প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ছুলতান কাবুছ বিন ছায়েদ আল ছায়েদৰ দেহাৱসানত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

Posted On: 11 JAN 2020 8:59AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছুলতান কাবুছ বিন ছায়েদ আল ছায়েদৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে৷

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ শোকবাৰ্তাত এইদৰে কয়, ‘‘মই ছুলতান কাবুছ বিন ছায়েদ আল ছায়েদৰ দেহাৱসানত অত্যন্ত মৰ্মাহত হৈছো৷ তেওঁ আছিল এজন দূৰদৰ্শী নেতা আৰু ওমানক আধুনিক ৰাষ্ট্ৰলৈ পৰিণত কৰাত অগ্ৰদূতৰ ভূমিকা গ্ৰহণ কৰিছিল৷ তেওঁ বিশ্বত শান্তিদূতৰো ভূমিকা পালন কৰিছিল৷

ছুলতান কাবুছ বিন ছায়েদ আল ছায়েদ আছিল ভাৰতৰ এজন প্ৰকৃত বন্ধু আৰু ভাৰত তথা ওমানৰ মাজত কৌশলগত সম্পৰ্ক বৃদ্ধি কৰাত তেওঁ শক্তিশালী ভূমিকা পালন কৰিছিল৷ মই সদায়েই তেওঁৰ মৰম আৰু স্নেহ সোঁৱৰণ কৰিম৷ তেওঁৰ আত্মাই শান্তি পাওক৷’’

****

VRRK/KP/MANN



(Release ID: 1601075) Visitor Counter : 95