বিত্ত মন্ত্ৰালয়

ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱৰ পৰিপ্ৰেক্ষিতত বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিছে বিভিন্ন খণ্ডৰ কেতবোৰ

বিধিগত আৰু নিয়ামক অনুপালন সম্পৰ্কীয় সকাহমূলক পদক্ষেপ

Posted On: 24 MAR 2020 5:10PM by PIB Guwahati

 

                  

 

কেন্দ্ৰীয় বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে আজি ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ সংক্ৰান্তত বিধিগত তথা নিয়ামক অনুপালন সম্বন্ধীয় বিভিন্ন খণ্ডত ভাৰত চৰকাৰে গ্ৰহণ কৰা কিছুমান সকাহমূলক পদক্ষেপৰ বিষয়ে ঘোষণা কৰে৷ ভিডিঅ’ কনফাৰেন্সিংযোগে অনুষ্ঠিত এক বৈঠকত শ্ৰী সীতাৰমণে আয়কৰ, জিএছটি, আবকাৰী আৰু শুল্ক, ঔদ্যোগিক পৰিক্ৰমা, ইনছলভেন্সী আৰু বেংক্ৰাপচী কোড (আইবিচি), ফিচাৰী, বেংকিং আৰু বাণিজ্য খণ্ডত অধীৰ প্ৰত্যাশিত কিছুমান সকাহমূলক পদক্ষেপৰ বিষয়ে ঘোষণা কৰে৷ বৈঠকখনত ৰাজ্যিক বিত্ত আৰু ঔদ্যোগিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ, বিত্ত সচিব শ্ৰী এ. বি. পাণ্ডে আৰু অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব শ্ৰী অতনু চক্ৰৱৰ্তীও উপস্থিত আছিল৷

বিভিন্ন খণ্ডৰ বিধিগত আৰু নিয়ামক অনুপালন সম্বন্ধীয় সিদ্ধান্তসমূহ তলত দিয়া ধৰণে গ্ৰহণ কৰা হয়-

 

আয়কৰ

১. বিত্তীয় বৰ্ষ ১৮-১৯ৰ বাবে আয়কৰ দাখিৰ অন্তিম তাৰিখ ৩১ মাৰ্চ ২০২০ৰ পৰা ৩০ জুন ২০২০ তাৰিখলৈ সম্প্ৰসাৰিত কৰা হৈছে৷

২. আধাৰ-পানৰ সংযোগীকৰণৰ অন্তিম তাৰিখ ৩১ মাৰ্চ ২০২০ৰ পৰা ৩০ জুন ২০২০ তাৰিখলৈ সম্প্ৰসাৰিত কৰা হৈছে৷

৩. বিবাদৰ পৰা বিশ্বাস আঁচনি- ৩০ জুন ২০২০ তাৰিখৰ ভিতৰত পৰিশোধ কৰিলে অতিৰিক্ত ১০% প্ৰদান কৰিব নালাগে৷

৪. আয়কৰ আইন, সম্পত্তি কৰ আইন, বেনামী সম্পত্তি লেনদেন প্ৰতিৰোধ আইন, ক’লা ধন আইন, এছিটি আইন, চিটিটি আইন, ইকুৱেলাইজেছন লিভাই আইন, বিবাদৰ পৰা বিশ্বাস আইনৰ অধীনত জাননী প্ৰদান, সূচনা, অধিসূচনা, অনুমতি নিৰ্দেশ, অনুমোদন নিৰ্দেশ, আপীলৰ ফাইলিং, ৰিটাৰ্ণ দাখিল, বিবৃতি, আবেদন, প্ৰতিবেদন, অন্যান্য নথিপত্ৰৰ দেয় তাৰিখ আৰু প্ৰাধিকৰণৰ দ্বাৰা কাৰ্যধাৰা সমাপনৰ সময়সীমা আৰু কৰদাতাসকলৰ যিকোনো অনুপালন, সঞ্চয় সঁজুলি অথবা মূলধন লাভৰ ৰ’ল অভাৰ বিনিয়োগ সহিতে, এই আটাইবোৰৰ যি সময়সীমা ২০ মাৰ্চ ২০২০ তাৰিখৰ পৰা ২৯ জুন ২০২০ তাৰিখৰ ভিতৰত ম্যাদ উকলিবলগীয়া আছিল, সেয়া ৩০ জুন ২০২০ তাৰিখলৈ সম্প্ৰসাৰিত কৰা হ’ব৷

৫. ২০ মাৰ্চ ২০২০ আৰু ৩০ জুন ২০২০ তাৰিখৰ ভিতৰত কৰা অগ্ৰীম কৰ, স্ব-মূল্যায়িত কৰ, নিয়মিত কৰ, টিডিএছ, টিচিএছ, ইকুলাইজেছন লিভাই, এছটিটি, চিটিটিৰ বিলম্বিত পৰিশোধৰ বাবে বাৰ্ষিক সুতৰ হাৰ ১২%/১৮%ৰ পৰিৱৰ্তে ৯%লৈ হ্ৰাস কৰা হৈছে (অৰ্থাৎ প্ৰতিমাহে ১/১.৫ শতাংশৰ পৰিৱৰ্তে ০.৭৫%লৈ হ্ৰাস কৰা হৈছে) আৰু এয়া সেই সময়ছোৱাৰ বাবে প্ৰযোজ্য হ’ব৷ এই সময়ছোৱাৰ ভিতৰত বিলম্বৰ বাবে কোনো জৰিমণা লোৱা নহ’ব৷

৬. উল্লিখিত সময়ছোৱাৰ বাবে প্ৰয়োজনীয় আইনী চাৰ্কুলাৰ আৰু বিধিগত সংশোধনী জাৰী কৰা হ’ব৷  

 

জিএছটি/পৰোক্ষ কৰ

১. যিসকলৰ বাৰ্ষিক টাৰ্ণ অভাৰ ৫ কোটি টকাতকৈ কম, তেওঁলোকৰ বাবে মাৰ্চ, এপ্ৰিল আৰু মে’ ২০২০ত প্ৰদান কৰিবলগীয়া জিএছটিআৰ-৩বিৰ অন্তিম তাৰিখ জুনৰ ২০২০ৰ শেষ সপ্তাহলৈ সম্প্ৰসাৰিত কৰা হৈছে৷ ইয়াৰ বাবে কোনো সুত, জৰিমণা আদায় কৰা নহ’ব৷

২. অন্যসকলে মাৰ্চ, এপ্ৰিল আৰু মে’ ২০২০ত প্ৰদান কৰিবলগীয়া ফাইল ৰিটাৰ্ণ জুনৰ ২০২০ৰ শেষ সপ্তাহত কৰিব পাৰে কিন্তু দেয় তাৰিখৰ ১৫ দিনৰ পিছত @৯% বাৰ্ষিক হ্ৰাস কৰা সুত প্ৰদান কৰিব লাগিব (বৰ্তমানে এই সুতৰ হাৰ বাৰ্ষিক ১৮%)৷ ৩০ জুন ২০২০ তাৰিখৰ পূৰ্বে দাখিল কৰিলে কোনো জৰিমণা আদায় কৰা নহ’ব৷

৩. কম্প’জিছন আঁচনি বাচনিৰ তাৰিখ জুন, ২০২০ৰ শেষৰ সপ্তাহলৈ সম্প্ৰসাৰিত কৰা হৈছে, ৩১ মাৰ্চ ২০২০ তাৰিখে সমাপ্ত হ’বলগীয়া ত্ৰিমাসিকৰ পৰিশোধৰ অন্তিম তাৰিখ আৰু কম্প’জিছন ডীলাৰৰ দ্বাৰা ২০১৯-২০ৰ ফাইলিং ৰিটাৰ্ণ জুন, ২০২০ৰ শেষ সপ্তাহলৈ সম্প্ৰসাৰিত কৰা হৈছে৷

৪. ১৮-১৯ বিত্তীয় বৰ্ষৰ বাবে জিএছটি বাৰ্ষিক ৰিটাৰ্ণ ফাইলিঙৰ অন্তিম তাৰিখ ৩১ মাৰ্চ ২০২০ তাৰিখৰ পৰা জুন, ২০২০ৰ শেষৰ সপ্তাহলৈ সম্প্ৰসাৰিত কৰা হৈছে৷

৫. জিএছটি আইনৰ অধীনত জাননী প্ৰদান, সূচনা, অধিসূচনা, অনুমতি নিৰ্দেশ, অনুমোদন নিৰ্দেশ, আপীলৰ ফাইলিং, ৰিটাৰ্ণ দাখিল, বিবৃতি, আবেদন, প্ৰতিবেদন, অন্যান্য নথিপত্ৰৰ দেয় তাৰিখ, অন্যান্য অনুপালনৰ সময়সীমা যি ২০ মাৰ্চ ২০২০ তাৰিখৰ পৰা ২৯ জুন ২০২০ তাৰিখৰ ভিতৰত ম্যাদ উকলিবলগীয়া আছিল, সেয়া ৩০ জুন ২০২০ তাৰিখলৈ সম্প্ৰসাৰিত কৰা হ’ব৷

৬. জিএছটি আয়োগৰ অনুমোদন মৰ্মে উল্লিখিত জিএছটি সকাহৰ বাবে প্ৰয়োজনীয় আইনী চাৰ্কুলাৰ আৰু বিধিগত সংশোধনী জাৰী কৰা হ’ব৷

৭. সকলোৰে বিশ্বাস আঁচনিৰ অধীনত পৰিশোধৰ তাৰিখ ৩০ জুন ২০২০ তাৰিখলৈ সম্প্ৰসাৰিত কৰা হৈছে৷ ৩০ জুন ২০২০ তাৰিখৰ পূৰ্বে পৰিশোধ কৰিলে কোনো সুত আদায় কৰা নহ’ব৷

 

 

শুল্ক

১. ৩০ জুন ২০২০ তাৰিখৰ শেষলৈ ২৪x৭ শুল্ক ক্লীয়াৰেন্স থাকিব৷

২. শুল্ক আইন আৰু অন্যান্য সম্পৰ্কীয় আইনৰ অধীনত জাননী প্ৰদান, সূচনা, অধিসূচনা, অনুমতি নিৰ্দেশ, অনুমোদন নিৰ্দেশ, আপীলৰ ফাইলিং, ৰিটাৰ্ণ দাখিল, বিবৃতি, আবেদন, প্ৰতিবেদন, অন্যান্য নথিপত্ৰৰ দেয় তাৰিখ ইত্যাদিৰ সময়সীমা যি ২০ মাৰ্চ ২০২০ তাৰিখৰ পৰা ২৯ জুন ২০২০ তাৰিখৰ ভিতৰত ম্যাদ উকলিবলগীয়া আছিল, সেয়া ৩০ জুন ২০২০ তাৰিখলৈ সম্প্ৰসাৰিত কৰা হ’ব৷

 

বিত্তীয় সেৱাসমূহ

১. ৩ মাহৰ বাবে সকাহ

    • ডেবিট কাৰ্ডৰ গৰাকীসকলে অন্য বেংকৰ এটিএমৰ পৰা ৩ মাহৰ বাবে বিনামূলীয়াকৈ ধন উলিয়াব পাৰিব৷
    • ন্যূনতম বেলেঞ্চ জমা ৰখাৰ পৰা সকাহ প্ৰদান কৰা হৈছে
    • সকলো ধৰণৰ বাণিজ্য বিত্ত গ্ৰাহকৰ বাবে ডিজিটেল বাণিজ্য লেনদেনত বেংক মাচুল হ্ৰাস কৰা হৈছে

কৰ্প’ৰেট পৰিক্ৰমা

১. ১ এপ্ৰিলৰ পৰা ৩০ ছেপ্টেম্বৰ ২০২০ তাৰিখলৈ স্থগিতকৰণৰ সময়ছোৱাৰ বাবে বিলম্বিত ফাইলিঙৰ কোনো অতিৰিক্ত মাচুল কোনো তথ্য, ৰিটাৰ্ণ, বিবৃতি আদিৰ বাবে এমচিএ-২১ত পূৰণ কৰিব লগীয়া তথ্য ইয়াৰ দেয় তাৰিখ সাপেক্ষে কোনো অতিৰিক্ত মাচুল ভৰিবলগীয়া নহ’ব, ফলত ইয়াৰ দ্বাৰা অনুপালন বোজা হ্ৰাস হোৱাই নহয়, বৃহৎ সংখ্যাত উদ্যোগ/এলএলপিসমূহৰ বিত্তীয় বোজাও হ্ৰাস হ’ব আৰু দীৰ্ঘ সময়ৰ পৰা অনুপালনবিহীন উদ্যোগক ‘সতেজ আৰম্ভণি’ কৰাৰ সুযোগো প্ৰদান কৰিব;

২. উদ্যোগসমূহৰ ব’ৰ্ডৰ বাধ্যতামূলক বৈঠকসমূহ যি উদ্যোগ আইন (১২০ দিন), ২০১৩ত উল্লিখিত অনুসাৰে পৰৱৰ্তী দুটা ত্ৰিমাসিকৰ বাবে ৬০ দিনলৈ সম্প্ৰসাৰিত কৰা হৈছে অৰ্থাৎ ৩০ ছেপ্টেম্বৰলৈ সম্প্ৰসাৰিত কৰা হৈছে;    

  1. কোম্পানী নিৰ্দেশনা, ২০২০ ৰ (অডিটৰৰ প্ৰতিবেদন) প্ৰযোজ্যতা পূৰ্বে ঘোষণা কৰি অনুসৰি ২০১৯-২০ বৰ্ষৰ পৰা হ’বলগীয়াৰ বিপৰীতে এতিয়াৰে পৰা ২০২০-২১ বৰ্ষৰ পৰা কাৰ্যকৰী হ’ব। এই সুবিধাই কোম্পানীবোৰৰ ওপৰৰ পৰা বোজা হ্ৰাস কৰাৰ লগতে ২০১৯-২০ বৰ্ষৰ বাবে কোম্পানীবোৰৰ অডিটৰসকলৰ ওপৰৰ পৰাও বোজা হ্ৰাস কৰিব।
  2. কোম্পানী আইন ২০১৩ ৰ সূচী ৪ অনুসৰি স্বতন্ত্ৰ সঞ্চালকসকলে অন্ততঃ এখন বৈঠক অনা-স্বতন্ত্ৰ সঞ্চালক আৰু পৰিচালনা বিভাগৰ সদস্যসকলৰ উপস্থিতি নোহোৱাকৈ অনুষ্ঠিত কৰিব লাগে। ২০১৯-২০ বিত্তীয় বৰ্ষত যদিহে এটা কোম্পানীৰ স্বতন্ত্ৰ সঞ্চালকসকলে এখনো বৈঠক আয়োজন কৰিবলৈ সমৰ্থ নহয় তেন্তে তেনে পৰিস্থিতিক নিয়ম উলঙ্ঘন হিচাপে গণ্য কৰা নহ’ব।
  3. ৩০ এপ্ৰিল ২০২০ তাৰিখৰ পূৰ্বে ২০২০-২১ বিত্তীয় বৰ্ষৰ সময়ছোৱাত ম্যাদপূৰ্তি হোৱা জমাৰ ২০ শতাংশৰ এক ডিপ’জিট ৰিজাৰ্ভ সৃষ্টি কৰাৰ ক্ষেত্ৰত ২০ জুন ২০২০ তাৰিখলৈ সামগ্ৰিক দিশ সামৰি ল’ব পাৰিব।
  4. ৩০ এপ্ৰিল ২০২০ তাৰিখৰ পূৰ্বে এক নিৰ্দ্দিষ্ট বিত্তীয় সম্পত্তিত এটা নিৰ্দ্দিষ্ট বৰ্ষৰ সময়ছোৱাত ম্যাদপূৰ্তি হোৱা ঋণপত্ৰৰ ১৫ শতাংশ বিনিয়োগ ৩০ জুন ২০২০ তাৰিখৰ পূৰ্বে কৰিব পাৰিব।
  5. নতুনকৈ পঞ্জীকৃত কোম্পানীবোৰে পঞ্জীকৰণ হোৱাৰ ৬ মাহৰ ভিতৰত ব্যৱসায় আৰম্ভ কৰাৰ বাবে এক ঘোষণা পত্ৰ দাখিল কৰিব লাগে। এই ক্ষেত্ৰত আৰু ৬ মাহ সময় অতিৰিক্তকৈ প্ৰদান কৰা হৈছে।
  6. কোম্পানী আইনৰ ধাৰা ১৪৯ ৰ অধীনত প্ৰতিটো কোম্পানীৰ অন্ততঃ এগৰাকী সঞ্চালকে ন্যূনতম অন্ততঃ ১৮২ দিনৰ বাবে ভাৰতত নথকা দিশটো এতিয়াৰে পৰা আইন উলঙ্ঘা হিচাপে গণ্য কৰা নহ’ব।
  7. ক’ভিড-১৯ ৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশৰে অধিকাংশ কোম্পানীয়েই অৰ্থনৈতিক মন্দাৱস্থাৰ সমূখীন হোৱাৰ পৰিপ্ৰেক্ষিতত আইবিচি ২০১৬ ৰ ধাৰা ৪ ৰ অধীনত ডিফল্ট থ্ৰেশ্বহোল্ডৰ পৰিমাণ পূৰ্ব ১ লাখৰ পৰিৱৰ্তে ১ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। ই বিশেষভাৱে ক্ষুদ্ৰ, সূক্ষ্ম আৰু মজঁলীয়া উদ্যোগসমূহক লাভৱান্বিত কৰিব। যদিহে সাম্প্ৰতিক পৰিস্থিতি ৩০ এপ্ৰিল, ২০২০ তাৰিখৰ পিছতো অপৰিৱৰ্তিত হৈ থাকে তেন্তে আমি আইবিচি ২০১৬ ৰ ধাৰা ৭, ৯ আৰু ১০ পৰৱৰ্তী ৬ মাহৰ বাবে বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰো, যাতে সংশ্লিষ্ট কোম্পানীবোৰে ডিফল্টৰ বিভিন্ন ঘটনাৰ পৰা হাত সাৰি থাকিব পাৰে।
  8. এই সন্দৰ্ভত সবিশেষ কথা উল্লেখ কৰি কৰ্প’ৰেট পৰিক্ৰমা বিভাগে পৃথকে জাননী জাৰি কৰিব।

 

মীন বিভাগ

  1. এছপিএফ মিছামাছৰ পোনা আমদানিৰ বাবে আৰু ১ মাৰ্চ ২০২০ তাৰিখৰ পৰা ১৫ এপ্ৰিল ২০২০ তাৰিখৰ ভিতৰত ম্যাদ উকলিবলগীয়া অন্যান্য কৃষিজাত উপাদানৰ আমদানিৰ বাবে আটাইবোৰ ছেনিটাৰী অনুজ্ঞাৰ ম্যাদ ৩ মাহলৈ বৃদ্ধি কৰা হৈছে।
  2. কনছাইনমেণ্ট আহি পাওতে ১ মাহ পৰ্যন্ত পলম হোৱাৰ ক্ষেত্ৰত মাৰ্জনা কৰা হ’ব।
  3. কোনো অতিৰিক্ত বুকিং মাচুল অবিহনে চেন্নাইত থকা একুৱেটিক কোৰাণ্টাইন ফেচিলিটিত বাতিল কৰা কনছাইনমেণ্টৰ বাবে কোৰাণ্টাইন কিউবিকলবোৰৰ পুনৰ বুকিং কৰা হ’ব।
  4. কোৰাণ্টাইনৰ বাবে আপত্তিবিহীনতাৰ প্ৰমাণপত্ৰ প্ৰদান আৰু নথি পত্ৰৰ সত্যাপনৰ বাবে ৭ দিনৰ পৰা ৩ দিনলৈ শিথিল কৰা হ’ব।

বাণিজ্য বিভাগ

বিভিন্ন সৌজন্যতা আৰু প্ৰক্ৰিয়া সম্পাদন কৰাৰ সময়সীমাৰ বৃদ্ধি কৰা হ’ব। সবিশেষ জাননী পৰৱৰ্তী পৰ্যায়ত বাণিজ্য বিভাগে জাৰি কৰিব।

 

 

****

RM/KMN/MANN/RD



(Release ID: 1607996) Visitor Counter : 252