শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

মহামাৰিৰ পৰিপ্ৰেক্ষিতত কৰ্মচাৰী ভৱিষ্য নিধি আঁচনিৰ পৰা সদস্যসকলে ঘূৰোৱাৰ প্ৰয়োজন নথকা আগধন উলিয়াব পৰাকৈ সংশোধনী অধিসূচিত কৰিলে শ্ৰম মন্ত্ৰালয়ে

তত্কালীন ভাবে দাবী মঞ্জুৰী নিশ্চিত কৰিবলৈ ক্ষেত্ৰ বিষয়াসকলক নিৰ্দেশ ইপিএফঅ’-ৰ

Posted On: 29 MAR 2020 12:14PM by PIB Guwahati

’ভিড-১৯ মহামাৰিৰ পৰিপ্ৰেক্ষিতত ‘কৰ্মচাৰী ভৱিষ্য নিধি আঁচনি’ৰ পৰা সদস্যসকলে ঘূৰোৱাৰ প্ৰয়োজন নথকা আগধন উলিয়াব পৰাকৈ ১৯৫২ চনৰ ‘কৰ্মচাৰী ভৱিষ্য নিধি আঁচনিখন’ৰ সংশোধনী সম্পৰ্কীয় ‘ডিএছআৰ ২২৫(ই)’ অধিসূচনা জাৰি কৰিছে শ্ৰম মন্ত্ৰালয়ে। এই অধিসূচনাৰ আধাৰত সদস্যসকলে তিনিমাহৰ ‘বেছিক ওৱেজ’ আৰু ‘ডিয়েৰনেছ এলাউন্স’ৰ বাবদত জমা হোৱা ধনৰাশি অথবা ভৱিষ্য নিধিত জমা হোৱা তিনিমাহৰ ধনৰাশিৰ ৭৫শতাংশ পৰ্যন্ত যিটোৱেই কম হ’ব সেই পৰিমাণৰ ধন উলিয়াব পাৰিব।

 

কৰ্তৃত্বশীল প্ৰধিকাৰীৰ দ্বাৰা ক’ভিড-১৯ক সমগ্ৰ দেশকে আবৰি ধৰা মহামাৰি বুলি ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিততে ১৯৫২চনৰ ‘কৰ্মচাৰী ভৱিষ্য নিধি আঁচনি’ৰ অন্তৰ্ভূক্ত সকলো সদস্যই নিধিৰ পৰা ঘূৰোৱাৰ প্ৰয়োজন নথকা আগধন উলিওৱাৰ বাবে যোগ্যতা অৰ্জন কৰিব। শেহতীয়া সংশোধনী জৰিয়তে ১৯৫২চনৰ ‘কৰ্মচাৰী ভৱিষ্য নিধি আঁচনি’ৰ ৬৮(এল) ধাৰাত এটা উপ ধাৰা(৩)সন্নৱিষ্ট কৰাৰ দিহা কৰা হৈছে। ‘কৰ্মচাৰী ভৱিষ্য নিধি (সংশোধিত)আঁচনি, ২০২০’ ২৮মাৰ্চ, ২০২০ৰ পৰা আনুষ্ঠানিক ভাবে বলবত কৰা হয়।

 

এই অধিসূচনা জাৰি হোৱাৰ পিছতে ইপিএফঅ’-ই তত্কালীন ভাবে দাবী মঞ্জুৰী নিশ্চিত কৰিবলৈ ক্ষেত্ৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। ক’ভিড-১৯ মহামাৰিয়ে সৃষ্টি কৰা পৰিস্থিতি চম্ভালিব পৰাকৈ আঁচনিখনৰ অন্তৰ্ভূক্ত সদস্যসকলক সহযোগিতা আগবঢ়োৱাত বিশেষ ততপৰতা প্ৰদৰ্শন কৰাৰ বাবে সংশ্লিষ্ট সকলো বিষয়া-কৰ্মচাৰীকে হাতে-কামে লাগিবলৈও ‘ইপিএফঅ’-ই সকলোকে আহ্বান জনাইছে।

 

*****

RCJ/SKP/JK/KB



(Release ID: 1609062) Visitor Counter : 144