প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আগন্তুক দেওবাৰে জনতা কাৰ্ফিউক সমৰ্থন জনাবলৈ বিভিন্ন প্ৰান্তৰ পৰা অহা জনতাৰ সঁহাৰিক প্ৰধানমন্ত্ৰীৰ ধন্যবাদ জ্ঞাপন

Posted On: 20 MAR 2020 8:53PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ মাৰ্চ ২০২০ তাৰিখ, দেওবাৰে আহ্বান জনোৱা ‘জনতা কাৰ্ফিউ’ক বিভিন্ন প্ৰান্তৰ জনসাধাৰণে জনোৱা সঁহাৰিক তেওঁ ধন্যবাদ প্ৰদান কৰিছে৷ উল্লেখ্য, এই ‘জনতা কাৰ্ফিউ’ ক’ভিড-১৯ক প্ৰত্যাহ্বান জনোৱাৰ সজাগতা বৃদ্ধিৰ বাবে আহ্বান জনোৱা হৈছে৷

বিভিন্ন ক্ষেত্ৰৰ খ্যাতনামা ব্যক্তিসকলেও এই জনতাৰ কাৰ্ফিউৰ প্ৰতি নিজৰ সমৰ্থন প্ৰদান কৰিছে আৰু ইয়াক কাৰ্যকৰী তুলিবলৈ জনসাধাৰণক আহ্বান জনাইছে৷

*****

 

VRRK/ VJ/MANN



(Release ID: 1607456) Visitor Counter : 99