প্ৰতিৰক্ষা মন্ত্ৰালয়

ক’ভিড-১৯ ৰ প্ৰত্যাহ্বান গ্ৰহণৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ে গ্ৰহণ কৰা পৰিকল্পনাৰ পুনৰীক্ষণ কৰিলে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে;

সশস্ত্ৰ বাহিনী, ৰাজহুৱা খণ্ডৰ প্ৰতিৰক্ষা প্ৰতিষ্ঠান আৰু অন্যান্য প্ৰতিষ্ঠানবোৰক আগন্তুক প্ৰত্যাহ্বানৰ বাবে সাজু হোৱা আৰু নাগৰিক সমাজক সকলোধৰণৰ সুবিধা প্ৰদানৰ আহ্বান

Posted On: 26 MAR 2020 2:23PM by PIB Guwahati

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে ক’ভিড-১৯ সৈতে মোকাবিলা কৰিবৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কাৰ্যক্ৰমণিকা সন্দৰ্ভত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে আজি সমগ্ৰ পৰিস্থিতিৰ বুজ ল’বলৈ এক বৈঠকত মিলিত হয়। এই বৈঠকতে প্ৰতিৰক্ষা মন্ত্ৰীয়ে ক’ভিড-১৯ ৰ সংক্ৰমণৰ দ্বাৰা প্ৰভাৱিত দেশসমূহত আবদ্ধ হৈ থকা ভাৰতীয় লোকসকলৰ লগতে বিদেশী লোকসকলকো উদ্ধাৰ কৰিবৰ বাবে আৰু বিভিন্ন আছুতীয়া কক্ষ বা কোৰেণ্টাইন সুবিধা কেন্দ্ৰবোৰৰ ব্যাপকভাৱে তদাৰকী সুনিশ্চিত কৰাৰ ক্ষেত্ৰত সক্ৰিয় ভুমিকা গ্ৰহণ কৰাৰ বাবে সুৰক্ষা বাহিনী আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিভিন্ন বিভাগক উচ্চ প্ৰসংশা কৰে। মন্ত্ৰীয়ে সশস্ত্ৰ বাহিনী আৰু অন্য বিভাগসমূহক আহ্বান জনায় যে তেওঁলোকে সম্পূৰ্ণ সাজু হৈ থাকিব লাগে আৰু নাগৰিক সমাজৰ লগতে প্ৰশাসনৰো বিভিন্ন স্তৰত প্ৰয়োজন হোৱা সাহায্য প্ৰদান কৰিব লাগে।

এই বৈঠকতে, বিষয়াসকলে শ্ৰী ৰাজনাথ সিঙক এইপৰ্যন্ত গ্ৰহণ কৰা বিভিন্ন পদ্ধতি তথা সাহায্য কাৰ্যৰ বিষয়ে অৱগত কৰে। ভাৰতীয় বায়ু সেনাৰ ভালেমান বিমানে ইতিমধ্যেই চীন, জাপান আৰু ইৰাণৰ বহু সংক্ৰমিত এলেকাত আবদ্ধ হৈ থকা ভাৰতীয় লোকক উদ্ধাৰ কৰিছে।

সশস্ত্ৰ বাহিনীৰ বিভিন্ন কোৰেণ্টাইন সুবিধা কেন্দ্ৰসমূহে এই পৰ্যন্ত বিভিন্ন দেশৰ পৰা উদ্ধাৰ কৰি অনা সৰ্বমুঠ ১৪৬২ গৰাকী লোকৰ তদাৰক কৰিছে, আৰু ইয়াৰ ভিতৰত ৩৮৯ গৰাকী লোকক এই কেন্দ্ৰৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। সম্প্ৰতি ১০৭৩ গৰাকী লোকক প্ৰতিৰক্ষা দপ্তৰৰ অধীনৰ মানেচাৰ, হিন্দন, জৈশলমাৰ, যোধপুৰ আৰু মুম্বাইৰ আছুতীয়া কক্ষত সেৱা শুশ্ৰূষা কৰি থকা হৈছে। ইয়াৰ উপৰিও মুঠ ৯৫০ খন বিচনাৰ সুবিধাসম্পন্ন অতিৰিক্ত কোৰেণ্টাইন সুবিধা কেন্দ্ৰ এক সাজু কৰি ৰখাও হৈছে।

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ পৰীক্ষাগাৰসমূহে এই পৰ্যন্ত ২০,০০০ লিটাৰ ছেনিটাইজাৰ উৎপাদন কৰি উলিয়াইছে আৰু দিল্লী আৰক্ষীৰ লগতে বিভিন্ন সংগঠনলৈ এইসমূহ প্ৰদান কৰিছে। উল্লেখ্য যে দিল্লী আৰক্ষীকে ১০,০০০ লিটাৰ ছেনিটাইজাৰ প্ৰদান কৰা হৈছে। ডিআৰডিঅ’ই দিল্লী আৰক্ষীক ১০,০০০ মাস্কো প্ৰদান কৰিছে। ব’ডি ছ্যুটৰ দৰে পাৰ্ছনেলাইজড সুৰক্ষা উাপাদান আৰু ভেণ্টিলেটৰ উৎপাদনৰ বাবে ডিআৰডিঅ’ই কিছুসংখ্যক ব্যক্তিগত প্ৰতিষ্ঠানৰ সৈতেও সমন্বয়েৰে কাম কৰিছে।

অস্ত্ৰ নিৰ্মাণ কাৰখানা পৰিষদেও ছেনিটাইজাৰ, মাস্ক আৰু ব’ডি ছ্যুট উৎপাদনত ব্যাপকতা আনিছে। ভাৰত ইলেক্ট্ৰ’নিক্স লিমিটেডেও ভেণ্টিলেটৰ উৎপাদনত ব্যস্ত আছে।

মালদ্বীপত মোতায়েন হৈ থকা সেনাৰ চিকিৎসা দলটোৱে নিজ অভিযান সামৰি ইতিমধ্যে তাৰ পৰা উভতি আহিছে। সেনাৰ চিকিৎসা দল আৰু নৌসেনাৰ দুখন জাহাজ ইতিমধ্যেই চুবুৰীয়া আৰু মিত্ৰ দেশৰ প্ৰয়োজনীয়তাৰ ক্ষেত্ৰত সহায় প্ৰেৰণৰ বাবে সাজু কৰি ৰখা হৈছে।

এই বৈঠকতে প্ৰতিৰক্ষা মূৰব্বী জেনেৰেল বিপিন ৰাৱত, প্ৰতিৰক্ষা সচিব ড. অজয় কুমাৰ, নৌ সেনাধ্যক্ষ এডমিৰেল কৰমবীৰ সিং, বায়ু সেনাধ্যক্ষ এয়াৰ চীফ মাৰ্শ্বাল আৰ কে এছ ভদোৰিয়া, স্থল সেনাধ্যক্ষ জেনেৰেল এম এম নৰৱানে, প্ৰতিৰক্ষা উৎপাদন সচিব শ্ৰী ৰাজ কুমাৰ, প্ৰাক্তন সৈনিক কল্যাণ বিভাগৰ সচিব শ্ৰীমতী সঞ্জীৱনী কুট্টী আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ সচিব তথা ডিআৰডিঅ’ৰ অধ্যক্ষ ড. জি সতীশ ৰেড্ডীও উপস্থিত থাকে।

 

***

ABB/SS/Nampi/KA/DK/Savvy/RD



(Release ID: 1608460) Visitor Counter : 193