প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ ওপৰত থকা চৰকাৰৰ আস্থাৰ আধাৰতেই খাৰিজ কৰা হৈছে ধাৰা ৩৭০
ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰত্যুত্তৰত লোকসভাত ক’লে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 06 FEB 2020 4:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ধাৰা ৩৭০ বাতিল বা খাৰিজ কৰাৰ সিদ্ধান্তই জম্মু-কাশ্মীৰৰ সৈতে দেশৰ অন্যান্য প্ৰান্তৰ এক সু-সংহতি স্থাপন কৰিছে।

শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা ভাষণৰ ধন্যবাদসূচক প্ৰত্যুত্তৰ প্ৰদান কৰি এক নাতিদীৰ্ঘ ভাষণ আগবঢ়ায়।

প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰক ভাৰতৰ মুকুট বা শিৰোধান বুলি উল্লেখ কৰে আৰু তেওঁ কয় যে জম্মু-কাশ্মীৰৰ প্ৰকৃত পৰিচয় হৈছে যে ই সকলো ধৰ্মীয় বিশ্বাস তথা ইয়াৰ ছুফী পৰম্পৰাৰ প্ৰতি এক সমদৰ্শী মনোভাৱ ৰাখে।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই অঞ্চলটোক পিছপৰি থাকিবলৈ দিব নোৱাৰি আৰু কেৱল বন্দুক, বোমা-বাৰুদ, সন্ত্ৰাস আৰু বিচ্ছিন্নতাবাদৰ মাজত অঞ্চলটোক পৰি থাকিবলৈ দিবও নোৱাৰি।

১৯৯০ চনৰ ১৯ জানুৱাৰীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে জম্মু-কাশ্মীৰৰ পৰা উচ্ছেদ কৰাৰ বাবে বহু লোকে নিজ পৰিচয় হেৰুৱাবলগীয়া হৈছিল।

তেওঁৰ নাতিদীৰ্ঘ ভাষণত প্ৰধানমন্ত্ৰীয়ে এই অঞ্চৱটোৰ সাম্প্ৰতিক পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰে আৰু কয় যে জম্মু-কাশ্মীৰৰ জনতাৰ ওপৰত থকা বিশ্বাস আৰু আস্থাৰ ভিত্তিতেই ধাৰা ৩৭০ খাৰিজ কৰা হৈছে আৰু ইয়াৰ ফলতেই সম্প্ৰতি অঞ্চলটোত ক্ষীপ্ৰতাৰে উত্তৰণ সম্ভৱপৰ হৈছে।

প্ৰধানমন্ত্ৰীয়ে লগতে কয়, এই অঞ্চলটোত আৰোপ কৰা বাধা-নিষেধাজ্ঞাবোৰ সম্প্ৰতি আঁতৰোৱা হৈছে আৰু কেন্দ্ৰীয় শাসিত অঞ্চলটোলৈ বিভিন্ন সময়ত বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰীয়ে ভ্ৰমণ কৰিছে, আৰু ইয়াৰ জৰিয়তে তাৰ জনসাধাৰণৰ পৰা প্ৰত্যক্ষভাৱে মতামত গ্ৰহণ কৰিব পৰা গৈছে, আৰু এই মতামতবোৰৰ ভিত্তিতে চৰকাৰে নিশ্চিতভাৱে কাৰ্যপন্থা হাতত ল’ব।

প্ৰধানমন্ত্ৰীয়ে কয় যে জম্মু-কাশ্মীৰৰ জনতাৰ কল্যাণৰ বাবে কাম কৰিবলৈ আৰু অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ বাবে তেওঁৰ চৰকাৰ বদ্ধপৰিকৰ।

প্ৰধানমন্ত্ৰীয়ে কয় যে লাডাখক কাৰ্বন নিউট্ৰেল ইউনিয়ন টেৰিটৰী হিচাপে উন্নীত কৰা হ’ব।


(रिलीज़ आईडी: 1602873) आगंतुक पटल : 311
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada