প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

শংকিত নহ’বলৈ তথা অনাহকত ভ্ৰমণ নকৰিবলৈ জনসাধাৰণক আহ্বান জনালে প্ৰধানমন্ত্ৰীয়ে

চিকিৎসকৰ পৰামৰ্শ আৰু নিৰ্দেশাৱলী পালন কৰক, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়


নাগৰিকসকললৈ নিৰৱচ্ছিন্ন সেৱা আগবঢ়োৱা তথ্য প্ৰযুক্তিৰ পেছাদাৰী ব্যক্তিসকল তথা কৰ্মীসকলক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা


Posted On: 21 MAR 2020 7:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনসাধাৰণক শংকিত নহ’বলৈ তথা অনাহকত ভ্ৰমণ নকৰিবলৈ আহ্বান জনাইছে৷ চিকিৎসকসকলে প্ৰদান কৰা পৰামৰ্শৱলীসমূহ পালন কৰিবলৈ জনসাধাৰণক সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে কয় যে যিসকলক ঘৰত আচুতীয়াকৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে তেওঁলোকে এই নিৰ্দেশ পালন কৰা উচিত৷

টুইটাৰত এলানি টুইট প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘কেতিয়াও নাপাহৰিব- সাৱধানতা অৱলম্বন কৰক, শংকিত নহ’ব! ঘৰত থকাটোৱেই কেৱল প্ৰয়োজন নহয়, বৰঞ্চ আপুনি যি চহৰ/নগৰত আছে, তাতেই থাকক৷ অনাৱশ্যকীয় ভ্ৰমণে আপোনাক আৰু কাকো সহায় নকৰে৷ এই সময়ছোৱাত আপুনি গ্ৰহণ কৰা সামান্য পদক্ষেপে বৃহৎ প্ৰভাৱ পেলাব পাৰে৷

এই সময়ছোৱাত আমি চিকিৎসক আৰু কৰ্তৃপক্ষই প্ৰদান কৰা পৰামৰ্শসমূহ পালন কৰা উচিত৷ যিসকলক ঘৰত আচুতীয়াকৈ থাকিবলৈ দিয়া হৈছে, মই আপোনালোকক অনুৰোধ জনাইছো যে আপোনালোকে পৰামৰ্শসমূহ পালন কৰক৷ ইয়াৰ জৰিয়তে আপুনি লগতে আপোনাৰ বন্ধু-বান্ধৱসকলো সুৰক্ষিত হ’ব৷’’

নাগৰিকসকলক নিৰৱচ্ছিন্ন সেৱা আগবঢ়াই থকা তথ্য প্ৰযুক্তিৰ পেছাদাৰীসকল তথা কৰ্মীসকলক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ কামসমূহ ভৱিষ্যতলৈও সোঁৱৰণ কৰা হ’ব বুলি উল্লেখ কৰে৷

টুইট এটাত প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়, ‘‘তেওঁলোক হ’ল নায়ক৷ তেওঁলোকৰ এই অতুলনীয় ভূমিকাক আগন্তুক বৰ্ষসমূহতো সোঁৱৰণ কৰা হ’ব৷

সম্পূৰ্ণ সত্য! ভাৰতে আমাৰ তথ্য প্ৰযুক্তিৰ পেছাদাৰীসকলক লৈ গৌৰৱ কৰে যিয়ে নিৰৱচ্ছিন্নভাৱে নাগৰিকসকললৈ সেৱা আগবঢ়াই আছে৷ এওঁলোকে ক’ভিড-১৯ক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷’’ #IndiaFightsCorona

***

VRRK/KP/MANN



(Release ID: 1607864) Visitor Counter : 119