মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

নেশ্যনেল বুক ট্ৰাষ্টৰ ‘#গ্ৰন্থৰ সৈতে ঘৰত কটাওক ভাৰত’ কাৰ্যক্ৰমৰ শুভাৰম্ভ

ট্ৰাষ্টৰ ৱে’ব ছাইটৰ পৰা পিডিএফ-ফৰ্মেট-ত ১০০+ কিতাপ ডাউনলোডৰ সুবিধা

Posted On: 25 MAR 2020 9:14PM by PIB Guwahati

ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে ভাৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ হিচাপে দেশৰ জনসাধাৰণক #ভিতৰত থকা অথবা ‘#ঘৰত থকাৰ বাবে জনোৱা আহ্বানৰ সৈতে সংগতি ৰাখি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ সংস্থা নেশ্যনেল বুক ট্ৰাষ্ট’(এনবিটি)য়ে ঘৰত থকাৰ সময়চোৱাত কিতাপ পঢ়াৰ বাবে জনসাধাৰণক উত্সাহ জনোৱাৰ উদ্দেশ্যে #ষ্টেহোমইণ্ডিয়াউইথবুক! অৰ্থাত গ্ৰন্থৰ সৈতে ঘৰত কটাওক! শীৰ্ষক এক কাৰ্যক্ৰমৰ শুভাৰম্ভ ঘোষণা কৰিছে। এই কাৰ্যক্ৰমৰ জৰিয়তে ট্ৰাষ্টৰ ৱেব ছাইটৰ পৰা সৰ্বাধিক বিক্ৰী হোৱা এলানি নিৰ্বাচিত গ্ৰন্থ বিনামূলীয়াকৈ ডাউনলোড কৰাৰ সুবিধা আগবঢ়োৱা হৈছে।

সেই অনুসৰি ইচ্ছুক সকলে এনবিটিৰ ৱেব ছাইট https://nbtindia.gov.in ৰ পৰা ১০০ৰো অধিক গ্ৰন্থৰ পিডিএফ ৰূপ ডাউনলোড কৰিব পাৰিব। হিন্দী, ইংৰাজী, অসমীয়া, বাংলা, গুজৰাটী, মালয়ালম, ওড়িয়া, মাৰাঠী, ককবৰক, মিজো, বড়ো, নেপালী, তামিল, পাঞ্জাৱী, তেলেগু, কানাড়া, উৰ্দু আৰু সংস্কৃত ভাষাৰ এই গ্ৰন্থসমূহ কাহিনী, জীৱনী, জনপ্ৰিয় বিজ্ঞান, শিক্ষকৰ হাতপুথিৰ দৰে হোৱাৰ লগতে বিশেষকৈ শিশু, যুৱক-যুৱতী আৰু বয়স্কসকলৰ মনোগ্ৰাহী বিষয়-বস্তু সম্বলিত হব। তদুপৰি এইসমূহ গ্ৰন্থৰ লগতে ৰবীন্দ্ৰনাথ ঠাকুৰ, প্ৰেমচান্দ আৰু মহাত্মা গান্ধীৰ জীৱন আধাৰিত গ্ৰন্থও উপলব্ধ হব। পৰিয়ালৰ সকলো সদস্যই পঢ়িব পৰা এইলানি গ্ৰন্থই সকলোকে আহ্লাদিত কৰিব বুলি আশা কৰা হৈছে। আগন্তুক সময়ত এই তালিকাত আৰু অধিক গ্ৰন্থ সামৰি লোৱা হব।

এইলানি গ্ৰন্থৰ তালিকাত অন্তৰ্ভূক্ত কৰা কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে—হলিডেজ হেভ কাম, এনিমেলছ ইউ কাণ্ট ফৰগে, নাইন লিটল বাৰ্ডছ, দ্য পাঝল, গান্ধী তত্ব সত্কাম, মেন ছায়েণ্টিষ্ট অব ইণ্ডিয়া, এক্টিভিটী-বেছড লাৰ্ণিং ছায়েন্স, এ টু জেদ অব গ্লাছ, গান্ধী ৱাৰিওৰ অব নন ভায়লেন্স আদি।

পিডিএফ-সমূহ কেৱল পঢ়িব পৰা ৰূপতহে উপলব্ধ হব। এনেধৰণে উপলব্ধ হোৱা গ্ৰন্থসমূহৰ কোনো ধৰণৰ অকৰ্তৃত্বশীল অথবা ব্যৱসায়িক ব্যৱহাৰৰ অনুমতি দিয়া নহব।

*****

NB/AKJ/AK/KB



(Release ID: 1608338) Visitor Counter : 173