কেবিনেট

ৰে’লৱে খণ্ডত ভাৰত আৰু জাৰ্মানীৰ মাজত হোৱা বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন

Posted On: 25 MAR 2020 3:43PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটক ভাৰতৰ ৰে’ল মন্ত্ৰালয় আৰু জাৰ্মানীৰ ডি বি ইঞ্জিনিয়াৰিং এণ্ড কনছালটিং জিএমবিএইচৰ মাজত ৰে’লৱে খণ্ডৰ প্ৰযুক্তিগত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তিপত্ৰৰ বিষয়ে অৱগত কৰোৱা হয়৷ এই চুক্তিপত্ৰ ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত স্বাক্ষৰিত হৈছিল৷

বিৱৰণঃ

ৰে’লৱে খণ্ডৰ এই বুজাবুজিৰ চুক্তিপত্ৰই নিম্নোক্ত ক্ষেত্ৰসমূহত সহযোগিতা সম্ভৱ কৰি তুলিবঃ

১) মালবাহী কাৰ্য (সীমান্ত পৰিবহণ, অট’মোটিভ পৰিবহণ আৰু লজিষ্টিক)

২) যাত্ৰীবাহী কাৰ্য (উচ্চ গতি আৰু সীমান্ত ট্ৰেফিকসহিতে)

৩) আন্তঃগাঁথনি নিৰ্মাণ আৰু ব্যৱস্থাপনা (উৎসৰ্গিত মালবাহী ক’ৰিডৰ আৰু যাত্ৰীবাহী ষ্টেচনসমূহৰ বিকাশকে ধৰি)

৪) আধুনিক, প্ৰতিদ্বন্ধিতামূলত ৰে’লৱে সংস্থাৰ বিকাশ (আনুষ্ঠানিক গাঁথনি আৰু ৰে’লৱে পুনৰ্গঠনৰ উত্তৰণকে ধৰি)

৫) ৰে’লৱে কাৰ্যসূচী, বিপণন আৰু ক্ৰয় লগতে প্ৰশাসনীয় উদ্দেশ্যত তথ্য-প্ৰযুক্তিৰ সমাধান

৬) ভৱিষ্যদ্বাণীপূৰ্ণ প্ৰতিপালন

৭) ব্যক্তিগত ৰে’ল কাৰ্যসূচী আৰু

৮) অন্যান্য যিকোনো ক্ষেত্ৰ য’ত দুয়োটা পক্ষই পাৰস্পৰিকভাৱে সন্মত হৈছে৷

 

 

******

PK/AK/MANN



(Release ID: 1608118) Visitor Counter : 132