পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিলৈ এমাহৰ দৰমহা আগবঢ়ালে শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে
পোষ্ট কৰা হৈছে:
29 MAR 2020 12:43PM by PIB Guwahati
কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ আৰু তীখা দপ্তৰৰ মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ক’ভিড ১৯ মহামাৰীৰ বিৰুদ্ধে দেশে অব্যাহত ৰখা সংগ্ৰামৰ পৰিপ্ৰেক্ষিতত আৰম্ভ কৰা সাহায্য কাৰ্যসূচীৰ বাবে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিলৈ তেওঁৰ এমাহৰ দৰমহা আগবঢ়াইছে। এটা টুইটযোগে মন্ত্ৰী শ্ৰী প্ৰধানে কয়, “দেশৰ এই সংকটকালত আহক আমি সকলোৱেই একত্ৰিত হৈ থিয় হওঁ। #Covid-19 মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখিয়েই মই প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিলৈ মোৰ এমাহৰ দৰমহা আগবঢ়াইছো আৰু লগতে মোৰ MPLADS পুঁজিৰ পৰা ১ কোটি টকা মোকলাই দিছো, যাতে দেশৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলৰ মুখত হাঁহি বিৰিঙাব পৰা যায়।”
***
YB/RD
(ৰিলিজ আই ডি : 1609010)
অতিথি কক্ষ : 146