তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

দেশৰ সমগ্ৰ চহৰতে জনসাধাৰণৰ শুন্য গতিবিধি নিশ্চিত কৰিবলৈ ৰাজ্যসমূহক কেন্দ্ৰৰ নিৰ্দেশনা

প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক সময়মতে মজুৰিৰ লগতে কৰ্মস্থলীতেই সকলোধৰণৰ ব্যৱস্থা আগবঢ়োৱা হ’ব

শিক্ষাৰ্থী/শ্ৰমিকসকলক ঘৰ খালী কৰিবলৈ নিৰ্দেশ দিয়াসকলৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব বিহিত ব্যৱস্থা

Posted On: 29 MAR 2020 1:44PM by PIB Guwahati

ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানসকলৰ সৈতে অবিৰত সম্পৰ্ক ৰক্ষা কৰিছে কেবিনেট সচিব আৰু গৃহ মন্ত্ৰালয়ে। ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানসকলৰ সৈতে কালি সন্ধিয়া আৰু আজি পুৱা ভিডিঅ’ কনফাৰেন্সযোগে বৈঠকত মিলিত হয় কেবিনেট সচিব আৰু গৃহ বিভাগৰ সচিব।

উল্লেখ্য যে, দেশৰ সমগ্ৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলতেই ব্যাপক ৰূপত নিৰ্দেশনাৱলী কাৰ্যকৰীভাৱে ৰূপায়িত হৈছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান অব্যাহত ৰখা হৈছে। প্ৰতিটো মূহুৰ্ত্ততে পৰিস্থিতি তদাৰক কৰি থকা হৈছে আৰু প্ৰয়োজনসাপেক্ষে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

তথাপি, দেশৰ কিছু কিছু অংশত একাংশ প্ৰব্ৰজনকাৰী শ্ৰমিকৰ গতিবিধি দেখা গৈছে। জিলা আৰু ৰাজ্যৰ সীমান্তবোৰ তাৎক্ষণিকভাৱে তথা কাৰ্যকৰী ৰূপত বন্ধ কৰি দিয়াৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। দেশৰ যিকোনো চহৰ অথবা ঘাইপথতেই শুন্য গতিবিধি সুনিশ্চিত কৰিবলৈ ৰাজ্যসমূহক নিৰ্দেশনা দিয়া হৈছে। কেৱল সামগ্ৰী পৰিবহনৰ ক্ষেত্ৰতহে অনুমতি দিয়া হৈছে। এই নিৰ্দেশনাবোৰৰ ৰূপায়নৰ বাবে জিলা দণ্ডাধীশ আৰু আৰক্ষী অধীক্ষকসকলক ব্যক্তিগতভাৱে দায়বদ্ধ কৰা হ’ব, যিটো নিৰ্দেশনা ডি এম আইনৰ অধীনত জাৰি কৰা হৈছে।

পৰামৰ্শ দিয়া হৈছে যে দৰিদ্ৰ আৰু অভাৱী লোকসকলৰ লগতে প্ৰব্ৰজনকাৰী শ্ৰমিকসকল য’তেই আছে তাতেই তেওঁলোকক খাদ্য আৰু আশ্ৰয়স্থল দিয়াৰ বাবে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা হওঁক। ইফালে এছডিআৰএফৰ পুঁজি এই উদ্দেশ্যে ব্যৱহাৰ কৰিবলৈ কালি কেন্দ্ৰই নিৰ্দেশো জাৰি কৰিছে এই শিতানত ৰাজ্যসমূহৰ হাতত মজুত আছে পৰ্যাপ্ত পৰিমাণৰ ধনৰাশি।

লকডাউনৰ সময়ছোৱাত কোনো দৰমহা কৰ্তন নকৰাকৈ শ্ৰমিকসকলক তেওঁলোক থকা ঠাইতেই তেওঁলোকৰ দৰমহা সময়মতে প্ৰদান কৰাটো সুনিশ্চিত কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ। এই সময়ছোৱাত শ্ৰমিকসকলৰ পৰা ঘৰভাড়া দাবী কৰিব নোৱাৰিব। শ্ৰমিক আৰু শিক্ষাৰ্থীসকলক থকা ঠাই খালী কৰিবলৈ কোৱাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

লকডাউন উলঙ্ঘা কৰা আৰু এই সময়ছোৱাত ভ্ৰমণ কৰা লোকক চৰকাৰী আছুতীয়া কক্ষত ন্যূনতম ১৪ দিনৰ বাবে আছুতীয়াকৈ বা গৃহ নিৰ্বাসিত কৰি ৰখা হ’ব। আছুতীয়াকৈ থকা সময়ছোৱাত তেনেধৰণৰ লোকসকলৰ ওপৰত নজৰ ৰখাৰ বাবে সবিশেষ নিৰ্দেশনা ৰাজ্য চৰকাৰসমূহলৈ প্ৰেৰণ কৰা হৈছে।

ক’ৰোনা ভাইৰাছৰ প্ৰসাৰ ৰোধ কৰিবলৈ আটাইবোৰ ৰাজ্যই তিনি সপ্তাহ সময় সংশ্লিষ্ট নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিব লাগিব। দেশৰ প্ৰতিগৰাকী লোকৰ  হিতাৰ্থে এয়া অত্যাৱশ্যকীয়।

***



(Release ID: 1609001) Visitor Counter : 223