প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

গান্ধীনগৰত পৰিভ্ৰমী প্ৰজাতিৰ বন্যপ্ৰাণীৰ সংৰক্ষণ সম্পৰ্কীয় ত্ৰয়োদশ কনফাৰেন্স অফ পাৰ্টীছ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে


নিৰ্ধাৰিত সময়ৰ দুবছৰৰ ভিতৰতে ভাৰতত বাঘৰ সংখ্যা দুগুন হৈছেঃ প্ৰধানমন্ত্ৰী মাইক্ৰ প্লাষ্টিকৰ বাবে হোৱা প্ৰদূষণৰ সমস্যা মোকাবিলা কৰাৰ বাবে সামূদ্ৰিক কাছ নীতি আৰু সামুদ্রিক স্থিতাৱস্থা ব্যৱস্থাপনা নীতি শুভাৰম্ভ কৰিব ভাৰতে


Posted On: 17 FEB 2020 1:19PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅকনফাৰেন্সিংযোগে গান্ধীনগৰত পৰিভ্ৰমী প্ৰজাতিৰ বন্যপ্ৰাণীৰ সংৰক্ষণ সম্পৰ্কীয় ত্ৰয়োদশ কনফাৰেন্স অফ পাৰ্টীছ উদ্বোধন কৰে৷

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰত বিশ্বৰ অন্যতম বৈচিত্র্যপূর্ণ দেশ। বিশ্বৰ মুঠ ভৌগোলিক এলেকাৰ . শতাংশ ভাৰতীয় ভূখণ্ডৰ অংশ লেও ইয়াত বিশ্বৰ জৈ-ৱবৈচিত্র্যৰ প্রায় শতাংশৰ বসবাস। প্ৰধানমন্ত্রীয়ে লগতে কয় যে যুগ যুগ ধৰি বন্যপ্রাণী আৰু ইয়াৰ বাসস্থানৰ সংৰক্ষণ ভাৰতৰ সাংস্কৃতিক মূল্যবোধেৰ অংগ৷ এই মূল্যবোধেই কৰুণা আৰু সহাৱস্থানত প্রেৰণা যোগায়। তেওঁ কয়,গান্ধীজীৰ আদর্শ অনুপ্রাণিত হৈ অহিংসাৰ নীতি তথা বন্যপ্ৰাণী আৰু প্ৰকৃতিৰ সুৰক্ষাৰ বিষয়টো ভাৰতৰ সংবিধান আৰু একাধিক আইনত যথাযথভাৱে প্ৰতিফলিত হৈছে৷


ভাৰতৰ অৰণ্য অঞ্চলৰ পৰিসৰ বৃদ্ধি সন্দৰ্ভত প্ৰধানমন্ত্রীয়ে কয় যে বর্তমান দেশৰ মুঠ ভৌগোলিক এলেকাৰ ২১.৬৭ শতাংশই বনাঞ্চল৷ সংৰক্ষণ, বহনক্ষম জীৱনশৈলী আৰু আদর্শ সেউজকৰণৰ মাধ্যমেৰে ভাৰতে কিদৰে জলবায়ু পৰিৱর্তনৰ সৈতে মোকাবিলা কৰাত অগ্ৰণী ভূমিকা পালন কৰি আহিছে বুলিও প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ প্ৰসংগক্ৰমে তেওঁ কয় যে বৈদ্যুতিক যানবাহন, স্মার্ট চিটী আৰু জল সংৰক্ষণত গুৰুত্ব দিয়া হৈছে৷ তেওঁ কয় যে ভাৰত আঙুলিৰ মুৰত লিখিব পৰা কেইখনমান দেশৰ অন্যতম, যিবোৰে ভূপৃষ্ঠৰ তাপমাত্রা ডিগ্রী চেলচিয়াছৰ তলত বজাই ৰাখিবলৈ পেৰিছ চুক্তিৰ উদ্দেশ্যসমূহ মানি চলিছে।

 

প্ৰধানমন্ত্রীয়ে কয় যে বন্যপ্ৰাণী সংৰক্ষণমূলক কর্মসূচীত অগ্রাধিকাৰ দিয়াৰ ফল ভাৰতে লাভ কৰিবলৈ আৰম্ভ কৰিছে। তেওঁ কয়, ২০২২ চনৰ ভিতৰত বাঘৰ সংখ্যা দুগুন কৰাৰ বাবে ধার্য কৰা লক্ষ্য ভাৰতে দুবছৰৰ পূৰ্বেই উপনীত হৈছে, ত ভাৰতত বৰ্তমান বাঘৰ সংখ্যা ২০১০ৰ ,৪১১ৰ পৰা দুগুণ বৃদ্ধি পাই ,৯৬৭ হৈছে৷সন্মিলনত উপস্থিত এনে দেশবোৰক বাদ দিও, অন্যান্য দেশক বাঘ সংৰক্ষণৰ প্ৰয়াস আৰু জোৰদাৰ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়৷ এছিয়া প্ৰজাতিৰ হাতী সংৰক্ষণত ভাৰতে গ্ৰহণ কৰা প্ৰচেষ্টাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় তুষাৰ চিতা, এছিয় প্ৰজাতিৰ সিংহ, এশিঙীয়া গড আৰু গ্রেট ইণ্ডিয়ান বাষ্টার্ড পক্ষীৰ সংৰক্ষণ আৰু সংখ্যা বৃদ্ধিতো আঁচনি ৰূপায়ণ কৰা হৈছে৷ গ্রেট ইণ্ডিয়ান বাষ্টার্ড পক্ষীৰ প্ৰতি সন্মানৰ নিদর্শনস্বৰূপজিবি দ্য গ্রেটমেছকট প্ৰস্তুত কৰা হৈছে৷

 

দক্ষিণ ভাৰতৰ পৰম্পৰাগতকোলামৰ পৰা অনুপ্রাণিত হৈ এইবাৰৰ ত্ৰয়োদশ চিঅপি সন্মিলনৰ প্ৰতীক প্ৰস্তুত কৰা হৈছে৷ এই প্ৰতীক প্ৰকৃতিৰ সৈতে সামঞ্জস্যপূর্ণ সহাৱস্থানৰ তাপর্যক প্ৰতিফলিত কৰে৷ তেওঁ কয় যে ত্ৰয়োদশ সন্মিলনৰ ভাৱনাৰ সৈতে ভাৰতৰঅতিথি দেৱ ভবঃমন্ত্রৰ আদর্শ প্ৰতিফলিত হয়।


চিঅপিৰ এই সন্মিলনৰ অহা তিনি বছৰে নেতৃত্ব পালনৰ সময়ত ভাৰতে দিয়া অগ্রাধিকাৰমুলক বিষয়বোৰৰ কথাও প্ৰধানমন্ত্রীয়ে উল্লেখ কৰে৷

পৰিভ্ৰমী পক্ষীৰ যাতায়াতৰ ক্ষেত্রত ভাৰতক মধ্য এছিয়াৰ এটা এলেকা বুলি উল্লেখ কৰি প্ৰধানমন্ত্রীয়ে কয় যে মধ্য এছিয়া অঞ্চলত পৰিভ্ৰমী পক্ষী আৰু এইবোৰ বাসস্থানৰ সুৰক্ষাত ভাৰতে মধ্য এছিয়া এলেকা সম্পূৰ্ণৰূপে পৰিভ্ৰমী পক্ষীৰ সংৰক্ষণত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক পৰিকল্পনা প্ৰস্তুত কৰিছে।মধ্য এছিয়া অঞ্চলৰ অন্যান্য দেশৰ সক্রিয় সহযোগিতাত পৰিভ্ৰমী পক্ষীৰ সংৰক্ষণত এক নতুন উচ্চতাত উপনীত হবলৈ আমি আগ্ৰহীতেওঁ কয়৷

 

প্ৰধানমন্ত্রীয়ে কয় যে আছিয়ান আৰু পূব এছিয়া দেশবোৰৰ লগত সহযোগিতা আৰু অধিক নিবিড় কৰাৰ প্ৰতি ভাৰতে প্ৰস্তাৱ দিছে৷ ভাৰতে ২০২০ সামুদ্রিক কাছ নীতি আৰু সামুদ্রিক স্থিতাৱস্থা ব্যৱস্থাপনা নীতি গ্ৰহণ কৰিব বুলি জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এই নীতিয়ে সমুদ্রত মাইক্র প্লাষ্টিকজনিত প্ৰদূষণ প্ৰতিৰোধতো কার্যকৰী ভূমিকা পালন কৰিব৷ পৰিৱেশৰ সুৰক্ষাত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকক ডাঙৰ প্ৰত্যাহ্বান হিচাপে উল্লেখ কৰি তেওঁ কয় যেভাৰতত আমি মিচন মুডৰ ভিত্তিত এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বর্জনৰ অভিযানো গ্ৰহণ কৰিছে৷

 

ভাৰতত এনে বহু সংৰক্ষিত এলেকা আছে যিবোৰৰ সীমা প্ৰতিৱেশী দেশসমূহৰ সংৰক্ষিত এলেকাৰ সৈতে সংযোগ স্থাপন হৈ আছে৷ এই প্ৰসংগত প্ৰধানমন্ত্রীয়ে কয় যে বন্যপ্রাণী সংৰক্ষণত সীমান্তৰ সুৰক্ষা নীতিয়ে ইতিবাচক ভূমিকা পালন কৰিব পাৰে৷

 

বহনক্ষম উন্নয়নৰ লক্ষ্যৰে কেন্দ্রীয় চৰকাৰৰ প্ৰতিশ্ৰুতিৰ কথা দোঁহাৰি প্ৰধানমন্ত্রীয়ে কয়,বাস্তুতান্ত্রিক দিশৰ পৰা অতি স্পর্শকাতৰ এলেকাসমূহত উন্নয়নৰ বাবে আমি যথোপযুক্ত আন্তঃগাঁথনিৰ নিৰ্দেশাৱলী গ্ৰহণ কৰিছো৷

 

সীমান্ত সংলগ্ন অৰণ্যাঞ্চলত বসবাসকৰা লাখ লাখ লোকে যৌথ বনাঞ্চল পৰিচালনা কমিটী আৰু ইক ডেভেলপমেণ্ট কমিটী গঠনৰ জৰিয়তে চামিল কৰা হৈছে৷ এই প্ৰচেষ্টাতসবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস মানসিকতাকেই প্ৰতিফলিত কৰে বুলি প্ৰধানমন্ত্রীয়ে উল্লেখ কৰে৷ তেওঁ কয় যে অৰণ্য আৰু বন্য জীৱনৰ সুৰক্ষাত সাধাৰণ মানুহৰ সক্রিয় অংশগ্ৰহণ আৰু অধিক বৃদ্ধি কৰাটোৱেই এই প্ৰচেষ্টাৰ উদ্দেশ্য৷

***

VRRK/AK/DB


(Release ID: 1603779) Visitor Counter : 113