উপ-ৰাষ্ট্ৰপতি সচিবালয়
ক’ভিড-১৯ প্ৰতিৰোধী অভিযানৰ বাবে ‘এমপিএলএডিএছ’ পুঁজিৰ পৰা অৰিহণা আগবঢ়াবলৈ ৰাজ্যসভাৰ সকলো সাংসদক আহ্বান উপ ৰাষ্ট্ৰপতিৰ
দিশহাৰা হোৱা পৰিভ্ৰমী শ্ৰমিকসকলক খাদ্য আৰু আশ্ৰয় দানৰ বাবে স্বেচ্ছাসেৱী-জনহিতৈষী সংগঠনসমূহক আহ্বান
‘পিএম-কেয়াৰ্ছ’ পুঁজিলৈ সাহায্য আগবঢ়াবলৈ জনসাধাৰণক অনুৰোধ
Posted On:
29 MAR 2020 12:02PM by PIB Guwahati
ক’ভিড-১৯ প্ৰতিৰোধী অভিযানৰ বাবে সাংসদ এলেকা উন্নয়ণ পুঁজি ‘এমপিএলএডিএছ’-ৰ পৰা অৰিহণা আগবঢ়াবলৈ ৰাজ্যসভাৰ সকলো সাংসদক আহ্বান জনাইছে উপ ৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি শ্ৰী এম ভেংকায়া নাইডুৱে। ক’ভিড-১৯ৰ বিৰুদ্ধে চৰকাৰে ইতিমধ্যে আৰম্ভ কৰা অভিযানত সহায়ক হ’ব পৰাকৈ প্ৰতিগৰাকী সাংসদে প্ৰাথমিক ভাবে কমেও ১কোটি টকাৰ অৰিহণা আগবঢ়োৱাৰ বাবে তেওঁ গোঁহাৰি জনায়।
এই সম্পৰ্কে প্ৰেৰণ কৰা এক পত্ৰত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে উল্লেখ কৰে যে ক’ভিড-১৯ৰ সংক্ৰমণে সৃষ্টি কৰা অভাৱনীয় পৰিস্থিতিৰ বিৰুদ্ধে যুঁজাৰ বাবে ভাৰত চৰকাৰৰ নেতৃত্বত ব্যক্তিগতখণ্ডকে ধৰি অন্যান্য সংশ্লিষ্ট পক্ষসমূহে ব্যাপক পদক্ষেপ গ্ৰহণ কৰিছে।
ক’ভিড-১৯ক সফলতাৰে প্ৰতিৰোধ কৰাৰ বাবে এই মুহূৰ্তত বিশাল পৰিমাণৰ বিত্তীয় সংসাধন, সা-সামগ্ৰী তথা মানৱ সম্পদৰ অতিকে প্ৰয়োজন বুলি উল্লেখ কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ভাৰত চৰকাৰে ইতিমধ্যে বিত্তীয় সংসাধান সংগ্ৰহ কৰাৰ বাবে ৰাষ্ট্ৰীয়, ৰাজ্যিক তথা জিলা পৰ্যায়ত বিভন্ন ব্যৱস্থা গ্ৰহণ কৰিছে।
এনে প্ৰেক্ষাপটতে ক’ভিড-১৯ৰ বিৰুদ্ধে চৰকাৰে ইতিমধ্যে আৰম্ভ কৰা অভিযানত সহায়ক হ’ব পৰাকৈ প্ৰতিগৰাকী সাংসদে তেওঁলোকৰ ‘এমপিএলএডিএছ’-ৰ ২০২০-২১ বিত্তীয় বৰ্ষৰ বাবে আৱণ্টিত পুঁজিৰ পৰা প্ৰাথমিক ভাবে কমেও ১কোটি টকাৰ অৰিহণা আগবঢ়োৱাৰ বাবে তেওঁ গোঁহাৰি জনায়।
এই প্ৰসংগত উপ ৰাষ্ট্ৰপতিগৰাকীয়ে ‘পৰিসংখ্যা আৰু কাৰ্যক্ৰম ৰূপায়ণ মন্ত্ৰালয়ে’ ক’ভিড-১৯ৰ প্ৰৱন্ধনৰ বাবে ‘এমপিএলএডিএছ’-ৰ পৰা এক কালীন ভাবে অৰিহণা আগবঢ়াব পৰাকৈ কৰা সংশোধিত বিধি-নিৰ্দেশনা জাৰি কৰাৰ কথা বিশেষ ভাবে উল্লেখ কৰে।
ইফালে দেশত সৃষ্টি হোৱা পৰিস্থিতিৰে যুঁজাৰ বাবে দুৰ্যোগ প্ৰবন্ধন ব্যৱস্থাটোক সকলো প্ৰকাৰে সহযোগিতা আগবঢ়াই অধিক শক্তিশালী কৰি তুলিবলৈ দেশৰ জন সাধাৰণৰ প্ৰতিও উপ ৰাষ্ট্ৰপতিগৰাকীয়ে আহ্বান জনায়। সংকটৰ এই মুহূৰ্তত দুখীয়া আৰু দুৰ্যোগপীড়িতসকলৰ প্ৰতি সহায়ৰ হাত আগবঢ়াই মহানুভৱতাৰ নিৰ্দশন দাঙি ধৰা সামাজিক সংগঠন আৰু অন্যান্য অনুষ্ঠান-প্ৰতিষ্ঠানসমূহক প্ৰশংসা কৰি তেওঁ সকলো নাগৰিককে কুশলে-নিৰাপদে থকাৰ বাবে ইতিমধ্যে চৰকাৰে প্ৰকাশ কৰা বিধি-ব্যৱস্থা কঠোৰ ভাবে মানি চলিবলৈ অনুৰোধ জনায়।
ইয়াৰ পূৰ্বে উপ ৰাষ্ট্ৰপতিগৰাকীয়ে লোকসভাৰ সন্মানীয় অধ্যক্ষ শ্ৰী ওম বিৰলা, দুয়োখন সদনৰে সচিব প্ৰধানদ্বয়ৰ সৈতে আলোচনা কৰাৰ লগতে ৰাজ্যসভাৰ উপাধ্যক্ষ আৰু ৰাজ্যসভাৰ বিভিন্ন ৰাজনৈতিক দলৰ নেতৃবৃন্দৰে ‘এমপিএলএডিএছ’ৰ পুঁজি সন্দৰ্ভত বাৰ্তালাপতো মিলিত হয়।
ইফালে তেওঁ সমাজৰ বিভিন্ন পৰ্যায়ৰ বহু সংখ্যক লোকে প্ৰধানমন্ত্ৰীৰ ‘পিএম-কেয়াৰ্ছ পুঁজি’লৈ সাহায্য আগবঢ়োৱাৰ বাবে সন্তোষ প্ৰকাশ কৰাৰ লগতে দেশৰ সকলো শ্ৰেণীৰ জন-সাধাৰণক এই পুঁজিলৈ সহায়ৰ হাত আবঢ়াবলৈ আহ্বান জনায়। এই প্ৰসংগত তেওঁ সহায় আৰু সহমৰ্মিতা প্ৰকাশৰ পুৰাতন ভাৰতীয় দৰ্শনৰ কথাও উল্লেখ কৰে।
দেশত সৃষ্টি হোৱা অভব্য পৰিস্থিতিত দিশহাৰা হৈ পৰা পৰিভ্ৰমী শ্ৰমিকসকলক খাদ্য আৰু আশ্ৰয় দানৰ বাবে স্বেচ্ছাসেৱী-জনহিতৈষী সংগঠনসমূহক আগবাঢ়ি আহিবলৈ আহ্বান জনাই উপ ৰাষ্ট্ৰপতিগৰাকীয়ে। এই প্ৰসংগত তেওঁ এইসকল শ্ৰমিকক সহায়ৰ হাত আগবঢ়াবলৈ তেওঁলোকক নিয়োজিত কৰা সংস্থা-প্ৰতিষ্ঠানসকলক আগবাঢ়ি অহাৰো কামনা কৰে।
এইসকল শ্ৰমিকে সন্মুখীন হোৱা সমস্যাৰ সমাধানৰ বাবে সমন্বিত ব্যৱস্থা গ্ৰহণৰ বাবে উপ ৰাষ্ট্ৰগৰাকীয়ে ‘শ্ৰম আৰু নিয়োগ’ দপ্তৰৰ স্বতন্ত্ৰ মন্ত্ৰী শ্ৰী সন্তোষ গংগোৱাৰ আৰু ভাৰত চৰকাৰৰ কেবিনেট সচিব শ্ৰী ৰাজীৱ গৌবাৰ সৈতেও আলোচনা কৰে।
****
VRRK/MS/MSY/RK/KB
(Release ID: 1609100)
Visitor Counter : 161
Read this release in:
Punjabi
,
English
,
Hindi
,
Marathi
,
Bengali
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam