কেবিনেট

অপৰাধমূলক কাৰ্যকলাপৰ ক্ষেত্ৰত পাৰস্পৰিক আইনী সাহায্যৰ বাবে ভাৰত আৰু ব্ৰাজিলৰ মাজত সম্পন্ন হোৱা বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন প্ৰদান

Posted On: 22 JAN 2020 3:38PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ভাৰত আৰু ব্ৰাজিলৰ মাজত অপৰাধমূলক কাৰ্যকলাপৰ ক্ষেত্ৰত পাৰস্পৰিক আইনী সাহায্যৰ বাবে সম্পন্ন হোৱা বুজাবুজিৰ চুক্তিপত্ৰত অনুমোদন জনাইছে৷

এই চুক্তিপত্ৰখনৰ দ্বাৰা দুয়োখন দেশৰ মাজত অপৰাধমূলক কাৰ্যকলাপসমূহত পাৰস্পৰিক আইনী সাহায্য তথা সহযোগিতা বৃদ্ধি পাব৷ দুয়োখন দেশত বহুজাতিক অপৰাধ তথা ইয়াৰ সৈতে জড়িত সন্ত্ৰাসবাদক ৰোধ কৰিবলৈ এই চুক্তিপত্ৰৰ জৰিয়তে এক আইনী পৰিকাঠামো প্ৰস্তুত কৰা হব৷

 

*******

VRRK/SC/MANN


(Release ID: 1600776)