ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়

ক’ভিড-১৯ ৰ বিৰুদ্ধে সংগ্ৰাম তীব্ৰতৰ কৰাৰ স্বাৰ্থত প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ এমাহৰ দৰমহা আৰু সাংসদ পুঁজিৰ ১ কোটি টকা আগবঢ়ালে কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সদানন্দ গৌড়াই

পোষ্ট কৰা হৈছে: 30 MAR 2020 2:56PM by PIB Guwahati

কেন্দ্ৰীয় সাৰ আৰু ৰাসায়নিক দপ্তৰৰ মন্ত্ৰী শ্ৰী সদানন্দ গৌড়াই ক’ভিড ১৯ মহামাৰীৰ বিৰুদ্ধে দেশে অব্যাহত ৰখা সংগ্ৰামৰ পৰিপ্ৰেক্ষিতত আৰম্ভ কৰা সাহায্য কাৰ্যসূচীৰ বাবে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিলৈ তেওঁৰ এমাহৰ দৰমহা আৰু নিজস্ব সাংসদ পুঁজিৰ পৰাও ১ কোটি টকা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আজি এই কথা ঘোষণা কৰি মন্ত্ৰী শ্ৰীগৌড়াই কয় যে দেশৰ এই সংকটকালত আৰু কভিড-১৯ মহামাৰীৰ সৈতে যুঁজ দিবৰ বাবে মই প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিলৈ মোৰ এমাহৰ দৰমহা আগবঢ়াইছো আৰু লগতে মোৰ MPLADS পুঁজিৰ পৰা ১ কোটি টকা মোকলাই দিছো এই ৰোগ প্ৰতিৰোধ আৰু চিকিৎসাৰ কামত এই ধন ব্যয় কৰিব পৰা যায়

শ্ৰী গৌড়াই লগতে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে সময়ে সময়ে সকলোধৰণৰ অত্যাৱশ্যকীয় ব্যৱস্থা অতি মসৃণভাৱে গ্ৰহণ কৰি আহিছে। তেওঁ লগতে গুৰুত্ব আৰোপ কৰি কয় যে সৰ্বসাধাৰণ ৰাইজ, বিশেষকৈ দৰিদ্ৰ আৰু শ্ৰমিক শ্ৰেণীৰ লোকসকলৰ সুৰক্ষা আৰু সুস্বাস্থ্য যাতে নিশ্চিত কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই সাহায্য ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছে।

***

RCJ/ RKM/RD


(ৰিলিজ আই ডি : 1609271) অতিথি কক্ষ : 104