গৃহ মন্ত্ৰালয়

ক’ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে ২০২১ৰ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰু এনপিআৰ উন্নীতকৰণৰ কাম বাতিল কৰা হৈছে

Posted On: 25 MAR 2020 4:18PM by PIB Guwahati

২০২১ চনৰ লোকপিয়লৰ সুচীমতে (ক) এপ্ৰিল-ছেপ্তেম্বৰ,২০২০ৰ প্ৰথম পৰ্যায়ৰ সময়ত, য’ত গৃহৰ তালিকা আৰু গৃহৰ পিয়লৰ কাম কৰা হ’ব আৰু (খ) ৯ৰ পৰা ২৮ ফেব্ৰুৱাৰী, ২০২১ৰ দ্বিতীয় পৰ্যায়ত সময়ত লোকগণনা কৰাৰ সুচী প্ৰস্তুত কৰা হৈছিল৷ ২০২১ৰ লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ লগতে অসমৰ বাদে দেশৰ সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জী(এনপিআৰ)ৰ উন্নীতকৰণৰো প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল৷

ক’ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱৰ বাবে ভাৰত চৰকাৰে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত হাই এলাৰ্ট জাৰি কৰিছে৷ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ২৪ মাৰ্চ, ২০২০ত দেশত ক’ভিড-১৯ৰ বাবে দেখা পৰিস্থিতি ৰোধ কৰাৰ বাবে ভাৰত চৰকাৰ আৰু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰৰ মন্ত্ৰালয়/বিভাগসমূহে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ কঠোৰভাৱে ৰূপায়ণ কৰাৰ বাবে এলানি নিৰ্দেশনা জাৰি কৰিছে৷ বহু ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰে লকডাউনো ষোষণা কৰিছে৷ ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে সামাজিক দুৰত্ব বজাই ৰখাকে ধৰি বিভিন্ন সাৱধানতামুলক পৰামৰ্শ আগবঢ়াইছে৷

সংশ্লিষ্ট দিশবোৰৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ১ এপ্ৰিল, ২০২০ৰ পৰা আৰম্ভ হ’বলগীয়া ২০২১ চনৰ লোকপিয়লৰ প্ৰথম পৰ্য়ায়ৰ কাম আৰু এনপিআৰ উন্নীতকৰণৰ সৈতে জড়িত ক্ষেত্ৰ পৰ্যায়ৰ কাম-কাজ পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাতিল কৰা হৈছে৷

*******

VG/SNC/VM/DB



(Release ID: 1608212) Visitor Counter : 221