কেবিনেট

নিৰ্বাচনী ব্যৱস্থাপনা তথা প্ৰশাসনীয় ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে ভাৰত, টুনিছিয়া আৰু পাপুৱা নিউ গিনিৰ নিৰ্বাচনী আয়োগৰ মাজত সম্পন্ন হোৱা বুজাবুজিৰ চুক্তিপত্ৰত কেবিনেটৰ অনুমোদন

পোষ্ট কৰা হৈছে: 22 JAN 2020 3:40PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে নিৰ্বাচনী ব্যৱস্থাপনা তথা প্ৰশাসনীয় ক্ষেত্ৰত সহযোগিতাৰ বাবে টুনিছিয়াৰ স্বতন্ত্ৰ নিৰ্বাচনী প্ৰাধিকৰণ তথা পাপুৱা নিউ গিনিৰ নিৰ্বাচন আয়োগৰ সৈতে বুজাবুজিৰ চুক্তিপত্ৰ সম্পন্ন কৰাৰ বাবে ভাৰতৰ নিৰ্বাচনীক আয়োগক অনুমতি প্ৰদানৰ পৰিপ্ৰেক্ষিতত বিধায়িনী বিভাগক অনুমোদন প্ৰদান কৰিছে৷

প্ৰভাৱঃ

এই বুজাবুজিৰ চুক্তিপত্ৰৰ দ্বাৰা নিৰ্বাচনী ব্যৱস্থাপনা তথা প্ৰশাসনৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে টুনিছিয়াৰ স্বতন্ত্ৰ নিৰ্বাচনী উচ্চ প্ৰাধিকৰণ তথা পাপুৱা নিউ গিনিৰ নিৰ্বাচন আয়োগৰ বাবে প্ৰযুক্তিগত সাহায্য/দক্ষতা প্ৰস্তুত কৰাৰ উদ্দেশ্যে দ্বিপাক্ষিক সহযোগিতা সম্প্ৰসাৰিত হব৷ লগতে, নিৰ্বাচনী ব্যৱস্থাপনা তথা প্ৰশাসনৰ ক্ষেত্ৰতো সহযোগিতা বৃদ্ধি হব আৰু সম্বন্ধীয় দেশসমূহৰ নিৰ্বাচন সঞ্চালনত এনে সংস্থাসমূহ সৱলীকৃত হব৷ ইয়াৰ পৰিণামস্বৰূপে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সম্বন্ধ শক্তিশালী হব৷

পৃষ্ঠভূমিঃ

ভাৰতীয় নিৰ্বাচন আয়োগে চুক্তিপত্ৰত কৰা স্বাক্ষৰৰ জৰিয়তে বিশ্বৰ কিছুমান দেশ তথা এজেন্সীৰ সৈতে নিৰ্বাচনৰ সৈতে জড়িত বিষয় তথা নিৰ্বাচনী প্ৰক্ৰিয়াত সহযোগিতা প্ৰদান কৰি আহিছে৷ নিৰ্বাচন আয়োগ এক সাংবিধানিক সংস্থা যি বিশ্বৰ সবাতোকৈ বৃহৎ নিৰ্বাচন অভিযান সঞ্চালন কৰে৷ বিভিন্ন সামাজিক-ৰাজনৈতিক তথা আৰ্থিক পৃষ্ঠভূমিৰ প্ৰায় ৮৫ কোটি মতদাতাৰ দেশত স্বতন্ত্ৰ আৰু নিৰপেক্ষভাৱে নিৰ্বাচন আয়োজন কৰাটোৱেই নিৰ্বাচন আয়োগৰ কৰ্তব্য৷ আজি ভাৰতক বিশ্বৰ সবাতোকৈ বৃহৎ গণতান্ত্ৰিক দেশ হিচাপে গণ্য কৰা হয়৷ ভাৰতৰ গণতন্ত্ৰৰ সাফল্যৰ দ্বাৰা প্ৰায় অধিকাংশ ৰাজনৈতিক প্ৰণালীৰ ধ্যান আকৰ্ষিত হৈছে৷

*******

VRRK/SC/MANN


(ৰিলিজ আই ডি : 1600774) অতিথি কক্ষ : 161