প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

‘মন কী বাত ২.০’ৰ দশম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা মুল পাঠৰ অসমীয়া অনুবাদ (২৯.০৩.২০২০)

Posted On: 29 MAR 2020 12:42PM by PIB Guwahati

মোৰ মৰমৰ দেশবাসীসকল, সাধাৰণতেমন কী বাত মই বিভিন্ন বিষয়ৰ ওপৰত কথা পাতো৷ কিন্তু আজি দেশ আৰু বিশ্বত এটা বিষয়ৰ ওপৰতেই সৰ্বাধিক চৰ্চা হৈছে আৰু সেয়া ৰনা বিশ্বজনীন মহামাৰী ফলত উদ্ভৱ হোৱা ভয়ংকৰ সংকট৷ এনে ক্ষেত্ৰত মই অন্য বিষয়ে কথা পতাটো উচিত নহব৷ কিন্তু সবাতোকৈ প্ৰথমে মই দেশবাসীৰ ওচৰত ক্ষমা বিচাৰিছো৷ আৰু মোৰ আত্মাই কৈছে যে আপোনালোকে মোক নিশ্চয়কৈ ক্ষমা কৰিব কিয়নো এনে কিছুমান সিদ্ধান্ত মই গ্ৰহণ কৰিবলগীয়া হৈছে যাৰ ফলত আপোনালোকে কঠিন পৰিস্থিতিৰ মাজেৰে সময় পাৰ কৰিবলগীয়া হৈছে, বিশেষকৈ মোৰ দুখীয়া ভাই-ভনীসকলে বোধহয় ভাবিছে যে এইজন কেনে প্ৰধানমন্ত্ৰী যিয়ে আমাক সমস্যাৰ মাজলৈ ঠেলি দিছে৷ তেওঁলোকৰ ওচৰতো মই ক্ষমাপ্ৰাৰ্থী৷ বও পাৰে, বহু লোকে মোৰ ওপৰত খং কৰি আছে যে এনেয়ে কিদৰে সকলোকে ঘৰত বন্ধ হৈ থাকিবলৈ দিব পাৰে৷ মই আপোনালোকৰ সমস্যা অনুধাৱন কৰিছো, দুখ বুজিছো কিন্তু ভাৰতৰ দৰে ১৩০ কোটি আবাদীৰ এখন দেশত ৰনাৰ বিৰুদ্ধে যুঁজিবলৈ এই পদক্ষেপৰ অবিহনে অন্য পথ মোৰ ওচৰত নাই৷ ৰনাৰ বিৰুদ্ধে যুঁজ, জীৱন আৰু মৃত্যুৰ মাজৰ যুঁজৰ দৰে আৰু এই যুদ্ধত আমি জয়ী লাগিব আৰু সেইবাবেই এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰাটো আৱশ্যক আছিল৷ কোনেও এই পদক্ষেপৰ বাবে ৰাজী নহয় কিন্তু বিশ্বৰ বিভিন্ন প্ৰান্তৰ অৱস্থা পৰিলক্ষিত কৰিলে এয়াই সঠিক এক পথ যেন ভাৱ হয়৷ আপোনালোকে আপোনালোকৰ পৰিয়ালক সুৰক্ষিত কৰি ৰাখিব লাগিব৷ মই পুনৰবাৰ আপোনালোকে যি অসুবিধাৰ সন্মুখীন বলগীয়া হৈছে তাৰবাবে ক্ষমা বিচাৰিছো৷

বন্ধুসকল, আমাৰ ইয়াক কোৱা হয়- ‘এবম এবম বিকাৰঃ, অপী তৰুনহা সাধ্যতে সুখমঅৰ্থাৎ ৰোগ আৰু ৰোগৰ প্ৰকোপৰ পৰা আৰম্ভণীতেই মোকাবিলা কৰিব লাগে৷ নহলে পিছলৈ ৰোগ অসাধ্য হৈ পৰে আৰু ইয়াৰ চিকিৎসাও কঠিন হৈ পৰে৷ আৰু আজি সমগ্ৰ ভাৰতে, প্ৰতিজন ভাৰতীয়ই এই কথাই কৈছে৷ ভাতৃ আৰু ভগ্নীসকল, মাতৃ তথা জ্যেষ্ঠসকল, ৰনা ভাইৰাছে আজি সমগ্ৰ বিশ্বকে কাৰাগাৰলৈ পৰ্যবসিত কৰিছে৷ জ্ঞান, বিজ্ঞান, দুখীয়া, ধনী, দুৰ্বলী, শক্তিশালী সকলোকে প্ৰত্যাহ্বান জনাইছে৷ ৰাষ্ট্ৰৰ সীমাতো আৱদ্ধ হৈ থকা নাই, ইয়াৰ কোনো ক্ষেত্ৰ নাই, নাই ইয়াৰ কোনো জলবায়ুৰ সীমা৷ এই ভাইৰাছে মানৱক মৃত্যু মুখত পেলাই, তেওঁলোকক সমাপ্ত কৰাৰ বাবে জেদী হৈ উছিছে আৰু সেইবাবে প্ৰত্যেকে, সমগ্ৰ মানৱ জাতিয়ে এই ভাইৰাছক নিঃশেষ কৰাৰ বাবে ঐক্যৱদ্ধবাৱে সংকল্প গ্ৰহণ কৰিব লাগিহ৷ কিছুমান লোকে ভাবিছে যে তেওঁ লক্-ডাউন পালন কৰি যেন আনৰ সহায় কৰি আছে৷ আৰে ভাইসকল, এই ভ্ৰমত নাথাকিব৷ এই লক্-ডাউন আপুনি নিজে ৰক্ষা পৰাৰ বাবেহে৷ আপুনি নিজকে ৰক্ষা কৰিব লাগিব, নিজৰ পৰিয়ালক ৰক্ষা কৰিব লাগিব৷ এতিয়া আপোনালোকে আগন্তুক কেইবাটাও দিনলৈ ধৈৰ্য প্ৰদৰ্শিত কৰিব লাগিব, লক্ষ্মণ ৰেখা পালন কৰিব লাগিব৷ লগতে মই এয়াও জানো যে কোনেও আইন ভংগ কৰিবলৈ নিবিচাৰে, নিয়ম ভংগ কৰিবলৈ নিবিচাৰে কিন্তু কিছুমান লোকে এনেকুৱা কৰি আছে৷ কাৰণ তেওঁলোকে পৰিস্থিতিৰ গম্ভীৰতা অনুধাৱন কৰিব পৰা নাই৷ মই এই লোকসকলক বিচাৰিছো যে লক্-ডাউন ভংগ কৰিলে ৰনা ভাইৰাছৰ পৰা ৰক্ষা পৰাটো কঠিন হৈ পৰিব৷ সমগ্ৰ বিশ্বতে বহু লোকে এই ভ্ৰম মনতে লৈ আছিল৷ আজি তেওঁলোকে পচ্ছাতাপ কৰিবলগীয়া হৈছে৷ বন্ধুসকল, আমাৰ ইয়াত কোৱা হয়- ‘আৰোগ্যম পৰম ভাগ্যম স্বাস্থ্যম স্বাৰ্থ সাধনমঅৰ্থাৎ আৰোগ্যই সবাতোকৈ ডাঙৰ ভাগ্য৷ বিশ্বৰ সকলো সুখৰ ভাণ্ডাৰ স্বাস্থ্য৷ এনে ক্ষেত্ৰত নিয়ম ভংগ কৰা লোকসকলে নিজৰ জীৱনৰ সৈতে ভয়ংকৰ খেল খেলি আছে৷ বন্ধুসকল, এই যুদ্ধৰ এনে অনেক যোদ্ধা আছে যিসকলে ঘৰতেই নহয়, ঘৰৰ বাহিৰতো ভাইৰাছবিধৰ সৈতে যুদ্ধত অৱতীৰ্ণ হৈছে৷ এওঁলোক আমাৰ সন্মুখৰ শাৰীৰ সৈন্য৷ এওঁলোক বিশেষকৈ আমাৰ নাৰ্ছ ভাতৃ-ভগ্নীসকল, চিকিৎসকসকল, পেৰা-মেডিকেল কৰ্মীসকল৷ এওঁলোকে ৰনাক পৰাজিত কৰিছে৷ আজি আমি তেওঁলোকৰ পৰা অনুপ্ৰাণিত লাগে৷ বিগত দিন কেইটাত মই বহু লোকৰ সৈতে ফোনত কথা পাতিছো, তেওঁলোকৰ উৎসাহ বৃদ্ধি কৰিছো আৰু তেওঁলোকৰ সৈতে কথা পাতি মই নিজেও উৎসাহিত হৈছো৷ মই তেওঁলোকৰ পৰা অনেক কথা শিকিছো৷ সেইবাবে আজিমন কী বাত এনে বন্ধুসকলৰ সৈতেতেওঁলোকৰ অনুভৱ, তেওঁলোকৰ কথা-বতৰা মই বিনিময় কৰিব বিচাৰিছো৷ সৰ্ব প্ৰথমে আমাৰ সৈতে জড়িত শ্ৰী ৰামগম্পা তেজা মহোদয়৷ তেওঁ তথ্য প্ৰযুক্তিৰ পেছাৰ সৈতে জড়িত৷ আহক, তেওঁৰ অভিজ্ঞতা শুনো৷ হয়, ৰাম কওক৷

ৰামগম্পা তেজা- নমস্কাৰ ডাঙৰীয়া৷

মোদী জী- হয়, ৰাম, নমস্কাৰ৷

ৰামগম্পা তেজা- নমস্কাৰ, নমস্কাৰ৷

মোদী জী- মই শুনিছো যে আপুনি ৰনা ভাইৰাছৰ এই সংকটৰ পৰা মুক্তি পাইছে ?

ৰামগম্পা তেজা- হয়, ডাঙৰীয়া৷

মোদী জী- নিশ্চয়, মই আপোনাৰ সৈতে কিছু কথা পাতিব বিচাৰিছিলো৷ কওকচোন, আপুনি এই সংকটৰ পৰা কিদৰে মুক্তি পালে ? আপোনাৰ অনুভৱ বিনিময় কৰক৷

ৰামগম্পা তেজা- মই তথ্য প্ৰযুক্তিখণ্ডৰ এজন কৰ্মচাৰী৷ কামৰ বাবে ডুবাইলৈ গৈছিলো, সন্মিলন এখনত অংশগ্ৰহণ কৰিবলৈ৷ তালৈ লৈ জানি-নাজানি এয়া হৈ ল৷ ঘূৰি আহিয়েই জ্বৰত ভুগিলো৷ পাঁচ-ছয়দিনৰ পিছত চিকিৎসকে যেতিয়া ৰনা ভাইৰাছৰ পৰীক্ষা কৰিলে তেতিয়া ফলাফল ধনাত্মক আহিল৷ তেতিয়া মোৰ হায়দৰাবাদৰ চৰকাৰী চিকিৎসালয়, গান্ধী হাস্পতালত ভৰ্তি কৰোৱা ল৷ আৰু ১৪ দিনৰ পিছত ঠিক হোৱাৰ পিছত মোক যাবলৈ দিয়া ল৷ মোৰ বাবে এয়া অলপ ভয় লগা বিধৰ আছিল৷

মোদী জী- অৰ্থাৎ যেতিয়া আপুনি সংক্ৰমিত হোৱা বুল গম পালে৷

ৰামগম্পা তেজা- হয়৷

মোদী জী- আৰু ইয়াৰ পূৰ্বে এয়াতো গম পাইছিল যে এই ভাইৰাছবিধ বহু ভয়ংকৰ, সমস্যা পাৰে৷

ৰামগম্পা তেজা- হয়৷

মোদী জী- তেনেহলে তেতিয়া আপোনাৰ তৎক্ষাণিক প্ৰতিক্ৰিয়া কি আছিল ?

ৰামগম্পা তেজা- প্ৰথমে খুব ভয় খাইছিলো৷ প্ৰথমেতো বিশ্বাসেই হোৱা নাছিল যে এয়া কেনেকৈ ল৷ কাৰণ ভাৰতত তেতিয়া দুই নে তিনিজন লোকৰহে হৈছিল৷ আৰু এই বিষয়ে ভালকৈ গমো পোৱা নাছিলো৷ চিকিৎসালয়ত যেতিয়া মোক ভৰ্তি কৰোৱা ..তেতিয়া মোক কোৱাৰেণ্টাইনত থোৱা ল৷ প্ৰথম দুই-তিনিদিন এনেকৈয়ে পাৰ ল৷ কিন্তু তাত চিকিৎসক আৰু নাৰ্ছ আছিল যে….

মোদী জী- হয়

ৰামগম্পা তেজা- তেওঁলোকে মোৰ সৈতে খুব ভাল ব্যৱহাৰ কৰিছিল৷ প্ৰতিদিনে ফোনত মোৰ সৈতে কথা পাতিছিল আৰু মোৰ একো নহয়, মই আৰোগ্য হৈ উঠিম, এনেদৰে কথা পাতিছিল৷ দিনত দুবাৰ-তিনিবাৰকৈ চিকিৎসক আহিছিল, নাৰ্ছো আহিছিল৷ প্ৰথমে যি ভয় খাইছিলো পিছলৈ এনে লাগিল যে হয়, মই ভাল লোকৰ সৈতে আছো, তেওঁলোকে জানে ৰি কৰিব লাগে, আৰু মই আৰোগ্য হৈ উঠিম, এনেকুৱা অনুভৱ হৈছিল৷

মোদী জী- পৰিয়ালৰ লোকৰ মনৰ স্থিতি কেনে আছিল ?

ৰামগম্পা তেজা- যেতিয়া মোক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল তেতিয়া খুব চিন্তিত আছিল৷ কিন্তু তেওঁলোককো পূৰ্বে পৰীক্ষা কৰোৱা হৈছিল৷ সকলো ফলাফল ঋণাত্মক আহিছিল, এয়াই আমাৰ পৰিয়ালৰ বাবে, চৌপাশৰ লোকৰ বাবে আটাইতকৈ ডাঙৰ আশীৰ্বাদ আছিল৷ ইয়াৰ পিছত দিনে দিনে উন্নতিৰ ফালে আহিলো৷ চিকিৎসকে মোৰ সৈতে, আমাৰ পৰিয়ালৰ সৈতেও এই বিষয়ে কথা পাতিছিল৷

মোদী জী- আপুনি নিজে কি কি সাৱধানতা অৱলম্বন কৰিছিল, নিজৰ পৰিয়ালৰ বাবে কি কি সাৱধানতা অৱলম্বন কৰিছিল ?

ৰামগম্পা তেজা- পৰিয়ালৰ বাবেতোযেতিয়া মই কোৱাৰেণ্টাইনত আছিলো, কিন্তু কোৱাৰেণ্টাইনৰ পিছতো চিকিৎসকে কৈছিল যে আৰু ১৪ দিনৰ বাবে মই ঘৰতেই থাকিব লাগিব আৰু নিজকে ঘৰতে কোৱাৰেইণ্টাইনত থাকিবলৈ কৈছিল৷ চিকিৎসালয়ৰ পৰা অহাৰ পিছত মই এতিয়া ঘৰতেই আছো, মোৰ কোঠালিতেই আছে আৰু দিনৰ অধিকাংশ সময় মাস্ক পিন্ধি থাকো, যেতিয়াই খাবলৈ ওলাই তেতিয়া হাত ধুই লও, এয়া অতিশয় গুৰুত্বপূৰ্ণ৷

মোদী জী- ঠিক আছে ৰাম, আপুনি সুস্থ হৈ আহিছে৷ আপোনাক আৰু আপোনাৰ পৰিয়াললৈ মোৰ তৰফৰ পৰা অশেষ শুভকামনা থাকিল৷

ৰামগম্পা তেজা-ধন্যবাদ৷

মোদী জী- কিন্তু মই বিচাৰিম যে আপোনাৰ এই অনুভৱ..

ৰামগম্পা তেজা- হয়

মোদী জী- আপুনিতো তথ্য প্ৰযুক্তিখণ্ডত কাম কৰে

ৰামগম্পা তেজা- হয়

মোদী জী- তেন্তে এটা অডিঅবনাই..

ৰামগম্পা তেজা- হয়

মোদী জী- জনাসাধাৰণৰ মাজত বিনিময় কৰক, ছিয়েল মিডিয়াত ভাইৰেল কৰি তোলক৷ তেতিয়া কি , জনসাধাৰণে ভয়ো নাখায়, একে সময়তে নিজৰ যত্নৰ দ্বাৰা কিদৰে এই ৰোগৰ পৰা ৰক্ষা পৰিব পাৰি সেই বিষয়েও ভালদৰে গম পাব৷

ৰামগম্পা তেজা- হয় মহোদয়৷ এতিয়া বাহিৰলৈ আহি অনুভৱ কৰিছো যে সকলোৱে কোৱাৰেণ্টাইনৰ অৰ্থ কাৰাগাৰলৈ যোৱা বুলি ভাবি আছে৷ দৰাচলতে এনে নহয়৷ সকলোৱে জানিব লাগে যে চৰকাৰী কোৱাৰেণ্টাইন তেওঁৰ বাবে, তেওঁৰ পৰিয়ালৰ বাবে৷ জনসাধাৰণক মই পৰীক্ষা কৰিবলৈ বলৈ বিচাৰিছো আৰু কোৱাৰেণ্টাইনৰ অৰ্থ ভয় নকৰিব৷ কোৱাৰেণ্টাইনৰ অৰ্থ অন্যভাৱে নলব৷

মোদী জী- ঠিক আছে ৰাম, আপোনালৈ অশেষ শুভকামনা থাকিল৷

ৰামগম্পা তেজা- ধন্যবাদ

মোদী জী- ধন্যবাদ, অশেষ ধন্যবাদ

ৰামগম্পা তেজা- ধন্যবাদ

বন্ধুসকল, যিদৰে ৰামে লে যে তেওঁ সেই সকলো নিৰ্দেশাৱলী পালন কৰিছিল যি তেওঁক ৰনাত আক্ৰান্ত হোৱাৰ পিছত চিকিৎসকে প্ৰদান কৰিছিল৷ ইয়াৰ ফলস্বৰূপেই তেওঁ আজি সুস্থ হৈ সাধাৰণ জীৱন-যাপন কৰি আছে৷ আমাৰ সৈতে এনে আৰু এজন সতীৰ্থ আছে যিয়ে ৰনাক পৰাজিত কৰিছে আৰু তেওঁৰ গোটেই পৰিয়ালেই এই সংকটত জৰ্জৰিত হৈছিল৷ তৰুণ পুত্ৰও আক্ৰান্ত হৈছিল৷ আহক, আগ্ৰাৰ শ্ৰীমান অশোক কাপুৰৰ সৈতে আমি কথা পাতো৷

মোদী জী- অশোক ডাঙৰীয়া, নমস্কাৰ৷

অশোৰ কাপুৰ- নমস্কাৰ ডাঙৰীয়া৷ আপোনাৰ সৈতে কথা পাতিবলৈ পাই সৌভাগ্যবোধ কৰিছো৷

মোদী জী- আমাৰো সৌভাগ্য হৈছে৷ মই ফোন এইবাবেই কৰিছো কিয়নো আপোনাৰ সমগ্ৰ পৰিয়ালটো এই সংকটত আক্ৰান্ত হৈছিল৷

অশোক কাপুৰ- হয়, হয়৷

মোদী জী- মই আপোনাৰ পৰা নিশ্চিতভাৱে জানিব বিচাৰিম যে আপুনি এই সমস্যা, সংক্ৰমণৰ বিষয়ে কিদৰে জানিব পাৰিলে ? কি ? চিকিৎসালয়ত কি ? যাতে আপোনাৰ কথাৰ পৰা গুৰুত্বপূৰ্ণ কথাখিনি আমাৰ উপযোগী হয়৷

অশোক কাপুৰ- নিশ্চয় মহোদয়৷ মোৰ দুজন ৰা সন্তান৷ এজন গৈছিল ইটালীলৈ৷ তাত জোতাৰ প্ৰদৰ্শনী আছিল৷ আমি জোতা নিৰ্মাণৰ কাম কৰো, আমাৰ কাৰখানা আছে৷

মোদী জী- হয়৷

অশোক কাপুৰ- তেওঁ গৈছিল ইটালীলৈ৷ যেতিয়া তেওঁ উভতি আহিল

মোদী জী- হয়

আশোক কাপোৰ- আমাৰ জোঁৱাইও গৈছিল, তেওঁ দিল্লীত থাকে৷ তেওঁ যেতিয়া আক্ৰান্ত তেতিয়া তেওঁ ৰাম মনোহৰ লোহিয়া চিকিৎসালয়লৈ

মোদী জী- হয়

অশোক কাপুৰ- চিকিৎসালয়ত তেওঁক ধনাত্মক বুলি ঘোষণা কৰিলে আৰু ছফদৰজঙলৈ স্থানান্তৰিত কৰিলে৷

মোদী জী- হয়

অশোক কাপুৰ- আমালৈ ফোন আহিল যে আপোনালোকো তেওঁৰ সৈতে গৈছিল যেতিয়া পৰীক্ষা কৰাওক৷ দুয়োজন ৰা পৰীক্ষা কৰিবলৈ ল৷ ইয়াতেই, আগ্ৰাৰ জিলা চিকিৎসালয়ত৷ আগ্ৰাৰ জিলা চিকিৎসালয়ৰ পৰা আমাৰ গোটেই পৰিয়ালটোকেই মাতিলে৷ শেষত আমি গোটেই পৰিয়ালটোৱেই লো৷

মোদী জী- হয়

অশোক কাপুৰ- পৰৱৰ্তী দিনা তেওঁলোকে লে যে আপোনালোকৰ যি ছয়জন মানুহ আছে- মোৰ দুজন ৰা, মোৰ পত্নী, মোৰ বয়স তেইসত্তৰ বছৰ, মোৰ পত্নী আৰু মোৰ পুত্ৰ পত্নী, আৰু মোৰ ষোল্ল বছৰীয়া নাতি৷ আমাক ছয়োজনকে ধনাত্মক বুলি লে আৰু দিল্লীলৈ লৈ যাবলৈ বিচাৰিলে৷

মোদী জী- হে ভগৱান!

অশোক কাপোৰ- মহোদয়, আমি ভয় খোৱা নাছিলো৷ ভালেই , গম পালো৷ আমি সকলোৱে দিল্লীৰ ছফদৰজং চিকিৎসালয়লৈ লো৷ আগ্ৰাৰ চিকিৎসালয়ৰ পৰাই আমাক এম্বুলেন্স দিছিল৷ কোনো ধন নললে৷ তেওঁলোকে আমাৰ পূৰ্ণ সহযোগিতা আগবঢ়ালে৷

মোদী জী- এম্বুলেন্সত আহিল আপোনালোক?

অশোক কাপুৰ- হয়, মহোদয়, এম্বুলেন্সত আহিলো৷ আমাৰ সৈতে চিকিৎসকো আহিছিল৷ ছফদৰজং চিকিৎসালয়ত ইতিমধ্যেই গেটত চিকিৎসক ৰৈ আছিল৷ তেওঁলোকে আমাৰ এটা ৱাৰ্ডলৈ স্থানান্তৰিত কৰিলে৷ আমাক ছয়োজনকে পৃথক পৃথক কোঠালি প্ৰদান কৰিলে৷ আমি ১৪ দিনলৈ সেই চিকিৎসালয়ত অকলশৰীয়াকৈ থাকিলো৷ আৰু চিকিৎসকসকলে যথেষ্ট সহায় কৰিলে, আমাৰ সৈতে সুন্দৰ ব্যৱহাৰ কৰিলে৷ তেওঁলোকে এক ভিন্ন ধৰণৰ পোছাক পিন্ধি আহিছিল, সেয়ে গম নাপালো যে নাৰ্ছেই হয় নে ৱাৰ্ড বয়েই হয়৷ তেওঁলোকে ড়ি কৈছিল সেয়া আমি পালন কৰিছিলো৷ আমি শতাংশও সমস্যা নাপালো৷

মোদী জী- আপোনাৰ আত্মবিশ্বাস যথেষ্ট শক্তিশালী৷

অশোক কাপুৰ- হয় মহোদয়, মই এতিয়া সম্পূৰ্ণ সুস্থ৷ মই আঁঠুৰো অস্ত্ৰোপচাৰ কৰিছো৷ তথাপিও মই সুস্থ৷

মোদী জী- কিন্তু এনে এক বৃহৎ সংকটত আপোনাৰ পৰিয়ালৰ সৈতে ষোল্ল বছৰীয়া শিশুটোও আক্ৰান্ত বলগীয়া ল৷

অশোক কাপুৰ- তেওঁৰ পৰীক্ষা চলি আছিল৷ আইচিএছইৰ পৰীক্ষা চলি আছিল৷ মই লো যে জীৱন থাকিলে পিছতো পৰীক্ষা দিব পৰা যাব৷ কোনো কথা নাই৷

মোদী জী- ঠিক কথা৷ ঠিক আছে, আপোনাৰ অনুভৱ কামত আহিল৷ সমগ্ৰ পৰিয়ালক প্ৰত্যয়িত কৰিলে, সাহস দেখুৱালে৷

অশোক কাপুৰ- হয়, আমি প্ৰত্যেকেই প্ৰত্যেকক সাহস দিছিলো৷ ফোনতে কথা পাতিছিলো৷ মিলা-মিছা কৰা নাছিলো আৰু চিকিৎসকসকলেও বলগীয়া যত্নখিনি লৈছিল৷ আমি তেওঁলোকৰ ওচৰত কৃতজ্ঞ যে তেওঁলোকে আমাক সহযোগিতা কৰিলে৷ যি নাৰ্ছ, কৰ্মী আছিল, তেওঁলোকেও আমাক সহযোগিতা প্ৰদান কৰিলে৷

মোদী জী- ঠিক আছে, আপোনাক আৰু আপোনাৰ পৰিয়ালৰ সদস্যলৈ মোৰ তৰফৰ পৰা অশেষ শুভকামনা থাকিল৷

অশোক কাপুৰ- ধন্যবাদ মহোদয়৷ আপোনাৰ সৈতে কথা পাতি সুখী লো৷

মোদী জী- নাই নাই..আমিও….

অশোক কাপুৰ- ইয়াৰ পিছতো মহোদয়, কোনো ধৰণৰ সজাগতাৰ বাবে ৰবালৈ যাবলগীয়া লে, কিবা কৰিবলগীয়া লে আমি সকলো সময়তে প্ৰস্তুত৷

মোদী জী- নহয়, আপুনি নিজৰ ধৰণে আগ্ৰাতেই কৰক৷ কোনোবা ভোকত থাকিলে তেওঁক খাদ্য প্ৰদান কৰক৷

অশোক কাপুৰ- নিশ্চয় নিশ্চয়

মোদী জী- দুখীয়াৰ কথা চিন্তা কৰক আৰু নিয়মসমূহ পালন কৰক৷ জনসাধাৰণক বুজাওক যে আপোনাৰ পৰিয়াল কিদৰে আক্ৰান্ত হৈছিল৷ কিন্তু আপুনি নিয়মসমূহ পালন কৰি নিজৰ পৰিয়ালক ৰক্ষা কৰিলে৷ সকলো লোকে নিয়ম পালন কৰিলে দেশো ৰক্ষা পৰিব৷

অশোক কাপুৰ- মোদী মহোদয়, আমি ভিডিঅআদি প্ৰস্তুত কৰি চেনেলত বিনিময় কৰিছো৷

মোদী জী- আচ্ছা৷

অশোক কাপুৰ- চেনেলসমূহে দেখুৱাইছে আৰু সেইবাবে জনসাধাৰণে সজাগ হৈছে আৰু..

মোদী জী- চিয়েল মিডিয়াতো ইয়াক জনপ্ৰিয় কৰিব লাগে৷

অশোক কাপুৰ- হয় হয়, আমি যিটো লনীত থাকো, সেয়া অতিশয় পৰিষ্কাৰ-পৰিচ্ছন্ন লনী, আমি সকলোকে কৈছো যে আমি আহি লো, সেয়ে ভয় নাখাব৷ কোনোবা সমস্যাত আক্ৰান্ত হৈছে, পৰীক্ষা কৰাওক৷ আৰু যিসকলে আমাৰ সৈতে মিলা-মিছা কৰিছিল তেওঁলোকেও পৰীক্ষা কৰাওক৷ ঈশ্বৰৰ কৃপাত কুশলে থাকক৷

মোদী জী- ঠিক আছে, আপোনালোক সকলোলৈ অশেষ শুভকামনা থাকিল৷

বন্ধুসকল, আমি অশোক মহোদয় আৰু তেওঁৰ পৰিয়ালৰ দীৰ্ঘায়ু কামনা কৰিলো৷ যিদৰে তেওঁ লে যে শংকিত নোহোৱাকৈ উপযুক্ত সময়ত উপযুক্ত পদক্ষেপ গ্ৰহণ কৰি, চিকিৎসকৰ সৈতে যোগাযোগ কৰি, উপযুক্ত সাৱধানতাকে আমি এই মহামাৰীক পৰাজিত কৰিব পাৰো৷ বন্ধুসকল, আমি চিকিৎসা পৰ্যায়ত এই মহামাৰীৰ সৈতে কিদৰে মোকাবিল কৰি আছো সেই বিষয়ে জানিবলৈ মই কিছুসংখ্যক চিকিৎসকৰ সৈতে কথা পাতিছো যিসকলে সন্মুখৰ শাৰীৰৰ পৰা এই যুদ্ধ চম্ভালি আছে৷ তেওঁলোকে দৈনিক এই ৰোগীসকলৰ সৈতে জড়িত আছে৷ আহক, আমাৰ সৈতে আছে দিল্লীৰ চিকিৎসক নীতেশ গুপ্তা

মোদী জী- নমস্কাৰ ডাক্টৰ৷

ডাঃ নীতেশ গুপ্তা- নমস্কাৰ মহোদয়৷

মোদী জী- নমস্কাৰ নীতেশ মহোদয়৷ আপোনালোকে এই যুদ্ধত ব্যস্ত হৈ আছে, মই জানিব বিচাৰিছো যে চিকিৎসালয়ত বাকীসকলৰ মানসিক স্থিতি কেনেকুৱা এতিয়া ?

ডাঃ নীতেশ গুপ্তা- সকলোৱে আশাবাদী হৈ আছে৷ আপোনাৰ আশীৰ্বাদ সকলোৰে সৈতে আছে৷ আপুনি সকলো চিকিৎসালয়কে সমৰ্থন প্ৰদান কৰিছে, আমি যি বস্তু বিচাৰিছো সেয়া আপুনি দি আছে৷ সৈন্যই যিদৰে সীমাত যুদ্ধত অৱতীৰ্ণ হয় ঠিক সেইদৰে আমিও ব্যস্ত হৈ পৰিছো৷ আৰু আমাৰ কৰ্তব্য এয়াই যে ৰোগী সুস্থ হৈ যাতে ঘৰলৈ যাব পাৰে৷

মোদী জী- আপোনাৰ কথা সঠিক৷ এয়া যুদ্ধসদৃশ স্থিতি আৰু আপোনালোকেই ইয়াৰ গুৰি-বঠা চম্ভালি আছে৷

ডাঃ নীতেশ গুপ্তা- হয় মহোদয়৷

মোদী জী- আপোনালোকে চিকিৎসাৰ সৈতে ৰোগীৰ কাউন্সেলিঙো কৰি আছে ?

ডাঃ নীতেশ গুপ্তা- হয় মহোদয়৷ সেয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথা৷ কাৰণ ৰোগীয়ে শুনিয়েই আতংকিত হৈ পৰে যে তেওঁৰ সৈতে এয়া কি হৈছে৷ তেওঁলোকক বুজাব লাগে, যে আগন্তুক ১৪টা দিনৰ ভিতৰত তেওঁলোক আৰোগ্য হৈ উঠিব, ঘৰলৈ যাব পাৰিব৷ এই পৰ্যন্ত আমি এনে ১৬ গৰাকী ৰোগীক ঘৰলৈ পঠিয়াইছো৷

মোদী জী- তেন্তে যেতিয়া আপুনি কথা পাতে, সামূহিক ভাৱে কি প্ৰত্যক্ষ কৰে, আতংকিত লোকে কি কথাক লৈ উদ্বিগ্ন হয় ?

ডাঃ নীতেশ গুপ্তা- তেওঁলোকে ভাবে যে এতিয়া কি ? আগলৈ কি ? অন্য দেশৰ লোক ইমানকৈ মৃত্যু মুখত পৰিছে যেতিয়া আমাৰ সৈতেও এয়াই ব৷ আমি তেওঁলোকক বুজাও যে আপোনাৰ কোনটো সমস্যা কেতিয়া ঠিক ব৷ আপোনাৰ পৰিঘটনাটো সামান্য ধৰণৰ৷ সাধাৰণ চৰ্দী-জ্বৰৰ দৰে৷ সাধাৰণ চৰ্দী-জ্বৰ যিদৰে ঠিক হৈ যায় তেনেকৈ এয়াও পাঁচ-ছয় দিনতে ঠিক হৈ যাব৷ পিছত যেতিয়া আমি আপোনাৰ পৰীক্ষা কৰিম, তেতিয়া ঋণাত্মক ফলাফল ওলালে ঘৰলৈ পঠিয়াই দিয়া ব৷ আমি সেইবাবে দুই-তিনি ঘণ্টাই তেওঁলোকৰ ওচৰলৈ গৈ খবৰ সোঁধো৷ তেওঁলোকে আশ্বস্ত লেহে ভাল পায়৷

মোদী জী- তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি হয়৷ আৰম্ভণিতে ভয় খায় নহয় জানো ?

ডাঃ নীতেশ গুপ্তা- আৰম্ভণিতে ভয় খায়, কিন্তু যেতিয়া বুজাওদুই তিনিদিনৰ পিছত আৰোগ্য বলৈ আৰম্ভ কৰিলে প্ৰত্যয়িত হয় যে তেওঁলোক ঠিক পাৰে৷

মোদী জী- কিন্তু সকলো চিকিৎসকে জীৱনৰ সকলোতকৈ বৃহৎ সেৱাৰ কামৰ দায়িত্ব পাইছে বুলি ভাবে নে ?

ডাঃ নীতেশ গুপ্তা- হয় মহোদয়, নিশ্চয়৷ আমি আমাৰ দলটোক উৎসাহিত কৰি ৰাখো যে ভয় খাবলগীয়া একো নাই, এনেকুৱা কোনো কথা নাই৷ যদি আমি সম্পূৰ্ণ সাৱধানতা অৱলম্বন কৰো, ৰোগীসকলক সাৱধানতাসমূহ বুজাই দিও, তেতিয়া সকলো ঠিকে থাকিব৷

মোদী জী- ঠিক আছে ডাক্টৰ৷ আপোনালোকৰ তালৈ যেতিয়া বৃহৎ সংখ্যাত ৰোগী আহে তেতিয়া আপোনালোক মনে-প্ৰাণে জড়িত হৈ পৰে৷ আপোনাৰ সৈতে কথা পাতি ভাল লাগিল৷ মই আপোনালোকৰ সৈতে আছো৷ যুদ্ধ চলাই যাওক৷

ডাঃ নীতেশ গুপ্তা- আপোনাৰ আশীৰ্বাদ থাকক, আমি এয়াই বিচাৰো৷

মোদী জী- অশেষ শুভকামনা থাকিল৷

ডাঃ নীতেশ গুপ্তা-ধন্যবাদ মহোদয়৷

মোদী জী- ধন্যবাদ৷ নীতিশ মহোদয়, আপোনাক অনেক সাধুবাদ৷ আপোনালোকৰ দৰে লোকৰ প্ৰয়াসৰ ফলত ভাৰতে ৰনাৰ বিৰুদ্ধে নিশ্চয় জয়ী ব৷ মই আপোনালোকক নিজৰ স্বাস্থ্যৰ প্ৰতিও মনোযোগ দিবলৈ আহ্বান জনাইছো৷ নিজৰ পৰিয়ালৰো ধ্যান ৰাখক৷ বিশ্বৰ বিভিন্ন প্ৰান্তত ঘটা ঘটনাসমূহৰ পৰা দেখা গৈছে যে এই ৰোগৰ দ্বাৰা সংক্ৰমিত হোৱাৰ ৰোগীৰ সংখ্যা হঠাতে বৃদ্ধি পাইছে৷ হঠাতে বৃদ্ধি পোৱা বাবে বিদেশত স্বাস্থ্য খণ্ডই বহু সমস্যাৰ সন্মুখীন বলগীয়া হৈছে৷ ভাৰতত যাতে এনে পৰিস্থিতিৰ উদ্ভৱ নহওক, তাৰবাবে আমি নিৰন্তৰে প্ৰয়াস কৰিব লাগে৷ আৰু এজন চিকিৎসক আমাৰ সৈতে জড়িত হৈছেশ্ৰীমান ডাক্টৰ বোৰছে

মোদী জী- নমস্কাৰ ডাক্টৰ৷

চিকিৎসক- নমস্কাৰ, নমস্কাৰ৷

মোদী জী- নমস্কাৰ৷ আপোনালোকেএক জন-সেৱা, প্ৰভু-সেৱা মানসিকতাৰে কামত নামি পৰিছে৷ মই আজি আপোনাৰ সৈতে কিছু কথা পাতিবলৈ বিচাৰিছো৷ অনেক লোকৰ মনত এটা প্ৰশ্নৰ উদয় হৈছে যে কেতিয়া চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাগে আৰু কেতিয়া তেওঁলোকে ৰনাৰ পৰীক্ষা কৰিব লাগে? এজন চিকিৎসক হোৱাৰ পৰিপ্ৰেক্ষিতত আপুনি নিজকে এই ৰনাৰ ৰোগীসকলৰ বাবে নিজকে সমৰ্পিত কৰিছে৷ মই আপোনাৰ পৰা শুনিবলৈ বিচাৰিছো৷

চিকিৎসক- মহোদয়, মই পুণেৰ বি জে মেডিকেল কলেজৰ অধ্যাপক৷ আৰু আমাৰ পুণে পৌৰনিগমৰ চিকিৎসালয় আছে, নাইডু চিকিৎসায়৷ তাত জানুৱাৰী ২০২০ৰ পৰা পৰীক্ষণ কেন্দ্ৰ আৰম্ভ কৰা হৈছে৷ তাত আজি পৰ্যন্ত ১৬টা ভিড-১৯ জিটিভ পৰিঘটনা পোৱা গৈছে৷ আৰু যি ১৬টা ধনাত্মক পৰিঘটনা পোৱা গৈছে, আমি তেওঁলোকক কোৱাৰেণ্টাইন কৰি, আচুতীয়াকৈ ৰাখি জন লোকক মুকলিও কৰি দিছো৷ আৰু বাকী ৯টা পৰিঘটনা, তেওঁলোকো এতিয়া সুস্থিৰে আছে৷ দেহত ভাইৰাছ থকা স্বত্বেও তেওঁলোকে সুস্থিৰে আছে আৰু আৰোগ্য লাভ কৰিবলৈ ধৰিছে৷ যদিও ইয়াত ১৬টা পৰিঘটনা দেখিবলৈ পোৱা গৈছে কিন্তু তৰুণ প্ৰজন্মও যে আক্ৰান্ত হৈছে এনে ভাৱ হৈছে৷ তৰুণ প্ৰজন্মৰ কাৰণে এই ৰোধ অধিক গুৰুতৰ নহয়৷ বাকী ৯জন লোকক আমি নিতৌ নিৰীক্ষণ কৰি আছো৷ চাৰি-পাঁচ দিনৰ ভিতৰতে তেওঁলোকো সুস্থ হৈ উঠিব৷ যিসকলে আমাৰ ইয়ালৈ সন্দেহৰ আৱৰ্তত আহে, আন্তৰ্জাতিক ভ্ৰমণকাৰীসকল আহে, তেওঁলোককো আমি নিৰীক্ষণ কৰি আছো৷ যিসকলৰ ফলাফল ধনাত্মক পাইছো তেওঁলোকক আমি জিটিভ ৱাৰ্ডলৈ স্থানান্তৰিত কৰিছো আৰু ঋণাত্মক অহাবোৰক হোম কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰিছো৷ ঘৰত কিদৰে কোৱাৰেণ্টাইন পালন কৰিব পাৰি সেই বিষয়ে উপদেশ দি পঠিয়াইছো৷

মোদী জী- তাত কেনেদৰে বুজায় আপোনালোকে ? ঘৰত কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেয়া অলপ কওক৷

চিকিৎসক- মহোদয়, যদি আপুনি ঘৰত আছে তেন্তে ঘৰতো আপুনি হোম কোৱাৰেণ্টাইন কৰিব লাগিব৷ প্ৰথমে নিজকে ছফুট দূৰত্বত ৰাখিব লাগিব৷ দ্বিতীয়তে, তেওঁ মাস্ক ব্যৱহাৰ কৰিব লাগিব আৰু হাত দুখন ধুই থাকিব লাগিব৷ যদি আপোনাৰ ওচৰত ছেনিটাইজাৰ নাই তেন্তে সাধাৰণ চাবোনেৰেও হাত ধুব পাৰে আৰু সঘনাই ধুব লাগে৷ আৰু যেতিয়া আপুনি কাহিব তেতিয়া ৰুমাল ব্যৱহাৰ কৰক৷ যাতে ড্ৰপলেটসমূহ দূৰলৈ নাযায় অথবা মাটিত নপৰে৷ এনেদৰে বুজাইছো মহোদয়৷ দ্বিতীয়তে বুজাইছো যে তেওঁলোকে ঘৰতে থাকিব লাগিব, বাহিৰলৈ যাব নোৱাৰে৷ এতিয়াটো লক্-ডাউন হৈছে, তেওঁলোকে নিজকে ন্যূনতম ১৪ দিনৰ বাবে লক্-ডাউন কৰি ৰাখিব লাগে৷

মোদী জী- ঠিক আছে ডাক্টৰ৷ আপোনালোকে অতি সমৰ্পিত মনোভাৱেৰে দলৰ সৈতে সেৱাত ব্ৰতী হৈছে৷ মোৰ বিশ্বাস যে যিমানবোৰ ৰোগী আহিছে, তেওঁলোক আটাইয়ে সুস্থ হৈ নিজৰ ঘৰলৈ যাবগৈ আৰু আমি এই যুদ্ধতো বিজয়ী ম৷ আপোনালোকৰ সহায়ৰ দ্বাৰা৷

চিকিৎসক- মহোদয়, আমি জয়ী বুলি সম্পূৰ্ণ বিশ্বাসী৷ এই যুদ্ধত আমি জয়ী ম৷

মোদী জী- অনেক শুভকামনা থাকিল আপোনালৈ, ধন্যবাদ৷

চিকিৎসক- ধন্যবাদ মহোদয়৷

বন্ধুসকল, আমাৰ এই সতীৰ্থসকলে দেশক এই সংকটৰ পৰা মুক্ত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছে৷ এওঁলোকে যি কথা আমাক কৈছে সেয়া কেৱল শুনাই নহয়, বৰঞ্চ পালনো কৰিব লাগিব৷ আজি চিকিৎসকসকলক ত্যাগ, তপস্যা আৰু সমৰ্পণৰ ভাৱ দেখি মোৰ আচাৰ্য চৰকৰ এটা কথা মনলৈ আহিছে৷ আচাৰ্য চৰকে চিকিৎসকসকলৰ বাবে এক সঠিক কথা কৈছিল-

আত্মাৰ্থম অপি কামাৰ্থম অতভুত দয়াম প্ৰতি৷৷

ৱৰ্ততে য়ত্ চিকিৎসায়াং সবৰ্ম ইতি বৰ্ততে৷৷

অৰ্থাৎ ধন আৰু কোনো বিশেষ কামনাক লৈ নহয়, বৰঞ্চ ৰোগীসকলৰ সেৱাৰ বাবে, দয়াৰ ভাবেৰে যি কাৰ্য কৰে, তেওঁৱেই সৰ্বশ্ৰেষ্ঠ চিকিৎসক হয়৷

বন্ধুসকল, মানৱতাৰে পৰিপূৰ্ণ প্ৰতিগৰাকী নাৰ্ছক আজি মই সেৱা জনাইছোআপোনালোকে যি সেৱা মনোভাৱেৰে কাম কৰি আছে সেয়া অতুলনীয়এয়া এক আচৰিত সংযোগ যে ২০২০ বৰ্ষটো সমগ্ৰ বিশ্বই নাৰ্ছ আৰু মিডৱাইফৰ আন্তৰ্জাতিক বৰ্ষ হিচাপে পালন কৰি আছেইয়াৰ সম্পৰ্ক ২০০ বছৰ আগেয়ে ১৮২০ চনত জন্ম গ্ৰহণ কৰা ফ্লৰেন্স নাইটিংগেলৰ সৈতে আছেযিয়ে মানৱ সেৱাক, নাৰ্ছিঙক এক নতুন পৰিচয় প্ৰদান কৰিছিলএক নতুন উচ্চতাত অৱৰোহণ কৰাইছিলবিশ্বৰ প্ৰতিগৰাকী নাৰ্ছৰ সেৱা মনোভাৱক সমৰ্পিত এই বৰ্ষটো নিশ্চিত ভাৱে নাৰ্ছিং সমাজৰ বাবে এক বৃহৎ পৰীক্ষা হিচাপে উদ্ভাসিত হৈছেমোৰ বিশ্বাস যে আপোনালোক সকলোৱে এই পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ আৰু অনেক লোকৰ জীৱনো ৰক্ষা কৰিব পাৰিব

আপোনালোকৰ দৰে অনেক সতীৰ্থৰ উৎসাহৰ ফলতেই আজি আমি ইমান বৃহৎ যুদ্ধৰ মুখামুখি পাৰিছো৷ আপোনালোকৰ দৰে সতীৰ্থ লাগিলে চিকিৎসকেই হওক, নাৰ্ছেই হওক, পেৰা মেডিকেলেই হওক, আশা, এএনএম কৰ্মী, চাফাই কৰ্মীয়েই হওক, আপোনালোকৰ স্বাস্থ্যক লৈও দেশে চিন্তা কৰিছে৷ সেইবাবে প্ৰায় ২০ লাখ এনে সতীৰ্থৰ বাবে ৫০ লাখ টকা পৰ্যন্ত স্বাস্থ্য-বীমাৰ ঘোষণা চৰকাৰে কৰিছে যাতে আপোনালোকে এই যুদ্ধত অধিক আত্মবিশ্বাসেৰে দেশক নেতৃত্ব প্ৰদান কৰিব পাৰে৷

মোৰ মৰমৰ দেশবাসীসকল, ৰনা ভাইৰাছৰ বিৰুদ্ধে এই যুদ্ধত আমাৰ ওচৰে-পাজৰে এনে অনেক লোক আছে যি সমাজৰ বাবে বাস্তৱিকতে নায়কৰ ভূমিকা পালন কৰি সকলোতকৈ আগত থিয় দিছে৷ মোলৈ নৰেন্দ্ৰ মোদী এপত, নমো এপত বেংগালুৰুৰ নিৰঞ্জন সুধাকৰ হেব্বাল মহোদয়ে লিখিছে যে এনে লোক দৈনিক জীৱনৰ নায়ক হয়৷ এয়া সত্য কথা৷ এওঁলোকৰ বাবে আমাৰ দৈনন্দিন জীৱন সুগম হৈ পৰে৷ আপোনালোকে কল্পনা কৰক যে এদিন আপোনাৰ ঘৰলৈ পানী অহা বন্ধ হৈ অথবা ঘৰৰ বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰিল, তেনে ক্ষেত্ৰত এই দৈনিক জীৱনৰ নায়কসকলেই আমাৰ সমস্যা দূৰ কৰে৷ আপোনাৰ ওচৰত থকা সৰু গেলামালৰ দোকানখনৰ কথা ভাবক৷ আজিৰ এই কঠিন পৰিস্থিতিৰ সময়ছোৱাতো তেওঁ কাম কৰি আছে৷ কাৰ বাবে? যাতে আপোনালোকে অত্যাৱশ্যকীয় সামগ্ৰীসমূহ লাভ কৰিব পাৰে৷ ঠিক সেইদৰে, সেই চালক, সেই কৰ্মীসকলৰ কথা ভাবক যিয়ে অহৰহ এনেদৰে কামত ব্যস্ত হৈ পৰিছে যাতে দেশৰ অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ যোগান শৃংখলা ব্যাহত নহয়৷ আপোনালোকে দেখিছে যে বেংকিং সেৱা চৰকাৰে চলাই ৰাখিছে আৰু বেংকিং ক্ষেত্ৰত আমাৰ লোকসকলে সম্পূৰ্ণ নিষ্ঠাৰে আপোনালোকৰ সেৱাত ব্ৰতী হৈ আছে৷ আজিৰ সময়ত এই সেৱা সৰু সেৱা নহয়৷ সেই বেংকৰ লোকসকলকো আমি যিমানেই ধন্যবাদ কৰিম সিমানেই কম ব৷ বৃহৎ সংখ্যাত আমাৰ বহু সতীৰ্থই -কমাৰ্চৰ সৈতে জড়িত উদ্যোগসমূহৰ যোগানৰ কাম কৰি আছে৷ এওঁলোকে এই কঠিন সময়তো গেলামালৰ সামগ্ৰী যোগান ধৰি আছে৷ চিন্তা কৰক, আপুনি এই লক্-ডাউনৰ সময়ত টিভি চাই আছে, ঘৰতে থাকি ফোন আৰু ইণ্টাৰনেট ব্যৱহাৰ কৰি আছে- এইসমূহ সুচাৰুৰূপে চলাই ৰাখিবলৈ কোনোবা নহয় কোনোবাজনে নিজৰ জীৱনটো আগুৱাই দিছে৷ এই সময়ছোৱাত অধিকাংশ লোকে যিয়ে ডিজিটেল লেনদেন কৰি আছে, সেয়াও চলাই ৰাখিবলৈ বহু মানুহে কাম কৰি আছে৷ লক্-ডাউনৰ সময়ছোৱাত এওঁলোকেই দেশৰ কাম-কাজ চম্ভালি আছে৷ আজি প্ৰতিজন দেশবাসীৰ তৰফৰ পৰা মই সেইসকল লোকক কৃতজ্ঞতা প্ৰকাশ কৰিছো, তেওঁলোকক অনুৰোধ কৰিছো যে নিজৰ বাবেও যেন তেওঁলোকে সুৰক্ষ্মাত্মক ব্যৱস্থা গ্ৰহণ কৰে, নিজৰ ধ্যান ৰাখে আৰু পৰিয়ালৰো যাতে ধ্যান ৰাখে৷

মোৰ মৰমৰ দেশবাসীসকল, মই কিছুমান এনে ঘটনাৰ বিষয়ে জানিবলৈ পাইছো ৰনা ভাইৰাছত আক্ৰান্তসকলক অথবা যাক হোম কোৱাৰেণ্টাইনত থাকিবলৈ দিয়া হৈছে তেওঁলোকক কিছুমান লোকে দুৰ্ব্যৱহাৰ কৰিছে৷ এই কথা শুনি মই অত্যন্ত দুখ পাইছো৷ এয়া দুৰ্ভাগ্যজনক কথা৷ আমি এয়া বুজিব লাগিব যে বৰ্তমানৰ পৰিস্থিতিত আমি কেৱল সামাজিক ব্যৱধান পালন কৰিব লাগিব, আবেগিক অথবা মানসিক ব্যৱধান নহয়৷ এওঁলোক অপৰাধী নহয়, এওঁলোক ভাইৰাছৰ দ্বাৰাহে আক্ৰান্ত৷ এওঁলোকে আনক সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ নিজকে আচুতীয়াকৈ ৰাখিছে৷ কোনো স্থানত কিছুমান লোকে নিজৰ দায়িত্ব গম্ভীৰতাৰে পালন কৰিছে৷ ভাইৰাছৰ লক্ষণ নেদেখুৱালেও নিজকে কোৱাৰেণ্টাইন কৰিছে৷ এয়া তেওঁলোকে এইবাবেই কৰিছে কিয়নো তেওঁলোক বিদেশৰ পৰা ঘূৰি আহিছে আৰু দুগুণ সাৱধানতা পালন কৰিছে৷ তেওঁলোকে এয়া সুনিশ্চিত কৰিব বিচাৰিছে যে আন কোনো লোক যাতে এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত নহয়৷ সেইবাবে মানুহে যেতিয়া নিজে দায়িত্ব প্ৰদৰ্শন কৰিছে, তেনেস্থলত তেওঁলোকৰ সৈতে দুৰ্ব্যৱহাৰ কৰাটো ঠিক নহয়, তেওঁলোকক সহানুভূতিৰে সহযোগ কৰিব লাগে৷

ৰনা ভাইৰাছৰ সৈতে যুঁজ কৰাৰ সবাতোকৈ কাৰ্যকৰী পদ্ধতি সামাজিক ব্যৱধান৷ কিন্তু আমি এয়া বুজিব লাগিব যে সামাজিক ব্যৱধান মানে সামাজিক মিলা-মিছা বন্ধ কৰা নহয়৷ এই সময়ছোৱাত আমি আমাৰ পুৰণি সামাজিক সম্বন্ধসমূহ নতুন কৰিব পাৰো৷ মই পুনৰবাৰ কৈছো সামাজিক ব্যৱধান বৃদ্ধি কৰক আৰু আবেগিক ব্যৱধান হ্ৰাস কৰক৷ কোটাৰ পৰা যশৱৰ্ধনে নৰেন্দ্ৰ মোদী এপত লিখিছে যে তেওঁ লক্-ডাউনৰ সময়ছোৱাত পাৰিবাৰিক সম্বন্ধ শক্তিশালী কৰি আছে৷ সন্তানৰ সৈতে ৰ্ড গেম আৰু ক্ৰিকেট খেলিছে৷ পাকঘৰত নতুন নতুন খাদ্য প্ৰস্তুত কৰিছে৷ জব্বলপুৰৰ নিৰুপমা হৰ্ষেয়ই লিখিছে যে তেওঁ প্ৰথমবাৰলৈ তোছক বনোৱাৰ চখ পূৰণ কৰিবলৈ সময় পাইছে, বাগানৰ কামো কৰিছে৷ ৰায়পুৰৰ পৰীক্ষিত, গুৰুগ্ৰামৰ আৰ্যমন আৰু ঝাৰখণ্ডৰ সুৰজৰ পোষ্টত তেওঁলোকে বিদ্যালয়ৰ বন্ধুসকলৰ সৈতে -ৰিইউনিয়ন কৰাৰ আলোচনাৰ বিষয়ে লিখিছে৷ ভুৱনেশ্বৰৰ প্ৰত্যুষ আৰু কলকাতাৰ বসুধাই কৈছে যে আজিকালি তেওঁলোকে আগেয়ে পঢ়িবলৈ নোপোৱা কিতাপসমূহ পঢ়ি আছে৷ চিয়েল মিডিয়াত মই দেখা পাইছো যে কিছুমান লোকে ঘৰত বছৰজুৰি পৰি থকা তবলা, বীণাৰ দৰে বাদ্যযন্ত্ৰসমূহ উলিয়াই অভ্যাস কৰা আৰম্ভ কৰিছে৷ আপোনালোকেও এনে কৰিব পাৰে৷ ইয়াৰ দ্বাৰা সংগীতৰ আনন্দৰ সৈতে পুৰণি স্মৃতিও সজীৱ হৈ উঠিব৷ অৰ্থাৎ সংকটৰ এই সময়ছোৱাত আপোনালোকে এনে এক সময় লাভ কৰিছে আপোনালোকে কেৱল নিজৰ সৈতে জড়িত হোৱা নহয়, বৰঞ্চ নিজৰ ইচ্ছাৰ সৈতেও জড়িত পাৰিব৷ আপোনালোকে নিজৰ পুৰণি বন্ধু আৰু পৰিয়ালৰ সৈতেও জড়িত হোৱাৰ সুযোগ লাভ কৰিব৷

নমো এপত মোক ৰুড়কীৰ শশীয়ে সুধিছে, লক্-ডাউনৰ সময়ছোৱাত মই নিজৰ ফিটনেছৰ বাবে কি কৰো ? এই পৰিস্থিতিত নৱৰাত্ৰিৰ উপবাস কিদৰে পালন কৰো ? মই পুনৰবাৰ আপোনালোকক কৈছো যে আপোনালোকক বাহিৰলৈ ওলাবলৈ মানা কৰা হৈছে, আপোনালোকক নিজকে এবাৰ জুকিয়াই চাবলৈ দিয়া হৈছে৷ এয়াই সুযোগ, বাহিৰনৈ নোলাব, নিজৰ হৃদয়ত প্ৰৱেশ কৰক, নিজকে জনাৰ প্ৰয়াস কৰক৷ নৱৰাত্ৰিৰ উপবাসৰ কথা বলৈ লে এয়া মোৰ শক্তি আৰু ভক্তিৰ মাজৰ বিষয়৷ ফিটনেছৰ কথা বলৈ লেমই ভাবো কথা দীঘলীয়া , মই এটা কাম কৰো, মই চিয়েল মিডিয়াত এই বিষয়ক কিছুমান ভিডিঅআপলোড কৰিম৷ নমো এপতো আপোনালোকে সেই ভিডিঅনিশ্চয়কৈ চাওক৷ যি মই কৰো সেয়া সম্ভৱতঃ আপোনালোকৰো কামত আহিব পাৰে৷ কিন্তু এটা কথা জানি লওক যে মই ফিটনেছ বিশেষজ্ঞ নহয়, মই কোনো যোগ গুৰুো নহয়, মই কেৱল এজন অনুশীলনকাৰীহে৷ হয়, মই এয়া মানি লৈছো যে কিছুমান আসনৰ পৰা মোৰ বহু লাভ হৈছে৷ লক্-ডাউনৰ সময়ছোৱাত আপোলোকৰো হয়তো এয়া কামত আহিব পাৰে৷

বন্ধুসকল, ৰনাৰ বিৰুদ্ধে এই যুদ্ধ অভুতপূৰ্বও তথা প্ৰত্যাহ্বানমূলকো৷ সেয়ে, এই সময়ছোৱাত এনে কিছুমান সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যি পূৰ্বতে দেখিবলৈও পোৱা নাই অথবা শুনিবলৈও পোৱা নাই৷ ৰনাক প্ৰতিৰোধ কৰিবলৈ যিমানবোৰ পদক্ষেপ ভাৰতবাসীয়ে গ্ৰহণ কৰিছে, যি প্ৰয়াস আমি এতিয়া কৰি আছো- সেয়াই ভাৰতক ৰনাৰ ওপৰত বিজয় সাব্যস্ত কৰিব৷ প্ৰত্যেকজন ভাৰতীয় সংযম আৰু সংকল্পই আমাক এই কঠিন পৰিস্থিতিৰ পৰা মুক্ত কৰিব৷ লগতে দুখীয়াসকলৰ প্ৰতি আমাৰ সংবেদনা অধিক তীব্ৰ লাগে৷ কোনো দুখীয়া-ভোকাতুৰ লোক চকুত পৰিলে তেওঁৰ পেট ভৰোৱাৰ ব্যৱস্থা কৰক, এয়াই মানৱতা আৰু এয়া ভাৰতে কৰিব পাৰে৷ এয়াই আমাৰ সংস্কাৰ, এয়াই আমাৰ সংস্কৃতি৷

মোৰ মৰমৰ দেশবাসীসকল, আজি প্ৰতিজন ভাৰতীয় নিজৰ ৰক্ষাৰ বাবে ঘৰত বন্ধ হৈ আছে, কিন্তু আগন্তুক সময়ছোৱাত এই ভাৰতীয়ই নিজৰ দেশৰ বিকাশৰ বাবে ৰুদ্ধ দেৱাল ভাঙি আগবাঢ়ি ওলাই আহিব, দেশক আগুৱাই লৈ যাব৷ আপোনালোকে নিজৰ পৰিয়ালৰ সৈতে ঘৰতে থাকক, সুৰক্ষিত আৰু সাৱধান হৈ থাকক- এই যুদ্ধত আমি জয়ী লাগিব৷ নিশ্চয়কৈ জয়ী লাগিব৷মন কী বাত বাবে পুনৰ অহা মাহত মিলিত ম৷ তেতিয়ালৈ এই সংকটৰ পৰা মুক্ত হোৱাত আমি সফল , এই কল্পনাৰ সৈতে, এই শুভকামনাৰ সৈতে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছো৷ 

****

VRRK/AK/MANN



(Release ID: 1609049) Visitor Counter : 241