কেবিনেট

স্বাস্থ্যখণ্ডত ভাৰত আৰু ক’ট ডিলভইৰ মাজত সহযোগিতা স্থাপনৰ বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন প্ৰদান

प्रविष्टि तिथि: 04 MAR 2020 4:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় তথা কট ডিলভইৰ গণৰাজ্যৰ স্বাস্থ্য আৰু জন স্বাস্থ্যবিধি মন্ত্ৰালয়ৰ মাজত স্বাস্থ্যখণ্ডৰ সহযোগিতা বৃদ্ধিৰ বাবে সম্পন্ন হোৱা বুজাবুজিৰ চুক্তিপত্ৰত অনুমোদন প্ৰদান কৰে৷

বুজাবুজিৰ চুক্তিপত্ৰখনত সহযোগিতাৰ নিম্নোক্ত দিশসমূহ সামৰি লোৱা হৈছেঃ

. চিকিৎসক, স্বাস্থ্য বিষয়া আৰু অন্যান্য স্বাস্থ্য পেছাদাৰী তথা বিশেষজ্ঞসকলক অত্যাধুনিক চিকিৎসা প্ৰযুক্তি, নিউক্লীয়াৰ ঔষধ, ৰেনেল প্ৰত্যাৰোপণ, কাৰ্ডিয়াক অস্ত্ৰোপচাৰ, নেফ্ৰজী, হেমডায়লাইছিচ আৰু চিকিৎসা গৱেষণাৰ বিনিময় আৰু প্ৰশিক্ষণ;

. ঔষধ আৰু ফাৰ্মাচিউটিকেল সামগ্ৰীৰ নিয়ামক;

. মানৱ সম্পত্তিৰ বিকাশ আৰু স্বাস্থ্য সেৱা সুবিধা স্থাপনত সাহায্য;

. চিকিৎসা নিষ্কাশনক অন্তৰ্ভুক্ত কৰি স্বাস্থ্যসেৱা খণ্ড আৰু জনস্বাস্থ্য সেৱাৰ ব্যৱস্থাপনা;

. জেনেৰিক আৰু অত্যাৱশ্যকীয় ঔষধৰ আহৰণ আৰু ঔষধ যোগানত সাহায্য;

. এইচআইভি/এইডছৰ ক্ষেত্ৰত সহযোগিতা আৰু গৱেষণা;

. মহামাৰী নিৰীক্ষণ প্ৰযুক্তি আৰু কৌশলৰ বিকাশ আৰু উত্তৰণ;

. প্ৰাথমিক স্বাস্থ্যসেৱাৰ খণ্ডত উত্তম অনুশীলনৰ বিনিময়;

. চিকিৎসালয় ব্যৱস্থাপনা আৰু ৰাজহুৱা স্বাস্থ্যসেৱা কেন্দ্ৰসমূহৰ তথ্য বিনিময়;

১০. জনস্বাস্থ্যৰ উত্তৰণ আৰু চিকিৎসা নিষ্কাশন ব্যৱস্থাপনাৰ অভিজ্ঞতা বিনিময়;

১১. স্বাস্থ্য উত্তৰণ আৰু ৰোগ প্ৰতিৰোধ;

১২. অসংক্ৰামক ৰোগ;

১৩. পেছাগত আৰু পৰিবেশগত স্বাস্থ্য;

১৪. চিকিৎসা গৱেষণা; আৰু

১৫. পাৰস্পৰিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰা সহযোগিতাৰ যিকোনো ক্ষেত্ৰ৷

 

সহযোগিতা সম্প্ৰসাৰণ আৰু বুজাবুজিৰ চুক্তিপত্ৰৰ সঠিক ৰূপায়ণ প্ৰত্যক্ষ কৰিবলৈ এটা কৰ্মদল গঠন কৰা হব৷

****

VRRK/AK/MANN


(रिलीज़ आईडी: 1605318) आगंतुक पटल : 158
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Punjabi , Gujarati , Tamil , Telugu , Kannada