গৃহ মন্ত্ৰালয়
২৫ মাৰ্চৰ পৰা ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজৰ প্ৰস্তুতি সন্দৰ্ভত তৃতীয়খন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা শ্ৰী অমিত শ্বাহৰ
প্ৰধানমন্ত্ৰীৰ পৰামৰ্শক্ৰমে সাধাৰণ জনতাৰ বাবে নিত্য প্ৰয়োজনীয় সামগ্ৰী যোগানৰ ব্যৱস্থাপনাৰ পৰ্যালোচনা গৃহমন্ত্ৰীৰ
দেশৰ প্ৰতিগৰাকী নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ মোদী চৰকাৰ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধঃ শ্ৰী অমিত শ্বাহ
পোষ্ট কৰা হৈছে:
28 MAR 2020 10:13PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীত আজি ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজৰ প্ৰস্তুতি সন্দৰ্ভত এক পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে৷ এই মহামাৰীৰ পৰিপ্ৰেক্ষিতত ২৫ মাৰ্চত আৰম্ভ হোৱা দেশজোৰা লকডাউনৰ সময়ৰ পৰা এয়া তৃতীয়খন পৰ্যালোচনা বৈঠক৷

বৈঠকত শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৰামৰ্শক্ৰমে চৰকাৰে সাধাৰণ লোকসকলৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী উপযুক্তভাৱে যোগানৰ ব্যৱস্থাপনাৰ ক্ষেত্ৰত কোনো ত্ৰুটি কৰা নাই৷ দেশৰ প্ৰতিগৰাকী নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ মোদী চৰকাৰ সম্পূৰ্ণ প্ৰতিশ্ৰতিবদ্ধ বুলিও তেওঁ কয়৷

মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষত একাংশ জ্যেষ্ঠ বিষয়াৰ সৈতে গৃহ ৰাজ্য মন্ত্ৰী শ্ৰী নিত্যানন্দ ৰায় আৰু শ্ৰী জি কিষান ৰেড্ডিও উপস্থিত থাকে৷ বৈঠকৰ সময়ত ‘সামাজিক দুৰত্ব’ কঠোৰভাৱে বজাই ৰখা হয়৷
ক’ভিড-১৯ৰ সন্দৰ্ভত গৃহ মন্ত্ৰালয়ে বৰ্তমানলৈকে গ্ৰহণ কৰা সিদ্ধান্ত সমূহ এইকেইটা লিংকত উপলব্ধঃ https://mha.gov.in/sites/default/files/PR_ConsolidatedGuidelinesofMHA_28032020.pdf .
*****
VG/SNC/VM
(ৰিলিজ আই ডি : 1608951)
অতিথি কক্ষ : 235