প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ৰনা ভাইৰাছ বিষয়ভিত্তিক গীতৰ গায়কক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

‘জনতা কাৰ্ফিউ’ৰ বাৰ্তা প্ৰচাৰ কৰা খ্যাতনামা ব্যক্তিক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা

Posted On: 22 MAR 2020 2:33PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰনা ভাইৰাছ বিষয়ৰ গীত গোৱা মালিনী অৱস্থি আৰু প্ৰীতম ভৰ্তৱানক প্ৰশংসা কৰিছে৷ প্ৰধানমন্ত্ৰীয়ে গীতটো টুইটাইৰত বিনিময় কৰি এইদৰে লিখিছে, ‘‘জনসাধাৰণে কাৰ্ফিউক লৈ নিজৰ নিজৰ তৰফৰ পৰা অৱদান আগবঢ়াইছে৷ লোকগায়িকা @maliniawasthi য়ে নিজৰ ধৰণে জনসাধাৰণক অনুপ্ৰেৰিত কৰিছে…#JantaCurfew”, ‘‘জনতা কাৰ্ফিউক লৈ লোকগায়ক প্ৰীতম ভৰ্তৱানে অনন্য তথা সুৰীয়া বাৰ্তা প্ৰচাৰ কৰিছে…#JantaCurfew”

প্ৰধানমন্ত্ৰীয়ে সংবাদ মাধ্যমে উপযুক্ত তথ্য বিনিময় কৰাই নহয় বৰঞ্চ উপযুক্ত সাৱধানতাও গ্ৰহণ কৰিছে বুলি প্ৰশংসা কৰে৷ তেওঁ কয় যে সংবাদ মাধ্যমে আশা আৰু ধনাত্মকতাৰ বাৰ্তা প্ৰচাৰ কৰিছে৷ খ্যাতনামা ব্যক্তিসকলে ‘জনতা কাৰ্ফিউ’ক লৈ প্ৰচাৰ কৰা বাৰ্তাক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে৷ টুইটাৰত এলানি টুইট প্ৰকাশ কৰি তেওঁ কয়, ‘‘বিশিষ্ট ব্যক্তিসকলে দেওবাৰে ক’ৰনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ঘৰতে থকাৰ বাবে উদগনি জনাইছে আৰু জনসাধাৰণৰ সমৰ্থন প্ৰশংসনীয় হৈছে৷’’

প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক ‘জনতা কাৰ্ফিউ’ৰ সৈতে জড়িত হ’বলৈ আজি আহ্বান জনাই কয় যে ইয়াৰ জৰিয়তে ক’ভিড-১৯ক প্ৰতিৰোধ কৰিবলৈ সংবদ্ধ হোৱা যুঁজখন শক্তিশালী হ’ব৷ সামাজিক দূৰত্বৰ গুৰুত্ব নিশ্চিত কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক পৰিয়ালৰ সৈতে সময় কটাবলৈ, টিভি চাবলৈ আৰু ভাল খাদ্য গ্ৰহণ কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয় যে আমি সকলোৱেই ক’ভিড-১৯ৰ একো একোজন যোদ্ধা আৰু আমি সাৱধান হৈ থকাৰ জৰিয়তে লক্ষাধিক লোকৰ জীৱন ৰক্ষা কৰিব পাৰিম৷ তেওঁ কয় যে বাট-পথ জনশূন্য হ’ব পাৰে কিন্তু ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজাৰ হেঁপাহ প্ৰৱল হৈ আছে৷

******

VRRK/AK/MANN



(Release ID: 1607859) Visitor Counter : 138