প্ৰতিৰক্ষা মন্ত্ৰালয়
ক’ভিড-১৯ৰ বিৰুদ্ধে দীঘলীয়া যুদ্ধৰ বাবে সাজু ছাউদাৰ্ণ নেভেল কমাণ্ড
Posted On:
27 MAR 2020 12:25PM by PIB Guwahati
দেশত ঘোষণা কৰা ২১ দিনীয়া লকডাউনৰ পৰিপ্ৰেক্ষিতত ছাউদাৰ্ন নেভেল কমাণ্ডে(এছএনচি)ৰাজ্য চৰকাৰ আৰু নৌ সেনাৰ মুখ্য কাৰ্যালয়ৰ সৈতে আলোচনাৰ পৰামর্শক্ৰমে ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ দুটা মূল কৌশলক লক্ষ্য কৰি একাধিক পদক্ষেপ গ্ৰহণ কৰিছে৷ সেই হিচাপে এই ৰোগৰ বিৰুদ্ধে আৰম্ভ কৰা যুঁজত নাগৰিক সমাজৰ লগতে নিজা কর্মচাৰীসকলক সংক্ৰমন নোহোৱাকৈ ৰখাটো সুনিশ্চিত কৰা, প্ৰয়োজন মতে নাগৰিক সমাজক সহায় কৰাৰ বাবে সু-সজ্জিত হৈ আছে৷ অনা-চিকিৎসা কর্মীৰ সমন্বয়ত যুদ্ধ ক্ষেত্ৰৰ নাৰ্ছিং সহায়কৰ(বিএফএনএ)দহটা দল কোচিত সাজু কৰা হৈছে, যাতে পৰিস্থিতি অধিক অৱনতি হ’লে চিকিত্সা কর্মীসকলক সহায় কৰিব পাৰে৷ এছএনচিৰ অধীনত অন্যান্য সকলো ষ্টেচনত এই ৰাষ্ট্ৰীয় বিএফএনএ দলসমূহ সাজু কৰা হৈছে৷ ভাৰতীয় নৌবাহিনীয়ে 'আপুনি য’তেই আছে, ওলাই নাহিব' নীতিৰে তেওঁলোকৰ কর্মীসকলক ছুটি বা সাময়িক কৰ্তব্যত নিয়োগ কৰিছে৷
ভাৰত চৰকাৰে বিদেশৰ বিভিন্ন স্থানৰ পৰা বিমানযোগে ইতিপূৰ্বে স্বদেশলৈ ঘুৰাই আনি কোচিৰ ক’ৰোনা কেয়াৰ চেণ্টাৰ(চিচিচি)ত ৰখা ২০০ লোকৰ বাবে শুশ্ৰূষাৰ বাবে এটা গোটক প্ৰশিক্ষণেৰে সাজু কৰি তুলিছে ছাউদাৰ্ন নেভেল কমাণ্ডে৷ যদি ঘটনাক্ৰমে কোনো কৰ্মচাৰীৰ গাত এই ৰোগ সংক্ৰমণ হয়, তেতিয়া আন ২০০ কৰ্মচাৰী তথা তেওঁলোকৰ পৰিয়ালৰ বাবে সুকীয়াকৈ ৰখাৰ বাবে ক’ৰোনা কেয়াৰ চেণ্টাৰ গঢ়ি তোলা হৈছে৷ এই চিচিচিসমূহ ১৪ দিনৰ বাবে আছুতীয়া আহাৰ, শৌচালয়, চিকিৎসাজনিত আৱৰ্জনা ব্যৱস্থাপনা আৰু বিনোদনমুলক ব্যৱস্থাৰ উপৰি অন্যান্য সুবিধাৰে সাজু কৰি তোলা হৈছে৷ এই চিচিচিৰ ৰোগীসকলৰ বিভিন্ন দিশ সমৰ্পিত বিষয়া আৰু জোৱানৰ এটা গোটৰ লগতে ভাৰতীয় নৌসেনাৰ চিকিৎসক নাৰ্ছৰে পৃথক মেডিকেল কেয়াৰ চেণ্টাৰে পৰিচালিত কৰিব৷ এই চেণ্টাৰতো স্বাস্থ্য মন্ত্ৰালয়ে ৰা ঘোষণা কঠোৰভাৱে পালন কৰা হ’ব৷
ৰাজহুৱা স্থানত বিশেষ চেনিটাইজেচন অভিযান আৰু পৰিয়ালকে ধৰি জোৱানসকলক শিক্ষাদানৰ কামো কৰা হৈছে৷
*****
VM/ MS/DB
(Release ID: 1608536)
Visitor Counter : 128