কয়লা মন্ত্ৰালয়

ক’ভিড-১৯ৰ লকডাউনৰ সময়ছোৱাত গুৰুত্বপূৰ্ণ কয়লা যোগান ব্যৱস্থাপনা সুনিশ্চিত কৰাৰ দিশত কাম কৰি আছে কয়লা মন্ত্ৰালয়েঃ প্ৰহ্লাদ যোশী

Posted On: 28 MAR 2020 12:14PM by PIB Guwahati

কেন্দ্ৰীয় কয়লা তথা সংসদীয় পৰিক্ৰমা মন্ত্ৰী শ্ৰী প্ৰহ্লাদ যোশীয়ে সদৰি কৰিছে যে কয়লাৰ যোগানক যিহেতু অত্যাৱশ্যকীয় সেৱা হিচাপে ঘোষণা কৰিছে, সেয়েহে কয়লা মন্ত্ৰালয়ৰ সকলো বিষয়া-কৰ্মচাৰীক ক’ভিড-১৯ মহামাৰীৰ লকডাউনৰ সময়ছোৱাত বিদ্যু তথা অন্যান্য গুৰুত্বপূৰ্ণ খণ্ডত কোনো প্ৰভাৱ নপৰাকৈ কয়লাৰ যোগান সুনিশ্চিত কৰাৰ বাবে অধিক পৰিশ্ৰম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷

 

এই উপলক্ষে মন্ত্ৰালয়ৰ সকলো জ্যেষ্ঠ বিষয়াই বৈঠকত মিলিত হৈ কয়লাৰ উপাদন, যোগান আৰু বিতৰণৰ নিৰীক্ষণ কৰিছে৷ কয়লা বিভাগৰ সচিব শ্ৰী অনিল কুমাৰে ভিডিঅ’ কনফাৰেন্সিংযোগে ২৬ মাৰ্চ, ২০২০ত প্ৰথমখন ভাৰ্চুৱেল বৈঠকত মিলিত হয়৷ কয়লা মন্ত্ৰালয়ক প্ৰতিদিনে এক প্ৰতিবেদন দাখিল কৰিব লাগে৷ উল্লেখ্য যে কয়লা মন্ত্ৰালয়ৰ সকলো কাম সম্পূৰ্ণৰূপে কাগজবিহীনভাৱে হয় আৰু বিভাগটোৰ কৰ্মচাৰীসকলে ই-কাৰ্যালয়ৰ জৰিয়তে ঘৰৰ পৰাই নিৰ্দিষ্ট সময়ত কৰ্তব্য সম্পাদন কৰি আহিছে৷

২৬ মাৰ্চ, ২০২০ৰ তথ্যমতে পাৱাৰ প্লাণ্টত ২৪ দিনৰ জোখাৰে ৪১.৮ মেট্ৰিকটন কয়লা জমা আছে৷ মন্ত্ৰীগৰাকীয়ে জনাই যে প্ৰতিটো কয়লাভিত্তিক উদ্যেগ/বিদ্যু খণ্ডত সহজে আৰু উপযুক্তভাৱে কয়লা যোগান ধৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই জটিল ক্ষণতো কয়লাৰ উপাদন আৰু যোগানত কোনো প্ৰভাৱ নপৰাকৈ সকলো বিষয়া আৰু শ্ৰমিকে কাম কৰি থকাৰ বাবে ক’ল ইণ্ডিয়া লিমিটেডক প্ৰশংসা কৰে৷

 

মন্ত্ৰীগৰাকীয়ে লগতে আশ্বাস দিয়ে যে বৰ্তমানৰ লকডাউনৰ সময়ত কয়লা মন্ত্ৰালয়ৰ কোনো আগতীয়া অনুমোদনৰ প্ৰয়োজন নাই৷

*****

RJ/NG/DB



(Release ID: 1608887) Visitor Counter : 108