স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ন’ভেল ক’ৰনা ভাইৰাছ (ক’ভিড ১৯)ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপসমূহৰ পুনৰীক্ষণ কৰিলে ডাঃ হৰ্ষবৰ্ধনে

‘‘বিশেষজ্ঞৰ দলে মূল্যায়ন আৰু নিৰীক্ষণৰ বাবে নিয়মীয়াকৈ আচুতীয়া কেন্দ্ৰসমূহৰ প্ৰদৰ্শন কৰিব’’

Posted On: 18 MAR 2020 3:24PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে আজি নতুন দিল্লীত মন্ত্ৰালয়সমূহৰ জ্যেষ্ঠ বিষয়া তথা সফডৰজং চিকিৎসালয় আৰু এইমছৰ দৰে কেন্দ্ৰ চৰকাৰৰ চিকিৎসালয়সমূহৰ অধীক্ষক/নিৰ্দেশকৰ সৈতে এক উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰে৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে পোন প্ৰথমে কেন্দ্ৰ তথা ৰাজ্যিক পৰ্যায়ৰ বিভিন্ন মন্ত্ৰালয়ৰ সৈতে বিদেশস্থিত ভাৰতীয় দূতাৱাসসমূহৰ মাজত পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ প্ৰশংসা কৰে৷ তেওঁ ক’ৰনা ভাইৰাছ (ক’ভিড-১৯)ৰ নিয়ন্ত্ৰিত কৰি ৰখাৰ বাবে অত্যন্ত সক্ৰিয়ভাৱে নিৰীক্ষণ, ৰোগীৰ সংস্পৰ্শলৈ অহা লোকক কাৰ্যকৰী ধৰণে সন্ধান আৰু এই দিশত সম্পূৰ্ণ প্ৰস্তুতিৰ বাবে ৰাজ্যসমূহকো প্ৰশংসা কৰে৷

তেওঁ ইয়াৰ বাবে চিকিৎসালয়সমূহত উচিত ব্যৱস্থাপনা যেনে অ’পিডি ব্ল’কৰ ব্যৱস্থা, পৰীক্ষণ কিট, ব্যক্তিগত সুৰক্ষাত্মক উপকৰণ (পিপিই) তথা ঔষধসমূহৰ উপলব্ধতা আৰু পৰ্যাপ্ত সংখ্যাত আচুতীয়া ৱাৰ্ডৰ ব্যৱস্থাপনা সন্দৰ্ভত বুজ লয়৷ তেওঁ চিকিৎসালয়সমূহৰ সকলো স্বাস্থ্য কৰ্মীসকলৰ বাবে পৰ্যাপ্ত সংখ্যাত সুৰক্ষাত্মক সামগ্ৰী অথবা উপকৰণসমূহৰ উপলব্ধতা সুনিশ্চিত কৰাৰ নিৰ্দেশনা জাৰী কৰিছে৷ এই সন্দৰ্ভত ডাঃ হৰ্ষবৰ্ধনক এই তথ্য প্ৰদান কৰা হয় যে পৰ্যাপ্ত সংখ্যাত ব্যক্তিগত সুৰক্ষাত্মক উপকৰণ (পিপিই), মাস্ক, ছেনিটাইজাৰ, থাম’মিটাৰ ইত্যাদি ক্ৰয় কৰা হৈছে আৰু আৱশ্যক অনুসৰি নিৰ্দিষ্ট স্থানলৈ এইসমূহ প্ৰেৰণ কৰা হৈছে৷ ইয়াৰ লগতে ডাঃ হৰ্ষবৰ্ধনক এই বুলিও জানিবলৈ দিয়া হয় যে ভৱিষ্যতে যিকোনো চাহিদা পূৰণৰ বাবে এই উপকৰণসমূহৰ পৰ্যাপ্ত ভাণ্ডাৰ সুনিশ্চিত কৰা হৈছে৷

ডাঃ হৰ্ষবৰ্ধনে বিমানবন্দৰ/অন্য গুৰুত্বপূৰ্ণ পৰিবহণ পথৰ দ্বাৰা অহা সংক্ৰমিত যাত্ৰীসমূহৰ বাবে ব্যৱস্থা কৰা আচুতীয়া কেন্দ্ৰৰ সৈতে তালৈ সেই যাত্ৰীসমূহৰ অহা-যোৱাৰ ব্যৱস্থা, স্বাস্থ্য পৰীক্ষা ইত্যাদিৰ বিষয়ে বিস্তৃতভাৱে বুজ লয়৷ স্বাস্থ্য মন্ত্ৰীয়ে এই কাৰ্যৰ বাবে কাৰ্যৰত দলক আচুতীয়া কেন্দ্ৰৰ নিয়মিত নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে যাতে তাত আৱশ্যকীয় সুবিধাসমূহ সুনিশ্চিত কৰিব পাৰি৷

 ডাঃ হৰ্ষবৰ্ধনে কয় যে আৱশ্যকীয় সুবিধাসমূহ উন্নত কৰাৰ উদ্দেশ্যৰে প্ৰতিদিনে এই সুবিধাসমূহৰ সমীক্ষা কৰা হ’ব৷ ডাঃ হৰ্ষবৰ্ধনে ইয়াকো কয় যে তেওঁ সম্বন্ধিত ৰাজ্য/কেন্দ্ৰশাসিত প্ৰদেশসমূহৰ সৈতে সম্পূৰ্ণ স্থিতিৰ সমীক্ষা কৰি আছে৷ সংকটৰ পৰা উদ্ধাৰ পোৱাৰ উপযুক্ত সাধন হিচাপে বিবেচিত হোৱা প্ৰভাৱকাৰী সংবাদ মাধ্যম ব্যৱস্থাৰ বিষয়ে আলোকপাত কৰি ডাঃ হৰ্ষবৰ্ধনে মাল্টি-মিডিয়া সঞ্চাৰ অভিযান আৰম্ভ কৰিবলৈ পৰামৰ্শ আগবঢ়ায় য’ত বিভিন্ন দিশসমূহ আলোকপাত কৰা হ’ব৷ ৰোগ নিয়ন্ত্ৰণৰ উপায়, উৰাবাতৰিসমূহ বন্ধ কৰিবলৈ, সাধাৰণ জনতাক পৰামৰ্শ প্ৰদান কৰিবলৈ, পৰামৰ্শৱলী, পৰীক্ষণ গৱেষণাগাৰ আদিৰ বিষয়ে বিস্তৃত সূচনা প্ৰদান কৰাটো এই পদক্ষেপসমূহত অন্তৰ্ভুক্ত কৰা হৈছে৷   

****

MV/MANN



(Release ID: 1607043) Visitor Counter : 111