈ থকা ভাৰতীয়সকলক সাক্ষাৎ কৰা৷ তেওঁ ভাৰতীয় দূতাৱাসৰ মুৰব্বীসকলক বিদেশত আৱদ্ধ হৈ ৰোৱা ভাৰতীয়সকলক সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনায়৷ তাৰোপৰি সেই দেশৰ চৰকাৰৰ সৈতে বিদেশত ভাৰতীয়সকলে সন্মুখীন হোৱা সমস্যাসমূহ যেনে আশ্ৰয় আদিৰ ব্যৱস্থা সমাধান কৰিবলৈও আহ্বান তেওঁ জনায়;

৩. ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুদ্ধৰ বাবে আৱশ্যক হ’ব পৰা সেই দেশসমূহে গ্ৰহণ কৰা উন্নত পদক্ষেপ, উদ্ভাৱন, বৈজ্ঞানিক সিদ্ধি আদিৰ বিষয়ে সজাগ হৈ থকা আৰু চিনাক্ত কৰা৷ তেওঁ দূতাৱাসৰ মুৰব্বীসকলক নতুনকৈ গঠন কৰা পিএম কেয়াৰ পুঁজিৰ বাবে বিদেশতো প্ৰচাৰ কৰিবলৈ পৰামৰ্শ দিয়ে;

৪. যিহেতু এই সংকটে অৰ্থনীতিকো প্ৰভাৱিত কৰিছে সেয়ে প্ৰধানমন্ত্ৰীয়ে দূতাৱাসৰ মুৰব্বীক বিদেশৰ সহযোগীৰ সমন্বয়ত  অত্যাৱশ্যকীয় যোগান, লজিষ্টিক শৃংখলা আদিৰো নিশ্চিতিৰ বাবে গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায়;

৫. ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত পৰিৱৰ্তিত আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আৰু অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰতি নিৰৱচ্ছিন্নভাৱে লক্ষ্য ৰখা৷

বৈঠকত বেইজিং, ৱাশ্বিংটন ডিচি, তেহৰাণ, ৰোম, বাৰ্লিন, কাঠমাণ্ডু, আবু ধাবি, কাবুল, মালে আৰু ছিউলৰ দূতাৱাসৰ মুৰব্বীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত নিজৰ নিজৰ দৃষ্টিভংগী প্ৰস্তুত কৰে৷ তেওঁলোকে সেই দেশসমূহত ভাৰতে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বাবে লাভ কৰা প্ৰশংসাৰ প্ৰতিক্ৰিয়াও বিনিময় কৰে৷

বিদেশত শিক্ষাৰ্থী আৰু কৰ্মীসকলৰ বাবে ভাৰতে গ্ৰহণ কৰা পদক্ষেপসমূহ দূতাৱাসৰ মুৰব্বীসকলে আলোকপাত কৰে৷ তেওঁলোকে ভাৰতে এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ অন্তঃৱৰ্তী প্ৰয়াসত সহায়ক হোৱাকৈ ঔষধ, চিকিৎসা সামগ্ৰী, প্ৰযুক্তি, গৱেষণা আৰু অন্যান্য পদক্ষেপসমূহৰ চিনাক্তকৰণৰ প্ৰতিবেদনো দাখিল কৰে৷ দূতাৱাসৰ মুৰব্বীসকলে অন্য দেশৰ পৰা লাভ কৰা শিক্ষাসমূহ তথা তেওঁলোকৰ উন্নত পদক্ষেপসমূহৰ বিষয়েও প্ৰতিবেদন দাখিল কৰে৷ ক’ভিড-১৯ক প্ৰতিহত কৰিবলৈ ভাৰতে ছাৰ্ক দেশসমূহৰ সহযোগিতাত গঠন কৰা বিশেষ পুঁজিৰ সহায়ত সদস্য ৰাষ্ট্ৰসমূহে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে দূতাৱাসৰ মুৰব্বীসকলে বৈঠকত বৰ্ণনা কৰে৷ দূতাৱাসৰ মুৰব্বীসকলে তেওঁলোকৰ কামৰ বাবে প্ৰধানমন্ত্ৰীৰ পৰা উৎসাহিত হোৱা বুলিও প্ৰকাশ কৰে৷

বৈঠকত সামৰণিত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ দূতাৱাসসমূহ ঘৰৰ পৰা দূৰৈত থাকিলেও ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰতে ঘোষণা কৰা যুদ্ধত তেওঁলোকো সমানেই সহযোগী বুলি মন্তব্য কৰে৷ তেওঁ কয় যে প্ৰত্যেকজন ভাৰতীয়ৰ ঐক্যৱদ্ধতা আৰু সজাগতাই দেশৰ ভৱিষ্যত সুৰক্ষিত কৰাত সহায় কৰিব৷ 

 

 

****

VRRK/KP/MANN



(Release ID: 1609440) Visitor Counter : 198