কেবিনেট
কেবিনেটে দাদৰ আৰু নগৰ হাভেলী তথা দমন আৰু ডিউৰ একত্ৰীকৰণৰ প্ৰতি দৃষ্টি ৰাখি পণ্য সামগ্ৰী আৰু সেৱা কৰ, মূল্য সংযোজিত কৰক আৰু আবকাৰী কৰৰ আইনসমূহৰ সংশোধন/সম্প্ৰসাৰণ/বিলোপন কৰাৰ বাবে অনুমতি প্ৰদান কৰিছে
Posted On:
22 JAN 2020 3:31PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে পণ্য সামগ্ৰী আৰু সেৱা কৰ (জিএছটি), মূল্য সংযোজিত কৰ (ভেট) আৰু আবকাৰী কৰ সম্বন্ধীয় নিম্নোল্লিখিত আইন আৰু নিয়ামকসমূহৰ সংশোধন/সম্প্ৰসাৰণ/বিলোপন কৰাৰ বাবে দমনক মুখ্য কাৰ্যালয়ৰ ৰূপত স্বীকৃতি দিয়াৰ বাবে অনুমোদন প্ৰদান কৰিছে-
১. কেন্দ্ৰীয় পণ্য সামগ্ৰী আৰু সেৱা কৰ আইন, ২০১৭ (২০১৭ৰ সংখ্যা ১২)ক কেন্দ্ৰীয় পণ্য সামগ্ৰী আৰু সেৱা কৰ (সংশোধন) আইন, ২০২০ৰ ৰূপত সংশোধিত কৰা হ’ব৷
২. কেন্দ্ৰীয় শাসিত প্ৰদেশ পণ্য সামগ্ৰী আৰু সেৱা কৰ আইন, ২০১৭ (২০১৭ৰ সংখ্যা ১৪)ক কেন্দ্ৰীয় শাসিত প্ৰদেশ পণ্য সামগ্ৰী আৰু সেৱা কৰ আইন (সংশোধন),২০২০ৰ ৰূপত সংশোধিত কৰা হ’ব৷
৩. দাদৰ আৰু নগৰ হাভেলী মূল্য সংযোজিত কৰ আইন, ২০০৫ (২০০৫ৰ সংখ্যা ২)ক দাদৰ আৰু নগৰ হাভেলী মূল্য সংযোজিত কৰ আইন (সংশোধন), ২০২০ৰ ৰূপত সংশোধিত কৰা হ’ব৷
৪. দমন আৰু ডিউ মূল্য সংযোজিত কৰ আইন ২০০৫ (২০০৫ৰ সংখ্যা ১)ক বিলোপন কৰি সেই স্থানত দমন আৰু ডিউ মূল্য সংযোজিত কৰ (বিলোপন) আইন, ২০২০ক স্থাপন কৰা হ’ব৷
৫. গোৱা, দমন আৰু ডিউ আবকাৰী কৰ আইন, ১৯৬৪ (১৯৬৪ৰ সংখ্যা ৫)ৰ দাদৰ আৰু নগৰ হাভেলী তথা দমন আৰু ডিউ আবকাৰী কৰ (সংশোধন) আইন, ২০২০ৰ ৰূপত সংশোধিত কৰা হ’ব৷
৬. দাদৰ আৰু নগৰ হাভেলী আবকাৰী কৰ আইন, ২০১২ (২০১২ৰ সংখ্যা ১)ৰ বিলোপন কৰি সেই স্থানত দাদৰ আৰু নগৰ হাভেলী আবকাৰী কৰ (বিলোপন) আইন, ২০২০ স্থাপন কৰা হ’ব৷
৭. দমনক কেন্দ্ৰীয় শাসিত প্ৰদেশ দাদৰ আৰু নগৰ হাভেলী তথা দমন আৰু ডিউৰ মুখ্য কাৰ্যালয় হিচাপে বিবেচনা কৰা হ’ব৷
এই সংশোধনসমূহৰ দ্বাৰা ‘ন্যূনতম চৰকাৰ অধিকতম শাসন’ প্ৰতিষ্ঠাপিত হোৱাত সহায়ক হ’ব৷ ইয়াৰ জৰিয়তে জিএছটি, ভেট আৰু ৰাজ্য আবকাৰী কৰ সম্বন্ধীয় আইনসমূহত অধিক সমতা স্থাপনত সহায়ক হ’ব৷ ইয়াৰ জৰিয়তে বকেয়া ৰাশিৰ সংগ্ৰহসহিতে জিএছটি কৰ, ভেট আৰু ৰাজ্য আবকাৰী কৰৰ আইনী জটিলতাসমূহ নোহোৱা হ’ব৷
**********
VRRK/SC/MANN
(Release ID: 1600772)
Visitor Counter : 109