প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

চৰকাৰে ক’ভিড-১৯ৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে বুলি প্ৰধানমন্ত্ৰীৰ মন্তব্য

জনসাধাৰণক বিতত নহ’বলৈ আৰু প্ৰয়োজনবিহীন যাত্ৰা স্থগিত ৰাখিবলৈ আহ্বান


আগন্তুক দিনকেইটাত কোনো কেন্দ্ৰীয় মন্ত্ৰীয়েই ভ্ৰমণ নকৰে বিদেশলৈ


Posted On: 12 MAR 2020 5:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে চৰকাৰে ক’ভিড-১৯ ন’ভেল ক’ৰনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে৷ প্ৰধানমন্ত্ৰীয়ে এটা টুইটত আজি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জনসাধাৰণৰ নিৰাপত্তাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে৷ তেওঁ জনসাধাৰণক বিতত নহ’বলৈ আৰু প্ৰয়োজনবিহীন যাত্ৰা নকৰিবলৈ তথা জনসমাগমত উপস্থিত নাথাকিবলৈ আহ্বান জনাইছে৷ প্ৰধানমন্ত্ৰীয়ে কয় যে আগন্তুক দিনকেইটাত কোনো কেন্দ্ৰীয় মন্ত্ৰীয়ে বিদেশলৈ ভ্ৰমণ নকৰে৷

***

VRRK/AK/MANN



(Release ID: 1606202) Visitor Counter : 70