কেবিনেট

কেবিনেটৰ অন্য দেশৰ সৈতে নাবিকসকলৰ ক্ষমতা প্ৰমাণপত্ৰৰ একপক্ষীয়/দ্বিপক্ষীয় স্বীকৃতিৰ বাবে আদৰ্শ বুজাবুজিৰ চুক্তিত অনুমোদন প্ৰদান

Posted On: 22 JAN 2020 3:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে নাবিকসকলৰ বাবে প্ৰশিক্ষণ, স্বীকৃতিকৰণ তথা নিৰীক্ষণ মানক (এছটিচিডব্লিউ),১৯৭৮ত আন্তৰ্জাতিক সন্মিলনৰ অধিনিয়ম ১/১০ৰ অনুৰূপ প্ৰমাণপত্ৰৰ একপক্ষীয়/দ্বিপক্ষীয় মান্যকৰণৰ বাবে আদৰ্শ বুজাবুজাৰ চুক্তিপত্ৰত অনুমোদন প্ৰদান কৰিছে৷ এই বুজাবুজিৰ চুক্তিপত্ৰত নৌপৰিবহণ মন্ত্ৰালয়ৰ মন্ত্ৰী তথা বিদেশ মন্ত্ৰীৰ অনুমতি সাপেক্ষে নৌপৰিবহণৰ ভাৰত চৰকাৰৰ সঞ্চালক প্ৰধানে অন্য দেশৰ নিজৰ সমকক্ষ ব্যক্তিসকলৰ সৈতে স্বাক্ষৰ কৰিব৷

লাভসমূহঃ

এই একপক্ষীয় বুজাবুজিৰ চুক্তিপত্ৰৰ দ্বাৰা ভাৰতীয় নাবিকসকলক নৌপৰিবহণৰ সঞ্চালক প্ৰধানৰ দ্বাৰা জাৰী কৰা প্ৰমাণপত্ৰসমূহে আন দেশৰ পৰা একপক্ষীয় মান্যতা প্ৰাপ্তি সহায় লাভ কৰিব৷ ইয়াৰ জৰিয়তে ভাৰতীয় নাবিকসকলৰ উপাৰ্জনৰ বাবে আন দেশৰ পতাকাৰ অধীনত ভ্ৰমণ কৰিব পাৰিব আৰু তেওঁলোকৰ উপাৰ্জনো বৃদ্ধি হব৷ প্ৰস্তাৱিত দ্বিপক্ষীয় বুজাবুজিৰ চুক্তিপত্ৰৰ দ্বাৰা ভাৰত আৰু যিসমূহ দেশৰ মাজত এই চুক্তিপত্ৰ স্বাক্ষৰিত হৈছে, এছটিচিডব্লিউৰ অধিনিয়ম ১/১০ৰ ব্যৱস্থাপনা অনুসৰি নিজৰ নিজৰ দেশৰ নাবিকসকলক প্ৰদান কৰা সামুদ্ৰিক শিক্ষা তথা প্ৰশিক্ষণ, দক্ষতাৰ প্ৰমাণপত্ৰ, অনুমোদন, প্ৰশিক্ষণৰ প্ৰমাণীকৰণ দস্তাবেজ, মেডিকেল ফিটনেছৰ প্ৰমাণপত্ৰক স্বীকৃতি প্ৰদানত সক্ষম হব৷ 

**********

VRRK/SC/MANN



(Release ID: 1600775) Visitor Counter : 79