তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ন’ভেল ক’ৰনা ভাইৰাছ ৰোগ (ক’ভিড-১৯) সন্দৰ্ভত অতিৰিক্ত পৰামৰ্শৱলী

प्रविष्टि तिथि: 19 MAR 2020 6:02PM by PIB Guwahati
  1. ২২ মাৰ্চ ২০২০ তাৰিখৰ পৰা এসপ্তাহলৈ কোনো অধিসূচীত আন্তৰ্জাতিক বাণিজ্যিক যাত্ৰীবাহী বিমান ভাৰতত অৱতৰণ কৰিবলৈ দিয়া নহ’ব৷
  2. ৰাজ্য চৰকাৰে ৰাজহুৱা প্ৰতিনিধি/চৰকাৰী চাকৰিয়াল/চিকিৎসা পেছাদাৰী লোকৰ বাহিৰে ৬৫ বছৰ বয়সৰ ঊৰ্ধৰ (চিকিৎসা সাহায্যৰ ব্যতিৰেকে)লোকক ঘৰতে থকাৰ বাবে উপযুক্ত নিৰ্দেশনা জাৰী কৰিব৷
  3. ঠিক সেইদৰে ১০ বছৰৰ তলৰ শিশুক ঘৰতে থকাৰ বাবে আৰু বাহিৰলৈ ওলাই নোযোৱাৰ বাবে পৰামৰ্শ প্ৰদান কৰা হৈছে৷
  4. ৰে’লৱে আৰু অসামৰিক বিমান পৰিবহণত শিক্ষাৰ্থী, ৰোগী আৰু দিব্যাংগ লোসকলক বাদ দি অন্য সুবিধাপূৰ্ণ ভ্ৰমণ বাতিল কৰা হৈছে৷
  5. জৰুৰীকালীন/প্ৰয়োজনীয় সেৱাক বাদ দি ৰাজ্য চৰকাৰক ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলকো ঘৰৰ পৰাই কাম কৰিবলৈ দিয়াৰ বাবে অনুৰোধ জনোৱা হৈছে৷
  6. জন সমাগম ৰোধ কৰিবলৈ গ্ৰুপ বি আৰু চিৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক কাৰ্যালয় এদিন এৰি এদিনকৈ আহিবলৈ নিৰ্দেশনা দিয়া হৈছে৷

SS/MANN


(रिलीज़ आईडी: 1607231) आगंतुक पटल : 212
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Marathi , हिन्दी , Punjabi , Gujarati , Odia , Telugu , Kannada , Malayalam