ৰেল মন্ত্ৰালয়
২১ মাৰ্চ ২০২০-১৪ এপ্ৰিল ২০২০ৰ সময়ছোৱাৰ সকলো টিকেটৰ সম্পূৰ্ণ ধন ঘূৰাই দিব ভাৰতীয় ৰে’লৱেয়ে
ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত ১৪ এপ্ৰিললৈ বুক কৰা সকলো টিকেট আৰু ৰে’লৰ বাতিলৰ বাবে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ
प्रविष्टि तिथि:
28 MAR 2020 2:42PM by PIB Guwahati
১৪ এপ্ৰিল ২০২০ তাৰিখলৈ সকলো যাত্ৰীবাহী ৰে’ল আৰু যাত্ৰীৰ টিকেট বাতিল হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ৰে’লৱেয়ে ২১ মাৰ্চ ২০২০-১৪ এপ্ৰিল ২০২০ৰ সময়ছোৱাৰ সকলো টিকেটৰ সম্পূৰ্ণ ধন ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ধন ঘূৰাই পোৱাৰ প্ৰক্ৰিয়াসমূহ তলত বৰ্ণনা কৰা হৈছে-
১. কাউণ্টাৰত বুক কৰা পিআৰএছ টিকেটসমূহঃ
ক) ২৭-০৩-২০২০ তাৰিখৰ পূৰ্বে বাতিল কৰা টিকেটসমূহঃ টিডিআৰ (টিকেট ডিপ’জিট ৰিচিপ্ট)ত যাত্ৰীয়ে ভ্ৰমণৰ সৱিশেষ পূৰণ কৰিব লাগিব আৰু টিকেটৰ ধন ঘূৰাই পোৱাৰ বাবে যিকোনো মাণ্ডলিক ৰে’লৱেৰ মুখ্য কাৰ্যালয়ত ২১ জুন ২০২০ তাৰিখলৈ মুখ্য বাণিজ্যিক প্ৰৱন্ধক (চিচিএ)(দাবী) অথবা মুখ্য দাবী বিষয়া (চিচিঅ’)ক প্ৰদান কৰিব পাৰিব৷ ৰে’লৱেয়ে কিছুমান সুবিধা প্ৰদান কৰিব যাৰ দ্বাৰা যাত্ৰীয়ে টিকেট বাতিলৰ সময়ত কটা ধনৰ বেলেঞ্চ পৰিমাণটো ঘূৰাই পাব পাৰিব৷
খ) ২৭-০৩-২০২০ তাৰিখৰ পিছত বাতিল কৰা টিকেটসমূহঃ সেইসমূহৰ বাতিলৰ বাবে সম্পূৰ্ণ ধন ঘূৰাই পাব৷
২. ই-টিকেটঃ
ক) ২৭-০৩-২০২০ তাৰিখৰ পূৰ্বে বাতিল কৰা টিকেটসমূহঃ বেলেঞ্চ পৰিমাণটো যাত্ৰীজনৰ একাউণ্টত ঘূৰাই দিয়া হ’ব৷ আইআৰচিটিচিয়ে ঘূৰাবলগীয়া বেলেঞ্চ পৰিমাণৰ ধনৰ বাবে উপযুক্ত ব্যৱস্থা প্ৰণয়ন কৰিব৷
খ) ২৭-০৩-২০২০ তাৰিখৰ পিছত বাতিল কৰা টিকেটসমূহঃ সেইসমূহৰ বাতিলৰ বাবে সম্পূৰ্ণ ধন ঘূৰাই পাব৷
****
SG/MKV/MANN
(रिलीज़ आईडी: 1608883)
आगंतुक पटल : 198
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
Malayalam
,
Telugu
,
English
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Kannada