প্ৰতিৰক্ষা মন্ত্ৰালয়

ক’ভিড-১৯ৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ কেণ্টনমেণ্ট বোৰ্ডৰ ব্যাপক প্ৰস্তুতি

Posted On: 27 MAR 2020 3:20PM by PIB Guwahati

ৰোনা ভাইৰাছ(কভিড-১৯)য়ে সষ্টি কৰা সংক্ৰমণ ৰোধৰ প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ বাবে ৬২খন কেণ্টনমেণ্ট বোৰ্ডে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। দেশৰ ১৯খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত উপস্থিতি থকা এইসমূহ বোৰ্ডে প্ৰায় ২১লাখ (সামৰিক আৰু অসামৰিক) সদস্যক প্ৰতিনিধিত্ব কৰে। অনাগত সময়চোৱাত উদ্ভৱ হব পৰা যিকোনো পৰিস্থিতি চাম্ভালি লব পৰাকৈ চিকিত্সালয়, স্বাস্থ্য কেন্দ্ৰ আৰু অতিথিশালা আদি চিনাক্ত কৰি এইবোৰ সাজু কৰি ৰাখিবলৈ সকলো কেণ্টনমেণ্ট বোৰ্ডকে নিৰ্দেশ দিয়া হৈছে।

সংশ্লিষ্ট এলেকাসমূহৰ অসামৰিক প্ৰশাসনৰ বিষয়া-বৰ্গৰ সৈতে কেণ্টনমেণ্ট বোৰ্ডসমূহৰ অধ্যক্ষ আৰু কাৰ্যবাহী বিষয়াসকলে সঘনে যোগাযোগ অব্যাহত ৰখাৰ লগতে প্ৰয়োজনত যথোচিত সহযোগিতা আগবাঢ়াই আহিছে। সকলোবোৰ বোৰ্ডে স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰি অহা সকলো পৰামৰ্শ কঠোৰ ভাবে পালনৰো ব্যৱস্থা কৰিছে।

এই সময়চোৱাত সকলো কেণ্টনমেণ্টৰ কাৰ্যালয় ভৱন, আবাসিক এলেকা, বিদ্যালয় চোহদ, উদ্যান আৰু বজাৰ-সমাৰ বিজাণুমুক্ত কৰাৰ বাবে নিয়মীয়া অভিযান চলোৱা হৈছে। ইফালে কভিড-১৯ৰ আশংকা দূৰ কৰাৰ বাবে অঞ্চলসমূহত বসবাস কৰা পৰিয়ালসমূহৰ চৌহদ পৰিচ্ছন্ন কৰাৰ বাবে মাইক যোগে জন-সচেতনতা সৃষ্টিৰ লগতে এনে তথ্য আধাৰিত ফলক ওলমোৱা, হৰ্ডিং, পাম্ফলেট আদিৰ জৰিয়তেও জন সচেতনতা সৃষ্টিৰ ব্যৱস্থা কৰা হৈছে। বোৰ্ডৰ আবাসিক চিকিত্সকে অত্যাৱশ্যকীয় সেৱাসমূহত জড়িত হবলগীয়া হোৱা জোৱানসকলক কভিড-১৯ৰ পৰা আঁতৰি থাকিব পৰাকৈ লবলগীয়া সাৱধানতাসমূহৰ বিষয়ে প্ৰশিক্ষণ দিবলৈ কৰ্মশালা আদি অনুষ্ঠিত কৰিছে। ইয়াৰ সমান্তৰালকৈ কেণ্টনমেণ্টসমূহৰ জেনেৰেল হাস্পটালসমূহক সাম্ভাৱ্য পৰিস্থিতি চম্ভালিব পৰাকৈ সাজু কৰি ৰখাৰ লগতে সামৰিক এষ্টেটসমূহৰ মহা-নিৰ্দেশকৰ নিৰ্দেশনা সাৰোগত কৰি এলানি কৰ্ম-পৰিকল্পনাও যুগুতাই উলিওৱা হৈছে।

বোৰ্ডে সকলো কৰ্মচাৰীকে মুখত বন্ধা মাস্ক, হাতত পিন্ধা গ্লোভছ, ছেনিটাইজাৰৰ বটল আদিৰ যোগান ধৰিছে। কেণ্টনমেণ্ট এলেকাত থকা সকলো হোটেল, ৰেষ্টোৰাঁ আদিকো যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে কঠোৰভাবে সকীয়াই দিয়া হৈছে।  

ইফালে কেণটনমেণ্ট এলেকাৰ বিশেষকৈ দৰিদ্ৰ লোকসকলৰ বাবে প্ৰয়োজনীয় নিত্য ব্যৱহাৰ্য সামগ্ৰী, খাদ্য দ্ৰব্য আদিৰ যোগান নিশ্চিত কৰাৰ বাবে কেণ্টনমেণ্টৰ বিষয়া-কৰ্মচাৰীৰে কৰ্ম-বাহিনী আদিও গঠন কৰা হৈছে। এলেকা সমূহত থকা দোকান-পোহাৰ সমূহত বিজাণুমুক্তকৰণৰ ব্যৱস্থা কৰোৱাৰ লগতে লক ডাউনৰ গইনা লৈ কোনেও যাতে বয়-বস্তুৰ কলা ব্যৱসায়ত লিপ্ত হব নোৱাৰে সেয়া নিশ্চিত কৰাৰ বাবেও পদক্ষেপ লোৱা হৈছে। সেইদৰে এলেকাসমূহত খোৱাপানীৰ যোগান আৰু ষ্ট্ৰীট লাইট আদিৰ সেৱা নিয়মীয়া কৰি ৰখাতো গুৰুত্ব আৰোপ কৰা হৈছে। প্ৰায়বোৰ কেণটনমেণ্টতে হেল্প লাইন নম্বৰ সমূহ সক্ৰিয় কৰাৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

 

ABB/SS/Nampi/KA/DK/Savvy/KB



(Release ID: 1608594) Visitor Counter : 149