প্ৰতিৰক্ষা মন্ত্ৰালয়

ক’ভিড-১৯ ৰ আছুতীয়া কক্ষৰ বাবে ২৮৫ খন বিচনা সাজু কৰিছে অস্ত্ৰ নিৰ্মাণ কাৰখানা পৰিষদে

प्रविष्टि तिथि: 25 MAR 2020 1:53PM by PIB Guwahati

অস্ত্ৰ-শস্ত্ৰ কাৰখানা পৰিষদ (অ’এফবি)য়ে দেশৰ বিভিন্ন স্থানত ক’ৰোনা ভাইৰাছ (ক’ভিড-১৯)ত আক্ৰান্ত ৰোগীসকলক আছুতীয়া কক্ষত ৰাখিবৰ বাবে ২৮৫ খন বিচনা সাজু কৰি তুলিছে। উল্লেখ্য যে জবলপুৰৰ যান-বাহন কাৰখানাত থকা চিকিৎসালয়ত চল্লিশখন বিচনা সাজু কৰাৰ উপৰিও ঈশ্বাপুৰৰ ধাতু আৰু তীখা কাৰখানা, ক’শ্বিপুৰৰ বন্দুক আৰু শ্বেল কাৰখানা, খাড়কিৰ খাৰ-বাৰুদ কাৰখানা, কানপুৰৰ অস্ত্ৰ-শস্ত্ৰ কাৰখানা, খামাৰিয়াৰ অস্ত্ৰ নিৰ্মাণ কাৰখানা, অম্বাঝাড়িৰ অস্ত্ৰ নিৰ্মাণ কাৰখানাত ত্ৰিশখনকৈ বিচনা সাজু কৰি তোলা হৈছে। ইফালে অম্বৰনাথৰ অস্ত্ৰ নিৰ্মাণ কাৰখানাত ২৫ খন বিচনা সাজু কৰাৰ বিপৰীতে বিশখনকৈ বিচনা সাজু কৰা হৈছে অৱধিত থকা গধুৰ বাহন নিৰ্মাণ কাৰখানা আৰু মেদকস্থিত অস্ত্ৰ নিৰ্মাণ কাৰখানাত।

অস্ত্ৰ নিৰ্মাণ কাৰখানাৰ চিকিৎসালয়ত আছুতীয়া কক্ষৰ সমান্তৰালকৈ বিচনাও সাজু কৰি তোলা হৈছে। কালি কেবিনেট সচিবৰ বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰি অস্ত্ৰ নিৰ্মাণ কাৰখানা পৰিষদৰ অধ্যক্ষই সংশ্লিষ্ট পদক্ষেপ গ্ৰহণৰ সিদ্ধান্ত লৈছে। অস্ত্ৰ নিৰ্মাণ কাৰখানা পৰিষদে লগতে সংশ্লিষ্ট পদক্ষেপৰ উপৰিও স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ অধীনৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান এইচ এল এল লাইফকেয়াৰ লিমিটেডৰ অৰ্ডাৰ অনুসৰি ব্যক্তিগত সুৰক্ষা সঁজুলি আৰু মুখত পিন্ধা মাস্ক আগবঢ়োৱাৰ বাবেও চেষ্টা চলাইছে।

***

ABB/SS/Nampi/KA/DK/Savvy/RD


(रिलीज़ आईडी: 1608186) आगंतुक पटल : 174
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , हिन्दी , Marathi , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada